ETV Bharat / sports

ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে জয় লাভ দিল্লী কেপিটেলছৰ - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আই পি এলৰ 46 সংখ্যক মেচত 16 ৰানত জয় লাভ দিল্লী কেপিটেলছৰ ৷ এই জয়েৰে আই পি এলৰ পইণ্টছ টেবুলৰ শীৰ্ষত শ্ৰেয়াছ নেতৃত্বাধীন দিল্লী ।

ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে জয় লাভ দিল্লী কেপিটেলছৰ
author img

By

Published : Apr 28, 2019, 8:35 PM IST

স্পৰ্টছ ডেস্ক, 28 এপ্ৰিলঃ আই পি এলৰ দ্বাদশ সংস্কৰণত দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন মেচত জয় লাভ দিল্লী কেপিটেলছৰ ৷ ফিৰোজ শ্বাহ কোটলাত অনুষ্ঠিত হোৱা মেচখনত 16 ৰানত পৰাস্ত হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ দিল্লীয়ে মেচখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই 187 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ দিল্লীৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 52 আৰু শিখৰ ধাৱনে 50 ৰান কৰে ৷ বেংগালুৰু দলটোৰ হৈ যুজৱেন্দ্ৰ চাহালে সৰ্বাধিক দুটা উইকেট দখল কৰে ৷ 188 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি বেংগালুৰুৱে 7 টা উইকেট হেৰুৱাই কেৱল 171 ৰান সংগ্ৰহ কৰে ৷ দলটোৰ হৈ পাৰ্থিৱ পটেলে 39, কোহলিয়ে 23, এবি ডিভিলিয়াছে 17 ৰান কৰিবলৈ সক্ষম হয় ৷

আৰু পঢ়কঃ অসমীয়া নতুন ছবি "বৰনদী ভটিয়ায়" অহা 3 মে'ত অসমৰ ছবি গৃহত মুক্তি লাভ কৰিব

এই জয়েৰে আই পি এলৰ প্লে অফত কোৱালিফাই কৰা দ্বিতীয়টো দল হ'ল দিল্লী কেপিটেলছ ৷ ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্লে অফৰ পথ প্ৰায় বন্ধ হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.