নিউজ ডেস্ক, ৪ মেঃ আই পিএলত শনিবাৰৰ মেচত বেংগালুৰুৰ এম. চিন্নস্বামী ষ্টেডিয়ামত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু দলে ছানৰাইজাৰ্ছ হাইদৰাবাদৰ মুখামুখী হ'ব। যোৱা দুবছৰত বেংগালুৰু দলে দ্বিতীয় বাৰৰ বাবে প্লে' অফত স্থান সুনিশ্চিত কৰিব নোৱাৰিলে। মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত বেংগালুৰু দলৰ প্ৰধান প্ৰশিক্ষক গেৰী কিৰ্ষ্টেনে মন্তব্য কৰে যে, বেংগালুৰু দলত বহু কেইটা সালসলনিৰ প্ৰয়োজন আছে আৰু এইয়া তেওঁৰ প্ৰধান প্ৰশিক্ষক হিচাপে প্ৰথম বছৰ সেয়েহে দলটো সম্পৰ্কে বহু জ্ঞান লাভ কৰিছে। বেংগালুৰু দলৰ গৰাকীৰ সৈতে দলৰ পৰিৱৰ্তন সম্পৰ্কে আলোচনা কৰাৰ লগতে অহা বছৰৰ পৰা কাম কৰিব বুলিও তেওঁ জনায়। এই ছিজনটোত দলৰ প্ৰদৰ্শন অতি দুখদায়ক বুলিও জানিবলৈ দিয়ে গেৰী কিৰ্ষ্টেনে।
