ETV Bharat / sports

আই পি এলৰ প্লে অফৰ পৰা বাহিৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

বৰষুণৰ বাবে অমীমাংসিত হৈ ৰ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছ মাজত অনুষ্ঠিত মেচখন ৷ প্লে অফৰ দৌৰৰ পৰা বাহিৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷

আই পি এলৰ প্লে অফৰ পৰা বাহিৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
author img

By

Published : May 1, 2019, 3:41 AM IST

স্পৰ্টছ ডেস্ক, 1 মে’ : আই পি এলত মঙলবাৰে অমীমাংসিত হৈ ৰ’ল বেংগালুৰৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ খেলখন ৷ বৰষুণৰ বাবে অমীমাংসিত হৈ ৰয় দুয়োটা দলৰ প্লে অফৰ দৌৰৰ মৰণপন মেচখন ৷ উল্লেখ্য যে, বৰষুণৰ বাবে 5 অভাৰলৈ হ্ৰাস কৰা হৈছিল খেলখন ৷ টছত জয়ী হৈ প্ৰথমে ফিল্ডিং সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজস্থান ৰয়েলছে ৷ প্ৰথমে বেটিং কৰিবলৈ আহি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 5 অভাৰত 7 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 62 ৰান ৷ দলটোৰ হৈ সৰ্বাধিক 7 টা বলত 25 ৰান কৰে বিৰাট কোহলিয়ে ৷ এবি ডিভিলিয়াছে দিয়ে 10 ৰানৰ বৰঙণি ৷

etv bharat
শ্ৰেয়াছ গোপালৰ হিটট্ৰিক অৰ্জন

ইপিনে ৰাজস্থানৰ হৈ শ্ৰেয়াছ গোপালে হিটট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয় এই মেচখনত ৷ গোপালে বিৰাট কোহলি, এবি ডিভিলিয়াছ আৰু মাৰকাৰ্ছ ষ্ট’ইনিছৰ উইকেট দখল কৰি এই সফলতা অৰ্জন কৰে ৷ আই পি এল 2019 ৰ এইটো আছিল দ্বিতীয়টো হেটট্ৰিক ৷ ইয়াৰ পূৰ্বে ছেম কাৰাণে দিল্লী কেপিটেলছৰ বিৰুদ্ধে হেটট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ বেংগালুৰৰ 63 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ৰাজস্থানে 1 উইকেটৰ বিনিময়ত 3.2 অভাৰত 41 ৰান কৰি থকা সময়তে পুনৰ বৰষুণে বাধা-বিঘিনিৰ সৃষ্টি কৰে খেলখনত ৷ ফলত বাতিল কৰা হয় এই হাইভল্টে মেচখন ৷ সঞ্জু ছেমছনে 13 বলত 28 ৰান কৰি আউট হয় ৷ মেচখন বাতিল হোৱাৰ লগে-লগে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটো ৷ অন্যহাতে প্লে অফৰ আশা এতিয়া কিছু পৰিমাণে অক্ষুণ্ণ আছে ৰাজস্থান ৰয়েলছৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.