ETV Bharat / sports

ৰাজস্থানক পাঞ্জাৱৰ 183 ৰানৰ লক্ষ্য

author img

By

Published : Apr 16, 2019, 10:41 PM IST

ৰাহুলৰ অৰ্ধশতক, ৰাজস্থানৰ বিৰুদ্ধে 6 উইকেটৰ বিনিময়ত 182 ৰান সংগ্ৰহ কিংছ ইলেভেন পাঞ্জাৱৰ

183 ৰানৰ লক্ষ্য ৰাজস্থানক পাঞ্জাৱৰ

স্পৰ্টছ ডেস্ক, 16 এপ্ৰিলঃ মোহালীত অনুষ্ঠিত হোৱা আই পি এলৰ 32 সংখ্যক মেচত মুখামুখি হৈছে কিংছ ইলেভেন পাঞ্জাৱ আৰু ৰাজস্থান ৰয়েলছ ৷ প্ৰথমে বেটিং কৰি পাঞ্জাৱ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 182 ৰান ৷ পাঞ্জাৱৰ হৈ কে.এল ৰাহুলে সৰ্বাধিক 52 ৰান কৰাৰ বিপৰীতে ক্ৰীছ গেইলে 30, ডেভিড মিলাৰে 40 ৰান কৰে ৷ আনহাতে অধিনায়ক আশ্বিনে মাত্ৰ 4 টা বলত অপৰাজিত 17 ৰান কৰি দলটোৰ স্ক'ৰ 180 ৰানলৈ অতিক্ৰম কৰাত সহায় কৰে ৷

ইপিনে ৰাজস্থানৰ হৈ সৰ্বাধিক সফলতা লাভ কৰে জফ্ৰা আৰ্চাৰে ৷ খেলুৱৈগৰাকীয়ে 4 অভাৰত 15 ৰান দি লাভ কৰে 3 টা উইকেট ৷ বৰ্তমান ৰাজস্থান দলটোৱে বেটিং কৰিবলৈ আহি 1 উইকেটৰ বিনিময়ত 9 অভাৰত 85 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.