ETV Bharat / sports

ক’ভিড ১৯ত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কিৰণ ম'ৰে - কৰ'ণা ভাইৰাছৰ উপস্থিতি

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কিৰণ ম'ৰেৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । মুম্বাই ইণ্ডিয়ানছৰ তৰফৰ পৰা এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰা হৈছে । বিবৃতিটোত কোৱা হৈছে যে, মুম্বাই ইণ্ডিয়ানছৰ চিকিৎসকৰ দলে কিৰণ ম'ৰেৰ স্বাস্থ্য সন্দৰ্ভত নিৰীক্ষণ কৰি থাকিব । লগতে বি চি চি আইৰ প্ৰট'কলো মানি চলিব ।

COVID-১৯ত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কিৰণ ম'ৰে

author img

By

Published : Apr 6, 2021, 5:00 PM IST

স্পৰ্টছ ডেস্ক, ৬ এপ্ৰিল : ক’ভিড ১৯ত আক্ৰান্ত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটকীপাৰ তথা বৰ্তমান মুম্বাই ইণ্ডিয়ানছৰ উইকেটকীপিঙৰ পৰামৰ্শদাতা কিৰণ ম'ৰে । মঙলবাৰে আই পি এল ফ্ৰেঞ্চাইজিয়ে এই কথা প্ৰকাশ কৰে । মুম্বাই ইণ্ডিয়ানছৰ তৰফৰ পৰা এক বিবৃতিযোগে প্ৰকাশ কৰা হৈছে যে, কিৰণ ম'ৰে মহামাৰীত আক্ৰান্ত হৈছে আৰু বৰ্তমান আইছ'লেছনত আছে ।

ম'ৰেই ক’ভিড ১৯ত আক্ৰান্ত হৈছে যদিও তেওঁৰ দেহত মহামাৰীৰ লক্ষণে এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই । লগতে মুম্বাই ইণ্ডিয়ানছ আৰু কিৰণ ম'ৰেই বি চি চি আইৰ সকলো স্বাস্থ্য বিধি মানি চলি আছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে । মুম্বাই ইণ্ডিয়ানছৰ চিকিৎসকৰ দলে কিৰণ ম'ৰেৰ স্বাস্থ্যৰ অৱস্থা সময়ে সময়ে পৰ্যবেক্ষণ কৰি থাকিব ।

খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলৰ ভিতৰত, দিল্লী কেপিটেলছৰ অলৰাউণ্ডাৰ অক্সাৰ পেটেলো মহামাৰীত আক্ৰান্ত হৈছে আৰু আইছ'লেছনত আছে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ অপেনাৰ দেৱদত্ত পড়িক্কল বৰ্তমান হোম আইছ'লেছনত আছে ।

বাংগালুৰুত শিবিৰত যোগদান কৰাৰ আগতে তেওঁ ক’ভিড ১৯ত আক্ৰান্ত হোৱা কথা পোহৰলৈ আহে । উল্লেখ্য যে, ভাৰতত বৰ্তমান ক’ভিড ১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু মহাৰাষ্ট্ৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি মহামাৰী সংক্ৰমিত ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক:বাতিল হ’ব পাৰে ফ্ৰেন্স অপেন: ক্ৰীড়া মন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.