ETV Bharat / sports

NCA ৰ মুৰব্বী পদৰ বাবে পুনৰ আবেদন ৰাহুল দ্ৰাবিড়ৰ - ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী

দুবছৰীয়া চুক্তি সমাপ্ত হোৱাৰ সময়ত BCCIয়ে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী(National Cricket Academy)ৰ মূৰব্বী পদৰ বাবে পুনৰ আবেদন জনোৱাৰ আহ্বান জনাইছে প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ক(Rahul Dravid) ৷ BCCI য়ে মুৰব্বী পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন কৰাৰ সময়সীমা কেইদিনমানলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷

rahul dravid only candidate to apply for NCA's Head of Cricket post
NCAৰ মুৰব্বী পদৰ বাবে পুনৰ আবেদন ৰাহুল দ্ৰাবিড়ৰ
author img

By

Published : Aug 19, 2021, 11:51 AM IST

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট : ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে(Rahul Dravid) ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী(National Cricket Academy)ত মুৰব্বী পদৰ বাবে পুনৰ আবেদন কৰিছে ৷ ইয়াৰ লগে লগে টি-20 বিশ্বকাপৰ অন্তত ৰবি শাস্ত্ৰীক(Ravi Shastri) ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে স্থানান্তৰ কৰাৰ জল্পনা-কল্পনাৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷

দ্ৰাবিড়ৰ দুবছৰীয়া চুক্তি সমাপ্ত হোৱাৰ সময়ত BCCI য়ে পুনৰ আবেদনৰ বাবে আমন্ত্ৰণ জনাইছে প্ৰাক্তন অধিনায়কগৰাকীক ৷ BCCI ৰ নতুন নীতি অনুসৰি, মুৰব্বী সম্প্ৰসাৰণৰ কোনো ব্যৱস্থা নাই ৷ গতিকে নিয়োগ প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ কৰিব লাগিব ।

লগতে পঢ়ক : ৰবি দহিয়াৰ নামেৰে নামাকৰণ কৰা হ'ব এখন বিশেষ বিদ্যালয়

ৰাহুল দ্ৰাবিড়ে মুৰব্বী পদৰ বাবে পুনৰ আবেদন কৰিছে । তেওঁ NCA ৰ স্থিতি উৎকৃষ্টভাৱে সলনি কৰিছে ৷ এক সংবাদ সংস্থাযোগে BCCI ৰ জ্যেষ্ঠ বিষয়াই এই কথা সদৰী কৰে ৷ লগতে তেওঁ কয় যে, ৰাহুল দ্ৰাবিড়ৰ বাহিৰে এই পদৰ বাবে আবেদন কৰা আন কোনো বিশিষ্ট নাম তেওঁলোকৰ হাতত আহি পৰা নাই ৷

তথাপিও মুৰব্বী পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন কৰাৰ সময়সীমা কেইদিনমানলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে BCCI য়ে । 15 আগষ্টৰ পৰা কেইদিনমানলৈ সময়সীমা বৃদ্ধি কৰিছে BCCI য়ে ৷ যেতিয়ালৈকে ৰাহুল এই পদত আছিল তেতিয়ালৈ একাডেমীক লৈ কোনো চিন্তাৰ বিষয় আহি পৰা নাছিল ৷ দ্য ৱাল খ্যাত দ্ৰাবিড় থাকিলে অন্য প্ৰাৰ্থীৰ কথা ভবাৰ প্ৰয়োজন নাই বুলি BCCI ৰ জ্যেষ্ঠ বিষয়াই মন্তব্য কৰে ৷ তেওঁৰ পুনৰ আবেদনে নিশ্চিত কৰে যে, ৰাহুলে এতিয়াও শক্তিশালীভাৱে NCA ক সহায় কৰিব বিচাৰে ।

লগতে পঢ়ক : বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.