ETV Bharat / sports

টি20 বিশ্বকাপ: আফগানিস্তানৰ সৈতে পথাৰত নমাৰ পূৰ্বে ষ্ট্ৰেটেজী আলোচনা শাস্ত্ৰী, ধোনী, কোহলীৰ

বুধবাৰে আফগানিস্তানৰ বিপৰীতে টি20 বিশ্বকাপৰ তৃতীয়খন মেছ খেলিব ভাৰতীয় দলে ৷ ইয়াৰ পূৰ্বে মঙলবাৰে ডুবাইৰ ICC একাডেমীত নেট প্ৰশিক্ষণত অংশ লয় কেইবাগৰাকীয়ো খেলুৱৈয়ে ৷

T20 WC: Dhoni, Kohli and Shastri discuss strategy ahead of must-win game against Afghanistan
টি20 বিশ্বকাপ: আফগানিস্তানৰ সৈতে পথাৰত নমাৰ পূৰ্বে ষ্ট্ৰেটেজী আলোচনা শাস্ত্ৰী, ধোনী, কোহলীৰ
author img

By

Published : Nov 3, 2021, 12:06 PM IST

স্পৰ্টছ ডেস্ক, 3 নৱম্বৰ : আজি টি20 বিশ্বকাপত আফগানিস্তানৰ বিপৰীতে পথাৰত নামিব ভাৰতীয় দল ৷ মেছৰ পূৰ্বে মঙলবাৰে ডুবাইৰ ICC একাডেমীত optional training sessionৰ অন্তত আজিৰ মেছখনক লৈ পৰিকল্পনাৰ বাবে আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা যায় অধিনায়ক বিৰাট কোহলী, মুখ্য প্ৰশিক্ষক ৰবী শাস্ত্ৰী আৰু মেন্টৰ এম এছ ধোনীক ৷ ইয়াৰ উপৰিও Sessionৰ অন্তত পুনৰ আলোচনাত মিলিত হয় দলটোৰ মেন্টৰ এম এছ ধোনী আৰু অধিনায়ক বিৰাট কোহলী ৷

অধিনায়ক বিৰাট কোহলী আৰু উপ অধিনায়ৰ ৰোহিত শৰ্মাই প্ৰথমে নেটত অনুশীলন কৰে ৷ কিন্তু এই প্ৰশিক্ষণৰ পৰা বিৰত থাকে পেচাৰ জছপ্ৰীত বুমৰাহ আৰু মহম্মদ শামী ৷ ইয়াৰ বিপৰীতে প্ৰশিক্ষণত উপস্থিত থাকে বেটছমেন সূৰ্যকুমাৰ যাদৱ ৷

দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেলখনত পিঠিৰ সংকোচনৰ বাবে খেলা নাছিল সূৰ্যকুমাৰে ৷ কিন্তু পুনৰ প্ৰশিক্ষণৰ বাবে খেলপথাৰলৈ উভতি আহিছে খেলুৱৈগৰাকী আৰু পাতল জগিং চেছনৰ সৈতে তেওঁ প্ৰশিক্ষণ আৰম্ভ কৰিছে । তেওঁ সহকাৰী শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক সোহম দেশাইৰ সতৰ্ক দৃষ্টিত কিছু ফিটনেছ ড্ৰিলৰ সৈতে ইয়াক অনুসৰণ কৰি আছে ।

ইয়াৰ উপৰিও মঙলবাৰৰ এই এই প্ৰশিক্ষণত উপস্থিত নাছিল ঝষভ পন্ট আৰু কে এল ৰাহুলৰ লগতে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ৷ আনহাতে, বলাৰ সকলৰ ভিতৰত ৰবীন্দ্ৰ জদেজা, শ্বাৰদুল থাকুৰ, দীপক আৰু ৰাহুল চহৰ উপস্থিত আছিল ৷

লগতে পঢ়ক : এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.