ETV Bharat / sports

PAK বনাম NZ : আইশ্ব'লেছন সমাপ্ত কৰিলে পাকিস্তান ক্ৰিকেট দলে

বিগত 24 নৱেম্বৰত তিনিখন টি-20 আৰু দুখন টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে দলৰ ষ্টাফৰ সৈতে নিউজিলেণ্ডত উপস্থিত হৈছিল পাকিস্তানী ক্ৰিকেট দলটো ৷ কিন্তু নিউজিলেণ্ডত উপস্থিত হোৱাৰ পিছতে দলটোৰ 10 জনকৈ খেলুৱৈৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ৰ অৱস্থিতি ৷ সম্প্ৰতি আটাইৰে ৰিপোৰ্ট নিগেটিভ অহাত পুনৰবাৰ প্ৰশিক্ষণলৈ উভতিব দলটোৰ আটাইকেইগৰাকী খেলুৱৈ ৷

PAK vs NZ:Pak contingent set to leave isolation following negative Covid-19 tests
ক’ভিড ফলাফল নিগেটিভ হোৱাৰ পিছত আইচোলেশ্যনৰ অন্ত পৰিল পাকিস্তানী ক্ৰিকেট দলৰ
author img

By

Published : Dec 7, 2020, 1:35 PM IST

স্পৰ্টছ ডেস্ক,7 ডিচেম্বৰঃ সম্প্ৰতি খ্ৰীষ্টচাৰ্ছত আইশ্ব'লেছনত থকা পাকিস্তান ক্ৰিকেট দলটোৱে স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুমতি মৰ্মে প্ৰশিক্ষণৰ বাবে সাজু হৈছে ৷ উল্লেখ্য যে, পাকিস্তানী ভ্ৰমণকাৰী দলটোৱে আইশ্ব'লেছনৰ দ্বাদশটো দিনত কৰা ক’ভিড-19 পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছতেই বৃহস্পতিবাৰে তেওঁলোক কুইনজ টাউনলৈ ৰাওনা হ’ব ৷ এই কথা এক বিবৃতিযোগে জনায় নিউজিলেণ্ড ক্ৰিকেটে ৷

PAK vs NZ:Pak contingent set to leave isolation following negative Covid-19 tests
আইচোলেশ্যনৰ অন্ত পৰিল পাকিস্তানী ক্ৰিকেট দলৰ

কুইনষ্টোনত উপস্থিত হোৱাৰ পিছতেই আটাইকেইগৰাকী খেলুৱৈ নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলগীয়া টি-20 আৰু টেষ্ট শৃংখলাৰ বাবে অনুশীলন আৰম্ভ কৰিব ৷

বিগত 24 নৱেম্বৰত তিনিখন টি-20 আৰু দুখন টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে দলৰ ষ্টাফৰ সৈতে নিউজিলেণ্ডত আহি উপস্থিত হৈছিল পাকিস্তান ক্ৰিকেট দলটো ৷ কিন্তু নিউজিলেণ্ডত উপস্থিত হোৱাৰ পিছতে দলটোৰ 10 জনকৈ খেলুৱৈৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ৰ অৱস্থিতি ৷

"খেলুৱৈসকলৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰাৰ পিছতেই তেওঁলোকৰ বাৰম্বাৰ অনুৰোধৰ পিছতো তেওঁলোকক প্ৰশিক্ষণৰ অনুমতি প্ৰদান কৰা নহয় ৷ ই খেলুৱৈসকলৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্যক যথেষ্ট প্ৰভাৱিত কৰিছে"- এই মন্তব্য পাকিস্তানৰ মুখ্য প্ৰশিক্ষক মিছবাহ-উল-হকৰ ৷ ইয়াৰ উপৰিও তেখেতে খেলুৱৈসকলৰ লগতে মেনেজমেন্টক এই কঠিন সময়ছোৱাতো নিজৰ ধৈৰ্য, ত্যাগ আৰু অধ্যাৱসায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

অহা 18 ডিচেম্বৰত অকলেণ্ডৰ ইডেন পাৰ্কত প্ৰথমখন টি-20ৰে ভ্ৰমণসূচী আৰম্ভ কৰিব পাকিস্তানী দলটোৱে ৷

লগতে পঢ়ক-ISL 2020 : 3-1 ব্যৱধানত কেৰালা ব্লাষ্টাৰ্ছক পৰাস্ত গোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.