ETV Bharat / sports

আইপিএল, 2020 ত সৰ্বাধিক ডট বল দিয়া বলাৰ বুমৰাহ আৰু আৰ্চাৰ - কিংছ ইলেভেনৰ লেগ স্পীনাৰ ৰবী বিষ্ণৈ

সদ্যসমাপ্ত আইপিএলত সৰ্বাধিক ডট বল দিয়া বলাৰ হৈছে মুম্বাই ইণ্ডিয়ানছৰ স্পীডষ্টাৰ জছপ্ৰীত বুমৰাহ আৰু ৰাজস্থান ৰয়েলছৰ ফাষ্ট বলাৰ জফ্ৰা আৰ্চাৰ ৷ এই তালিকাৰ শীৰ্ষ দহত বুমৰাহৰ লগতে আন তিনিজনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

আইপিএল, 2020
আৰ্চাৰ আৰু বুমৰাহ
author img

By

Published : Nov 12, 2020, 7:50 PM IST

স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : সদ্যসমাপ্ত আইপিএলত সৰ্বাধিক ডট বল দিয়া বলাৰ হৈছে মুম্বাই ইণ্ডিয়ানছৰ স্পীডষ্টাৰ জছপ্ৰীত বুমৰাহ আৰু ৰাজস্থান ৰয়েলছৰ ফাষ্ট বলাৰ জফ্ৰা আৰ্চাৰ ৷ দুয়োগৰাকীয়ে 175 টাকৈ ডট বল দিবলৈ সক্ষম হৈছিল ৷ এনে বলৰ ক্ষেত্ৰত শীৰ্ষ দহ বলাৰৰ তালিকাত আছে বুমৰাহ সহ চাৰি ভাৰতীয় বলাৰ ৷

শীৰ্ষ 10 ত থকা অন্য ভাৰতীয় বলাৰসকল হৈছে : অষ্টম স্থানত কিংছ ইলেভেন পাঞ্জাৱৰ মহম্মদ ছামী (14 মেচত 140 টা ডট বল), নৱম স্থানত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ টি. নতৰাজন (136) আৰু দশম স্থানত কিংছ ইলেভেনৰ লেগ স্পীনাৰ ৰবী বিষ্ণৈ (122) ৷

আইপিএল, 2020
মহম্মদ ছামী

তৃতীয় স্থানত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লেগ স্পীনাৰ ৰছিদ খান (16 খন মেচত 168 ডট বল), চতুৰ্থ স্থানত দিল্লী কেপিটেলছৰ এনৰিক নৰ্টজে (16 খন মেচত 160 ডট বল), পঞ্চম স্থানত মুম্বাই দলৰ স্পীডষ্টাৰ ট্ৰেন্ট বল্ট (15 খন মেচত 157 ডট বল), ষষ্ঠ স্থানত দিল্লী কেপিটেলছৰ কাগিছো ৰাবাডা (17 খন মেচত 155 ডট বল) আৰু সপ্তমত কলকাতা নাইট ৰাইডাৰ্ছৰ পেট কামিনছ (14 খন মেচত 140 ডট বল) ৷

আইপিএল, 2020
এনৰিক নৰ্টজে
আইপিএল, 2020
ৰছিদ খান
আইপিএল, 2020
কাগিছো ৰাবাডা

মুম্বাইৰ সাফল্যৰ অন্যতম কাৰণ আছিল জছপ্ৰীত বুমৰাহৰ দূৰ্দান্ত প্ৰদৰ্শন ৷ উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত আইপিএলৰ ফাইনেলত মুম্বাই দলে দিল্লী দলক পৰাস্ত কৰি আইপিএলৰ পঞ্চমটো খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

আইপিএল, 2020
ট্ৰেন্ট বল্ট

অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলৰ তিনিওটা স্কোৱাডতে স্থান লাভ কৰা বুমৰাহে আইপিএলত দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ 15 খন মেচত দখল কৰিছিল 27 টাকৈ উইকেট ৷ আনহাতে, 17 খন মেচত 30 টা উইকেট দখল কৰি আইপিএল, 2020 ৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হ'ল দিল্লী কেপিটেলছৰ কাগিছো ৰাবাডা ৷

লগতে পঢ়ক : ভাৰতৰ বিৰুদ্ধে টি-20 ছিৰিজত ব্যতিক্ৰমী ৰূপত দেখা যাব অষ্ট্ৰেলিয়া দলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.