ETV Bharat / sports

আইপিএল 2020 : দিল্লী কেপিটেলছৰ বিৰুদ্ধে কিংছ ইলেভেন পাঞ্জাৱ

author img

By

Published : Oct 20, 2020, 1:34 PM IST

আইপিএলৰ 38 সংখ্যক মেচত আজি মুখামুখি হ'ব দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷ পইন্ট তালিকাৰ শীৰ্ষ স্থানত দিল্লী থকাৰ বিপৰীতে সপ্তম স্থানত ৰৈছে ৷

আইপিএল 2020
দিল্লী কেপিটেলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ : আইপিএলৰ 38 সংখ্যক মেচত আজি মুখামুখি হ'ব দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক (MI) দুটাকৈ ছুপাৰ অ'ভাৰৰ জৰিয়তে পৰাস্ত কৰাৰ পাচত উদ্যম ঘূৰাই পোৱা পাঞ্জাৱ দলে দিল্লী কেপিটেলছক পৰাস্ত কৰাৰ লগতে প্লে' অফত স্থান দখল কৰাৰ চেষ্টা কৰিব ৷

আইপিএল 2020
দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পাঞ্জাৱৰ মুখামুখি

কে. এল. ৰাহুলৰ নেতৃত্বত পাঞ্জাৱ দলে মুম্বাইৰ বিৰুদ্ধে যুঁজত জয়ী হৈ আত্মবিশ্বাসী হৈ উঠিছে ৷ আনহাতে, আত্মবিশ্বাসী হৈ আছে বৰ্তমান 14 পইন্টেৰে পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰা শ্ৰেয়াস আয়াৰ বাহিনীয়ে ৷

অধিনায়ক ৰাহুল আৰু অপেনাৰ মায়ংক আগৰৱালৰ বাহিৰে অন্য খেলুৱৈসকলে দলৰ বাবে ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাই ৷ কিন্তু দলৰ একাদশত ক্ৰিছ গেইলৰ উপস্থিতিয়ে নিশ্চয়কৈ দলটোৰ শক্তি বৃদ্ধি কৰিছে ৷ আনহাতে, বৰ্তমানেও ভাল প্ৰদৰ্শন কৰিব পৰা নাই ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰান আৰু অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে ৷

বলিঙৰ ক্ষেত্ৰতো দলটোৱে একে সমস্যাত পৰিছে ৷ মহম্মদ ছামী আৰু ৰবী বিষ্ণৈৰ বাহিৰে অন্য বলাৰসকলৰ প্ৰদৰ্শন প্ৰশংসনীয় নহয় ৷

আইপিএল 2020
কিংছ ইলেভেন পাঞ্জাৱ

আনহাতে, ইশান্ত শৰ্মা, অমিত মিশ্ৰা আৰু ঋষভ পন্তৰ দৰে খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ থকাৰ পাচতো দিল্লী দলে শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়াই আহিছে ৷ অপেনাৰ শিখৰ ধাৱানে নিজৰ ফৰ্ম উভতাই পোৱাৰ লগতে অধিনায়ক আয়াৰে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰাত সফল হৈছে ৷

পৃথ্বী শ্ব' আৰু আজিংকা ৰাহানেৰ ফৰ্ম কিছু চিন্তনীয় বিষয় হৈছে দিল্লী দলৰ বাবে ৷ আনহাতে, পুনৰবাৰ দলটোৰ উল্লেখযোগ্য খেলুৱৈ হিচাপে বিবেচিত হ'ব অক্সৰ পেটেল আৰু অল ৰাউণ্ডাৰ মাৰ্কাছ ষ্টইনিছ ৷ চেন্নাইৰ বিৰুদ্ধে অক্সৰ পেটেলৰ প্ৰদৰ্শনেই আছিল সেই মেচত জয়ৰ মূল কাৰণ ৷

আইপিএল 2020
দিল্লী কেপিটেলছ

বলিঙত কাগিছো ৰাবাডাক যোগ্য সহযোগিতা আগবঢ়াইছে এনৰিক নৰ্টজেই ৷ এই যুটীয়ে পুনৰবাৰ কিংছ ইলেভেনৰ বিৰুদ্ধে ত্ৰাসৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব ৷ আনহাতে, স্পীন বলিঙত থাকিব ৰবিচন্দ্ৰন অশ্বিন আৰু পেটেল ৷

স্কোৱাড :

দিল্লী কেপিটেলছ : শ্ৰেয়াস আয়াৰ, কাগিছো ৰাবাডা, মাৰ্কাছ ষ্টইনিছ, সন্দীপ লেমিছানে, আজিংকা ৰাহানে, ৰবিচন্দ্ৰন অশ্বিন, শিখৰ ধাৱান, শিমৰন হেথমেয়াৰ, এলেক্স কেৰী, মোহিত শৰ্মা, পৃথ্বী শ্ব', ললিত যাদৱ, অভেশ খান, অক্সৰ পেটেল, তুষাৰ দেশপাণ্ডে, ঋষভ পন্ত, হৰ্ষল পেটেল, কিমো পল, এনৰিক নৰ্টজে, ডেনিয়েল চেমছ ৷

কিংছ ইলেভেন পাঞ্জাৱ : লোকেশ ৰাহুল, হৰপ্ৰীত ব্ৰাৰ, ইশান পোৰেল, মন্দীপ সিং, জেমছ নিশাম, তাজিন্দৰ সিং, ক্ৰিছ জৰ্ডান, কৰুণ নায়াৰ, দীপক হুদা, ৰবী বিষ্ণৈ, অৰ্শদ্বীপ সিং, গ্লেন মেক্সৱেল, মুজীৱ ওৰ ৰহমান, ছৰফৰাজ খান, শ্বেনড্ৰন কট্ৰেল, মায়ংক আগৰৱাল, মহম্মদ ছামী, দৰ্শন নালকাণ্ডে, নিকোলাছ পুৰান, ক্ৰেছ গেইল, মুৰুগান অশ্বিন, জগদীশা সুছিথ, কৃষ্ণাপ্পা গৌথাম, হৰদাস ভিলজিয়ন, ছিমৰন সিং ৷

লগতে পঢ়ক : আবু ধাবিৰ উইকেট বেটিঙৰ বাবে শ্ৰেষ্ঠ নহয় : ষ্টিভ স্মিথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.