ETV Bharat / sports

দিল্লী কেপিটেলছৰ সন্মুখত বিৰাট বাহিনী

আই পি এলৰ 46 সংখ্যক মেচত দেওবাৰে মুখামুখি হৈছে দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত দিল্লী কেপিটেলছৰ ৷

দিল্লী কেপিটেলছৰ সন্মুখত বিৰাট বাহিনী
author img

By

Published : Apr 28, 2019, 4:30 PM IST

স্পৰ্টছ ডেস্ক, 28 এপ্ৰিলঃ দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত বিয়লি 4 বজাৰ পৰা আৰম্ভ হৈছে মেচখন ৷ আই পি এলৰ পইণ্টছ টেবুলৰ তৃতীয় স্থানত দিল্লী কেপিটেলছ থকাৰ বিপৰীতে অষ্টম স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ দুয়োটা দলেই ইয়াৰ পূৰ্বে ২৩ খন মেচত মুখামুখি হৈছে য'ত দিল্লী কেপিটেলছে 7 খন মেচত জয় লাভ কৰাৰ বিপৰীতে 15 খন মেচত জয়ৰ সোৱাদ লাভ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷

ইপিনে দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত অনুষ্ঠিত হোৱা মেচৰ পৰিসংখ্যাত দৃষ্টি দিয়া যায় যদি বৰ্তমানলৈকে অনুষ্ঠিত হোৱা 8 খন মেচত মাত্ৰ দুখন মেচত দিল্লীয়ে জয় লাভ কৰাৰ বিপৰীতে 6 খন মেচত জয়ৰ মুখ দেখিছে ৰয়েল চেলেঞ্জাৰে্ছ বেংগালুৰুৱে ৷

আৰু পঢ়ক : বিশ্বকাপৰ বাবে আই পি এল ত্যাগ কৰি যাব বিদেশী খেলুৱৈ

গতিকে আজিৰ মেচখনত জয় লাভ কৰি প্লে অফত স্থান সুনিশ্চিত কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব দিল্লী ৷ আনহাতে আই পি এলৰ আৰম্ভণিৰ ছয়টা মেচত পৰাজয়ৰ সন্মুখীন হোৱা বিৰাট নেতৃত্বাধীন বেংগালুৰু দলটোৰ লক্ষ্য হ'ব জয় লাভ কৰি প্লে অফৰ আশা জীৱিত ৰখাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.