স্পৰ্টছ ডেস্ক, 6 নৱেম্বৰ : মুম্বাই ইণ্ডিয়ানছৰ পেচাৰ জছপ্ৰীত বুমৰাহে কয় যে, তেওঁ ফলাফলৰ ওপৰত নহয়, দলৰ দ্বাৰা প্ৰদান কৰা দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
দিল্লীৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথম কোৱালিফায়াৰত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা বাবে বুমৰাহ 'প্লেয়াৰ অৱ দা মেচ'ৰ সন্মান দখল কৰিছিল ৷ বুমৰাহে 4 অ'ভাৰত কেৱল 14 ৰাণ দি 4 টাকৈ উইকেট দখল কৰিছিল ৷ বুমৰাহৰ দূৰ্দান্ত প্ৰদৰ্শনৰ বাবেই দিল্লী কেপিটেলছক 57 ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল মুম্বাই দল ৷
মেচৰ অন্তত বুমৰাহে কয়, "ইয়াৰ পূৰ্বেও মই উইকেট দখল কৰা নাছিলো যদিও টুৰ্ণামেন্টত জয়ী হৈ সুখী হৈছিলো ৷ মোক এক দায়িত্ব প্ৰদান কৰা হৈছিল আৰু মই সেয়া পালন কৰাৰ চেষ্টা কৰিছিলো ৷" উল্লেখ্য যে, 27 উইকেট দখল কৰা বুমৰাহৰ দখলত আছে পাৰপল কেপ ৷
তেওঁ কয়, "কেপ্তেইনে যেতিয়াই মোক বল কৰিবলৈ কয় মই তেতিয়াই সাজু থাকো ৷ মই ফলাফলৰ ওপৰত গুৰুত্ব আৰোপ নকৰো ৷"
বুমৰাহে এক য়ৰ্কাৰৰ জৰিয়তে শিখৰ ধাৱানৰ (0) উইকেট দখল কৰিছিল ৷ সেই সম্পৰ্কত তেওঁ কয়, "অপেনিং য়ৰ্কাৰ বহুত গুৰুত্বপূৰ্ণ ৷ সেয়েহে মই মেচৰ আৰম্ভণিতে য়ৰ্কাৰ দিয়াৰ কথা ভাবিলো আৰু সেয়া সফল হ'লে ভাল লাগে ৷"
বুমৰাহ আৰু নিউজিলেণ্ডৰ ট্ৰেন্ট বল্টৰ (2/9) দূৰ্দান্ত প্ৰদৰ্শনৰ বাবেই প্ৰতিপক্ষ দিল্লী দলে 8 উইকেট হেৰুৱাই কেৱল 143 ৰাণ সংগ্ৰহ কৰিছিল ৷ বুমৰাহে কয়, "বল্টৰ সৈতে মোৰ সম্পৰ্ক বহু ভাল ৷ আমি ফিল্ডত বিভিন্ন পৰিস্থিতি সম্পৰ্কত আলোচনা কৰো ৷ তেওঁৰ পৰা বহু শিকিব পাৰি ৷"
তেওঁ লগতে কয়, "বেটছমেনেই সকলো এৱাৰ্ড দখল কৰি আছে, সেয়েহে বলাৰেও দখল কৰা উচিত ৷ নহয়, মই এৱাৰ্ডৰ কথা চিন্তা নকৰো ৷ যেতিয়ালৈকে দল জয়ী হৈ আছে মই সুখী ৷"
ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে 10 নৱেম্বৰত ফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷
লগতে পঢ়ক : জিৰোৰ পৰা হিৰো : আইপিএল 2020 ত উজ্বলি উঠা যুৱ খেলুৱৈসকল