ETV Bharat / sports

আইপিএল 13 : বিৰাট কোহলীৰ নতুন মাইলষ্টোন

আইপিএলত বিৰাট কোহলীৰ নতুন মাইলষ্টোন সংগ্ৰহ ৷ আইপিএলত এটা দলৰ বাবে 200 মেচত অংশগ্ৰহণ কৰা প্ৰথম আৰু একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হ'ল কোহলী ৷

author img

By

Published : Oct 16, 2020, 5:47 PM IST

আইপিএল 13
বিৰাট কোহলীৰ নতুন মাইলষ্টোন

স্পৰ্টছ ডেস্ক, 16 অক্টোবৰ : আইপিএলত এটা দলৰ বাবে 200 মেচত অংশগ্ৰহণ কৰা প্ৰথম আৰু একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হ'ল বিৰাট কোহলী ৷ বৃহস্পতিবাৰে পুৱা কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে আঠ উইকেটত পৰাস্ত হ'লেও কোহলীয়ে সংগ্ৰহ কৰে এই নতুন মাইলষ্টোন ৷

আইপিএল 13
বিৰাট কোহলীৰ নতুন মাইলষ্টোন

আইপিএলত তেওঁ RCB ৰ হৈ 185 খন মেচত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে বেংগালুৰস্থিত ফ্ৰেঞ্চাইজীটোৰ হৈ 15 খন চেম্পিয়নছ লীগ টি-20 ত অংশগ্ৰহণ কৰিছে ৷ আইপিএলৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ক্ৰিকেটাৰসকলৰ অন্যতম 31 বৰ্ষীয় বিৰাট কোহলীয়ে 185 খন মেচত সংগ্ৰহ কৰিছে 5,716 ৰাণ ৷

আইপিএল 13
বিৰাট কোহলী

পাঞ্জাৱৰ বিৰুদ্ধে মেচৰ পূৰ্বে কোহলীয়ে কৈছিল, "RCB ৰ সৈতে মোৰ বহু অনুভূতি জড়িত হৈ আছে ৷ তেওঁলোকৰ বাবে 200 মেচত অংশগ্ৰহণ কৰাটো অবিশ্বাস্য৷ 2008 চনত মই এয়া বিশ্বাস নকৰিলোহেঁতেন ৷ এয়া এক সন্মান, তেওঁলোকে মোক ৰাখিছে আৰু মই ইয়াতে প্ৰথম অৱস্থাৰ পৰাই আছো ৷"

যোৱা 12 টাকৈ সংস্কৰণত RCB য়ে আইপিএলৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই ৷ চলিত আইপিএলত বৰ্তমানলৈকে RCB য়ে 8 খন মেচৰ 4 খনত জয় লাভ কৰি পইন্ট তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে ৷ উল্লেখ্য যে, শনিবাৰে দলটোৱে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অংশগ্ৰহণ কৰিব ৷

আইপিএল 13
বিৰাট কোহলীৰ নতুন মাইলষ্টোন

লগতে পঢ়ক : কাৰ্তিকৰ পৰিৱৰ্তে কলকাতাৰ অধিনায়কৰ দায়িত্বত মৰ্গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.