ETV Bharat / sports

প্লে' অফত প্ৰৱেশৰ বাবে হায়দৰাবাদক সমৰ্থন ব্ৰায়ান লাৰাৰ - মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

প্লে' অফত প্ৰৱেশৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদক সমৰ্থন আগবঢ়াইছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰায়ান লাৰাই ৷ মুম্বাইক পৰাস্ত কৰিব পৰা ক্ষমতা হায়দৰাবাদ দলৰ আছে বুলি বিশ্বাস কৰে লাৰাই ৷

আইপিএল
মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
author img

By

Published : Nov 3, 2020, 6:35 PM IST

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ : আইপিএলত আজি অনুষ্ঠিত হ'বলগা মেচত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি প্লে' অফত প্ৰৱেশ কৰাৰ ক্ষমতা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আছে বুলি বিশ্বাস কৰে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ব্ৰায়ান লাৰাই ৷

মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
ব্ৰায়ান লাৰা

লাৰাই কয়, "তেওঁলোকে (SRH) নিজৰ কষ্টৰে আজিৰ স্থানত উপনীত হৈছে আৰু শেহতীয়াকৈ তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে ৷ সেয়েহে, প্ৰত্যাহ্বানৰ বাবে সাজু হৈ থাকিব বুলি আশা কৰিলো ৷"

উল্লেখ্য যে, মুম্বাই ইণ্ডিয়ানছে পূৰ্বেই প্লে' অফত স্থান সুনিশ্চিত কৰিছে আৰু বৃহস্পতিবাৰে প্ৰথমখন কোৱালিফায়াৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ সেয়েহে, বহু ক্ৰিকেটাৰক বিৰাম কৰিবলৈ দি দলৰ শক্তি সম্পৰ্কত পৰীক্ষা কৰিব পাৰে মুম্বাই দলে ৷

আনহাতে, হায়দৰাবাদে নকআউটত প্ৰৱেশৰ বাবে ডিফেণ্ডিং চেম্পিয়ন মুম্বাইক পৰাস্ত কৰিব লাগিব ৷ আজিৰ মেচত হায়দৰাবাদ জয়ী হ'লে শুকুৰবাৰে এলিমিনেটৰৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দলটো ৷

লগতে পঢ়ক : ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা শ্বেন ৱাটছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.