ETV Bharat / sports

নাৰী সৱলীকৰণ অনুষ্ঠান উদযাপন ৰাজস্থান আৰু চেন্নাইৰ

বৃহস্পতিবাৰে ৰাজস্থানৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ্ আৰু চেন্নাই চুপাৰ কিংছৰ মাজৰ মেচখন সমাজৰ হকে কাম কৰি যোৱা নাৰী সকলৰ সন্মানাৰ্থে আয়োজন কৰা হয় ৷ অনুষ্ঠানত দুয়োটা দলৰ অধিনায়ক আজিংকা ৰাহানে আৰু মহেন্দ্ৰ সিং ধোনীয়ে মহিলা সৱলীকৰণৰ বাৰ্তা কঢ়িওৱা ফলক আদান - প্ৰদান কৰে ৷

RR & CSK CELEBRATE WOMEN EMPOWERMENT
author img

By

Published : Apr 12, 2019, 1:56 PM IST

নিউজ ডেস্ক, 12 এপ্ৰিল: ৰাজস্থানৰ ছাৱাই মানসিং ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ্ আৰু চেন্নাই চুপাৰ কিংছৰ মাজৰ মেচখন সমাজৰ অশুভ শক্তিৰ বিৰুদ্ধে যুঁজ দি অহা সৱল মহিলাসকলৰ সন্মানাৰ্থে আয়োজন কৰা হয় ৷ সামাজিক বিষয়সমূহ সকলোৰে আগত দাঙি ধৰাৰ লক্ষ্যৰে যোৱা বছৰো "কেন্সাৰ আউট" অভিযানৰ আৰম্ভণি কৰিছিল ৰাজস্থান ৰয়েলছ দলে ৷ "মহিলা থাকিলেহে ভাৰত থাকিব" শীৰ্ষক বিষয়বস্তুৰে আৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকে সমাজৰ উন্নয়নৰ বাবে নিজৰ অৱদান আগবঢ়োৱা ৰাজস্থানৰ বিভিন্ন স্থানৰ পৰা অহা বহুসংখ্যক মহিলা ৷

মেচৰ আৰম্ভণিৰ পূৰ্বে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দুয়োটা দলৰ অধিনায়ক আজিংকা ৰাহানে আৰু মহেন্দ্ৰ সিং ধোনীয়ে মহিলা সৱলীকৰণৰ বাৰ্তা কঢ়িওৱা ফলক আদান - প্ৰদান কৰাৰ পাছতে ৰ'য়েল স্পাৰ্কছ মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ নিসন্দেহে এই খেলুৱৈ কেইগৰাকী অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আছিল ৷

IPL 2019: RR & CSK CELEBRATE WOMEN EMPOWERMENT

মেচৰ আৰম্ভণিৰ আগতে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দুয়োটা দলৰ অধিনায়ক আজিংকা ৰাহানে আৰু মহেন্দ্ৰ সিং ধোনীয়ে মহিলা সৱলীকৰণৰ বাৰ্তা কঢ়িওৱা ফলক আদান - প্ৰদান কৰাৰ পাছতে ৰ'য়েল স্পাৰ্কছ মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ নিসন্দেহে এই খেলুৱৈ কেইগৰাকী অনুষ্ঠানটোৰ মূখ্য আকৰ্ষণ আছিল ৷ 
2K1L1678.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.