নিউজ ডেস্ক, 15 অক্টোবৰ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই.পি.এল)ৰ ইতিহাসত দ্ৰুততম বলিং কৰাৰ পিছত দিল্লী কেপিটেলছৰ দ্ৰুত বলাৰ আনৰিছ নৰ্টজে কয় যে, তেওঁ এতিয়া দুবছৰ ধৰি গতি বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে।

তেওঁৰ উক্ত মন্তব্যটো আহিছিল যেতিয়া দিল্লী কেপিটেলছে বুধবাৰে ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ৰাজস্থান ৰয়েচলক ১৩ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল। মেচখন চলি থকা সময়ত নৰ্টজে 156.22 কিলোমিটাৰ ঘণ্টাৰ গতিৰে বলিং কৰে আৰু ইয়াৰ ফলত তেওঁ আই.পি.এলৰ ইতিহাসত দ্ৰুততম বলাৰ হিচাপে নাম অন্তৰ্ভুক্ত হয় ।

আনৰিছ নৰ্টজে কয় যে, "হয়, বাটলৰৰ বিৰুদ্ধে যুদ্ধ আকৰ্ষণীয় আছিল, মই জানো তেওঁ স্কুপ শ্বট খেলে ৷ কিন্তু যেতিয়া তেওঁ প্ৰথমটো বল খেলিছিল, ই মোক আচৰিত কৰি তুলিছিল। মই ভাবিছিলো যে তেওঁ পুনৰ কৰিব নোৱাৰিব; কিন্তু তেওঁ পৰবৰ্তী ডেলিভাৰীত পুনৰ বাৰ শ্বটটো খেলিছিল। তেওঁ সঁচাকৈয়ে ভাল খেলিছিল ৷ "

উল্লেখ্য যে, দিল্লী কেপিটেলছে বান্ধি দিয়া ১৬২ ৰান কৰিবলৈ ব্যৰ্থ হৈ ১৪৮ ৰাণতে 8 উইকেট হেৰুৱাই পৰাজিত হয় ৰাজস্থান ৰয়েলচ । দিল্লী কেপিটেলচৰ বাবে তুষাৰ দেশপাণ্ডে আৰু আনৰিছ নৰ্টজে দুটা উইকেট লাভ কৰিছিল । এই জয়ৰ সৈতে শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত দিল্লী কেপিটেলছ পইণ্ট তালিকাৰ শীৰ্ষলৈ গৈছিল।
লগতে পঢ়ক : JEE পৰীহ্মাৰ্থী সকলৰ বাবে সুখবৰ