ETV Bharat / sports

আজিৰ মেচত অপ্ৰতিৰোধ্য মুম্বাইৰ বিৰুদ্ধে কলকাতা - শ্বেইখ জায়েদ ষ্টেডিয়াম

আইপিএলৰ আজিৰ মেচত মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ ৷ পইন্ট তালিকাত মুম্বাই দলে দ্বিতীয় স্থান অধিকাৰ কৰাৰ পৰিৱৰ্তে কলকাতা আছে চতুৰ্থ স্থানত ৷

আজিৰ মেচত অপ্ৰতিৰোধ্য মুম্বাইৰ বিৰুদ্ধে কলকাতা
মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
author img

By

Published : Oct 16, 2020, 2:29 PM IST

স্পৰ্টছ ডেস্ক, 16 অক্টোবৰ : চলিত বৰ্ষৰ আইপিএলত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ (MI) ফৰ্মত থকাৰ লগতে পইন্ট তালিকাৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে ৷ দলটোৱে 7 খন মেচৰ 5 খনতে জয় সাব্য়স্ত কৰি 10 পইন্ট সংগ্ৰহ কৰিছে ৷ আজিৰ মেচত দলটোৱে কলকাতা নাইট ৰাইডাৰ্ছৰ (KKR) বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷

আজিৰ মেচত অপ্ৰতিৰোধ্য মুম্বাইৰ বিৰুদ্ধে কলকাতা
মুম্বাই ইণ্ডিয়ানছ

চলিত ছিজনৰ অন্তিমবাৰ দুই দলৰ মুখামুখিত মুম্বাই দলে শ্বেইখ জায়েদ ষ্টেডিয়ামত 49 ৰাণত পৰাস্ত কৰিছিল কলকাতা দলক ৷

ধাৰাবাহিক ভাল প্ৰদৰ্শনেৰে মুম্বাই দল এই বছৰৰ 'ফেভাৰেট' হিচাপে পৰিগণিত হৈছে ৷ দলটোৱে বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন কৰাৰ লগতে যিকোনো পৰিস্থিতিতে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷

কলকাতা নাইট ৰাইডাৰ্ছ

টপ অৰ্ডাৰত অধিনায়ক ৰোহিত আৰু কুইন্টন ডি ককৰ লগতে মিডল অৰ্ডাৰত শক্তিশালী বেটিং অব্যাহত ৰাখিছে সূৰ্যকুমাৰ যাদৱ আৰু ইশান কিশানে ৷ ইয়াৰোপৰি, লৱাৰ মিডল অৰ্ডাৰতো আছে বিস্ফোৰক বেটছমেন ক্ৰুনাল পাণ্ডিয়া, কেইৰন পোলাৰ্ড আৰু হাৰ্ডিক পাণ্ডিয়া ৷

ইয়াৰোপৰি, বলিঙত ট্ৰেন্ট বল্ট, জছপ্ৰীত বুমৰাহ আৰু জেমছ পেটিনছনে দূৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ মেচৰ অতি গুৰুত্বপূৰ্ণ মূহুৰ্তত এই ত্ৰিমূৰ্তিয়ে দলৰ জয়ত গুৰুত্বপূৰ্ণ অৰিহনা যোগাই আহিছে ৷ আনহাতে, স্পীনত ৰাহুল চাহাৰ আৰু ক্ৰুনালে দলৰ দায়িত্ব গ্ৰহণ কৰিব ৷

জছপ্ৰীত বুমৰাহ

আনহাতে, কলকাতা দলে সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ বিশেষকৈ দলটোৰ বেটছমেনসকলে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পৰা নাই ৷ মিডল অৰ্ডাৰত আন্দ্ৰে ৰাছেলৰ দৰে বেটছমেন থাকিলেও 7 খন মেচত কেৱল 71 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰোপৰি দলটোত আছে শুভমন গিল, ইয়ন মৰ্গান, নিতীশ ৰানা আৰু অধিনায়ক দিনেশ কাৰ্তিক ৷ কিন্তু আটাইকেইগৰাকী খেলুৱৈয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পৰা নাই ৷

কেইৰন পোলাৰ্ড

বেটিঙৰ তুলনাত কলকাতাৰ বলিং উন্নত ৷ প্ৰসিদ্ধ কৃষ্ণ, পেট কামিনছ, বৰুণ চক্ৰৱৰ্তী আৰু কে. নাগাৰকোটিৰ প্ৰদৰ্শনো সাধাৰণ ৷

স্কোৱাড :

মুম্বাই ইণ্ডিয়ানছ : ৰোহিত শৰ্মা, আদিত্য তাৰে, অনমোলপ্ৰীত সিং, অনুকূল ৰয়, ক্ৰিছ লিন, ধৱল কুলকাৰ্নী, দিগ্বিজয় দেশমুখ, হাৰ্ডিক পাণ্ডিয়া, ইশান কিশান, জেমছ পেটিনছন, জছপ্ৰীত বুমৰাহ, জয়ন্ত যাদৱ, কেইৰন পোলাৰ্ড, ক্ৰূনাল পাণ্ডিয়া, মিটচেল মেকক্লেনাঘান, মহছিন খান, নাথান কল্টাৰ নাইল, প্ৰিন্স বলৱন্ত ৰায়, কুইন্টন ডি কক, ৰাহুল চাহাৰ, সৌৰভ তিৱাৰী, শ্বেৰফানে ৰুদাৰফৰ্ড, সূৰ্যকুমাৰ যাদৱ, ট্ৰেন্ট বল্ট ৷

কলকাতা নাইট ৰাইডাৰ্ছ : দিনেশ কাৰ্তিক, ইয়ন মৰ্গান, নিতীশ ৰানা, ৰাহুল ত্ৰিপাঠী, ৰিংকু সিং, শুভমান গিল, সিদ্ধেশ লাড, আলি খান, কমলেশ নাগাৰকোটি, কুলদ্বীপ যাদৱ, লকি ফাৰ্গুছন, পেট কামিনছ, প্ৰসিদ্ধ কৃষ্ণ, সন্দীপ ৱেৰিয়ৰ, শিৱম মাবী, বৰুণ চক্ৰৱৰ্তী, আন্দ্ৰে ৰাছেল, ক্ৰিছ গ্ৰীন, এম. সিদ্ধাৰ্থ, সুনীল নাৰায়ন, নিখিল নায়ক, টম বেন্টন ৷

লগতে পঢ়ক : ইউৰোপীয়ান ভ্ৰমণৰ পূৰ্বে ক'ভিডত আক্ৰান্ত লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.