ETV Bharat / sports

MI vs GT match: দ্বিতীয়বাৰলৈ আই পি এলৰ ফাইনেলত গুজৰাট; ষষ্ঠবাৰ আই পি এলৰ খিতাপ দখলৰ সপোন ভংগ মুম্বাইৰ - IPL 2023 highest scoring player

আই পি এল 2023 ৰ ফাইনেলত প্ৰবেশ গুজৰাট টাইটানছৰ । মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰ মেচত 62 ৰাণত জয়লাভ গুজৰাটৰ । ফাইনেলত মুখামুখি হ'ব গুজৰাট আৰু চেন্নাই (IPL 2023 MI vs GT match report ) ।

MI vs GT match
MI vs GT match
author img

By

Published : May 27, 2023, 1:06 AM IST

নিউজ ডেস্ক, 26 মে': ষষ্ঠবাৰলৈ আই পি এল জয়ৰ সপোন বাস্তবায়িত কৰাত বিফল হ'ল মুম্বাই ইণ্ডিয়ানছ । শুকুৰবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰ মেচত 62 ৰাণত পৰাস্ত হয় ৰোহিত বাহিনী । ইফালে মুম্বাইক পৰাস্ত কৰি দ্বিতীয়বাৰলৈ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিলে হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছে । ফাইনেলত গুজৰাট পুনৰ মুখামুখি হ'ব কোৱালিফায়াৰ 1 ত তেওঁলোকক পৰাস্ত কৰা চেন্নাই ছুপাৰ কিংছৰ (GT beats MI by 62 runs)।

শুকুৰবাৰৰ খেলখনত টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহতি শৰ্মাই । গুজৰাটৰ হৈ বেটিং কৰিবলৈ অহা ঋদ্ধিমান সাহা আৰু শুভমন গিলে সুন্দৰ আৰম্ভণি কৰে । দলৰ স্কৰ 54 হোৱা অৱস্থাত 18 ৰাণ কৰি পেভিলিয়ন মুখি হয় সাহা । কিন্তু গিল আৰু সুদৰ্শনে বিস্ফোৰক বেটিঙেৰে ধৰাশায়ী কৰে মুম্বাইৰ বলাৰসকলক । সুদৰ্শনে 31 বলত 43 ৰাণ কৰি আঘাতৰ বাবে খেলপথাৰৰ পৰা বাহিৰ হ'বলগীয়া হয় (IPL 2023 MI vs GT match report) ।

ইফালে বেটিঙৰ যাদু দেখুৱাই গিলে 60 টা বলত 129 ৰাণ সংগ্ৰহ কৰে । আই পি এল 2023 ত এখন খেলত সৰ্বাধিক ব্যক্তিগত ৰাণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় শুভমন গিল । ইফালে টুৰ্ণামেন্টৰ এইটো চীজনত বৰ্তমানলৈকে 16 খন মেচ খেলি 851 ৰাণ সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে গিল । 17 খন মেচ খেলি 863 ৰাণ সংগ্ৰহ কৰি প্ৰথম স্থানত তথা অৰেঞ্জ কেপ দখল কৰিছে জচ বাটলাৰে (IPL 2023 highest scoring player)।

সুদৰ্শন বাহিৰ হোৱাৰ পিচত ক্ৰীজলৈ অহা হাৰ্দিক পাণ্ডিয়াই 28 ৰাণ কৰে । গিলৰ 129 ৰাণৰ বিস্ফোৰক ইনিংছটোত আছিল 7 টা চাৰি আৰু 10 টা ছিক্সাৰ । বৰ্তমানলৈকে গুজৰাটৰে দুজন খেলুৱৈয়ে আই পি এল 2023 ত এখন মেচত সৰ্বাধিক দহটা ছিক্সাৰ কোবাইছে । তেওঁলোক দুজন ক্ৰমে ৰছিদ খান আৰু শুভমন গিল । নিৰ্ধাৰিত 20 অভাৰত 3 উইকেটৰ বিনিময়ত 233 ৰাণ সংগ্ৰহ কৰে গুজৰাট টাইটানছে (IPL 2023 news)।

দ্বিতীয় ইনিংছত 234 ৰাণৰ বিশাল লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা মুম্বাই ইণ্ডিয়ানছৰ বেটিং প্ৰদৰ্শন আছিল প্ৰথমৰ পৰাই দুৰ্বল । কেমেৰুণ গ্ৰীণৰ 30, সূৰ্যকুমাৰ যাদৱৰ 61, তিলক বাৰ্মাৰ 43 ৰাণ বাহিৰে বাকী আটাইকেইজন বেটমেনে দহকৰ ঘৰত ৰাণ কৰাত ব্যৰ্থ হয় । ফলত 18.2 অভাৰত 171 ৰাণত অল আউট হয় মুম্বাই । গুজৰাটৰ মোহিত শৰ্মাই মাত্ৰ 10 ৰাণৰ বিনিময়ত 5 টা উইকেট দখল কৰে ।

এই পৰাজয়ৰ লগে লগে মুম্বাই ইণ্ডিয়ানছৰ ষষ্ঠ বাৰলৈ আই পি এলৰ খিতাপ জয়ৰ আশা ভংগ হয় । অহা দেওবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতে চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ'ব আই পি অল 2023 ৰ ফাইনেল খেলখন (IPL 2023 final) ।

লগতে পঢ়ক: Asia Cup 2023 : IPLৰ ফাইনেলৰ পাচতে লোৱা হ'ব এছিয়া কাপৰ স্থানৰ ওপৰত চূড়ান্ত সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.