ETV Bharat / sports

মেক্সৱেল দলৰ এজন যোগ্য সদস্য : কে.এল.ৰাহুল

author img

By

Published : Oct 21, 2020, 10:33 AM IST

দিল্লী কেপিটেলছৰ বিৰুদ্ধে পাঁচ উইকেটত জয় লাভ কিংছ ইলেভেন পাঞ্জাৱৰ ৷ গ্লেন মেক্সৱেলক প্ৰশংসা পাঞ্জাৱৰ অধিনায়ক কে. এল. ৰাহুলৰ ৷

IPL 2020
কে. এল. ৰাহুল

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ : দিল্লী কেপিটেলছৰ বিৰুদ্ধে পাঁচ উইকেটত জয় লাভ কৰাৰ পাচতে গ্লেন মেক্সৱেলক প্ৰশংসা আগবঢ়ায় কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে. এল. ৰাহুলে ৷ ৰাহুলে কয় যে,মেক্সৱেল দলৰ এজন যোগ্য সদস্য ৷

IPL 2020
গ্লেম মেক্সৱেল

ডুবাই আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত মঙলবাৰৰ মেচত কিংছ ইলেভেন পাঞ্জাৱৰ হৈ নিকোলাছ পুৰান আৰু গ্লেন মেক্সৱেলে ক্ৰমে 53 আৰু 32 ৰাণ সংগ্ৰহ কৰে ৷ দিল্লীৰ বিৰুদ্ধে পাঞ্জাৱ দলে 165 ৰাণৰ সীমা ছয়টা বল থকা অৱস্থাতে সংগ্ৰহ কৰি জয় সাব্যস্ত কৰে ৷

এই জয়েৰে পাঞ্জাৱ দলে 10 খন মেচৰ পৰা 8 পইন্ট সংগ্ৰহ কৰি পইন্ট তালিকাৰ পঞ্চম স্থান দখল কৰাৰ লগতে দিল্লী দলে 10 খন মেচৰ পৰা সংগ্ৰহ কৰিছে 14 পইন্ট ৷ বৰ্তমান দিল্লী দল পইন্ট তালিকাৰ শীৰ্ষ স্থানত আছে ৷

ৰাহুলে সংবাদ মাধ্যমক কয়,"নেটত গ্লেনে ভাল বেটিং কৰি আছে ৷ তেওঁ দলৰ এজন যোগ্য সদস্য আৰু তেওঁ কিদৰে মেচত ভাৰসাম্যতা আনে সেয়া আমি জানো ৷"

উল্লেখ্য যে,পাঞ্জাৱ দলে শেহতীয়াকৈ দিল্লী কেপিটেলছ,ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ আৰু মুম্বাই দলক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰে মুম্বাইক দুটাকৈ ছুপাৰ অ'ভাৰৰ জৰিয়তে পৰাস্ত কৰিছিল পাঞ্জাৱে ৷ 24 অক্টোবৰৰ পৰৱৰ্তী মেচত পাঞ্জাৱ দলে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ডুবাই আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত মুখামুখি হ'ব ৷

লগতে পঢ়ক : ধাৱান অন্য খেলুৱৈৰ তুলনাত অতি সোনকালে অভ্যস্ত হৈ উঠে : শ্ৰেয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.