ETV Bharat / sports

আইপিএল জুৱা : গুৰুগ্ৰাম আৰক্ষীৰ জালত দুই

author img

By

Published : Oct 26, 2020, 5:29 PM IST

গুৰুগ্ৰাম আৰক্ষীয়ে আইপিএল জুৱাৰ সৈতে জড়িত থকাৰ সন্দেহত দুই লোকক আটক কৰিছে ৷ আটকাধীন দুজন কিংছ ইলেভেন পাঞ্জাৱ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত মেচত অনলাইন জুৱাৰ সৈতে জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

আইপিএল জুৱা
গুৰুগ্ৰাম আৰক্ষীৰ জালত দুই

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : গুৰুগ্ৰাম আৰক্ষীয়ে সোমবাৰে আইপিএলৰ নামত জুৱাৰ সৈতে জড়িত থকাৰ সন্দেহত দুই লোকক আটক কৰিছে ৷ আটকাধীন দুজন কিংছ ইলেভেন পাঞ্জাৱ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত মেচত অনলাইন জুৱাৰ সৈতে জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

অভিযুক্ত দুজন সুৰেশ আৰু যোগেশ বুলি জানিব পৰাৰ লগতে নবীন নামৰ এজন লোক পলাই হাৰিবলৈ সক্ষম হৈছে ৷ এটা ঘৰত এই তিনি অভিযুক্তই জুৱা চলাই থকাৰ সময়তে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলায় ৷

আৰক্ষীৰ মতে, তালাছীৰ সময়ত এজন অভিযুক্তই এখন ৰেজিষ্টাৰত মেচখন সন্দৰ্ভত কিছু তথ্য লিখি থকাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ বাবে এজনে ফোনৰ জৰিয়তে দাম-দৰ কৰি আছিল ৷ সেই স্থানৰ পৰা আৰক্ষীয়ে এটা লেপটপ, এখন ৰেজিষ্টাৰ আৰু এটা LED টিভি উদ্ধাৰ কৰিছে ৷

জুৱাখেল নিবাৰণ আইনৰ অধীনত আৰক্ষীয়ে গুৰুগ্ৰামৰ বিলাসপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে জনাই যে, পলায়ন কৰিবলৈ সক্ষম হোৱা তৃতীয় অভিযুক্তজনক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰি থকা হৈছে ৷

লগতে পঢ়ক : পইন্ট তালিকাৰ চতুৰ্থ স্থানৰ যুঁজত পাঞ্জাৱ বনাম কলকাতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.