স্প’ৰ্টছ ডেস্ক, 27 মাৰ্চ: শনিবাৰৰ পৰা আৰম্ভ হৈছে চলিত বছৰৰ আইপিএল-2022 ৷ চলিত ছিজনৰ অভিষেক মেচখনতে পৰাজয়ৰ সন্মুখীন হৈছে চেন্নাই চুপাৰ কিংছ দলটো ৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন মেচতে পৰাজয় স্বীকাৰ কৰে দলটোৱে (CSK lose first match in IPL 2022) ৷ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আজিংক্যে ৰাহানেয়ে সংগ্ৰহ কৰা 44 ৰাণৰ বাবে অথলে যায় চেন্নাই চুপাৰ কিংছৰ মহেন্দ্ৰ সিং ধোনীয়ে সংগ্ৰহ কৰা অৰ্ধশতক ৷
132 ৰাণৰ টাৰ্গেট অনুসৰণ কৰি খেলপথাৰত নমা কলকতা নাইট ৰাইডাৰ্চৰ অপেনাৰদ্বয় ৰাহানে আৰু ভেংকটেশ আয়াৰে সুন্দৰ আৰম্ভণিৰে পাৱাৰ প্লে’ত সংগ্ৰহ কৰে 43 ৰাণ ৷ কিন্তু ইয়াৰ পাচতে ডুৱাইন ব্ৰাভ’ৰ বলত ধোনীৰ হাতত কেটচ দি পেভিলিয়নমুখী হয় আয়াৰ ৷ ইয়াৰ পাচতে ৰাহানে আৰু নীতিশ ৰাণাই দ্বিতীয় উইকেটৰ যুটিত সংগ্ৰহ কৰে 21 ৰাণ ৷ 76 ৰাণত ৰাণা আউট হোৱাৰ পাচত কলকতা দলে 11.4 অভাৰত 87 ৰাণত ৰাহানেৰ উইকেট হেৰুৱায় ৷
ইয়াৰ পাচতে শ্ৰেয়াচ আয়াৰ আৰু চেম বিলিঙচে দলীয় স্ক’ৰ 123 লৈ আগবঢ়াই নিয়ে ৷ ব্ৰাভ’ৰ বলত বিলিংচ আউত হোৱাৰ পাচত শ্ৰেয়াচ আৰু শ্বেলডোন জেকচনে 6 উইকেটত জয়লাভ কৰে ৷
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ধোনীৰ 50 ৰাণৰ সহায়ত কলকতা নাইট ৰাইডাৰ্চক 132 ৰাণ লক্ষ্য বান্ধি দিছিল চেন্নাই চুপাৰ কিংছে ৷ কিন্তু অথলে গ’ল ধোনীৰ অৰ্ধশতক ৷ পৰৱৰ্তী খেল খনত 31 মাৰ্চত লক্ষ্ণৌ চুপাৰ জায়েন্টচৰ মুখামুখি হ’ব চেন্নাই দল ৷ ইফালে 30 মাৰ্চত ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্চ ৷
শনিবাৰৰ মেচখনৰ সংক্ষিপ্ত স্ক'ৰ :
চেন্নাই চুপাৰ কিংছ (ধোনী 50*, জাদেজা 26*; উমেশ যাদৱ 2/20)
কলকাতা নাইট ৰাইডাৰ্ছ 133/4 (ৰাহানে 44, বিলিংছ 25; ব্ৰাভো 3/20)