ETV Bharat / sports

সীমিত দৰ্শকৰ উপস্থিতিত হ'ব বিশ্বকাপ টেষ্ট ক্ৰিকেট - সীমিত দৰ্শকৰ উপস্থিতিত হ'ব টেষ্ট বিশ্ব কাপ ক্ৰিকেট

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আইচিচি বিশ্ব টেষ্ট চেম্পিয়ন শ্বিপৰ ফাইনেল চাউথ এম্পটনৰ হেম্পশ্বায়াৰ বোলত স্বাস্থ্যবিধি পালন কৰি খেলা হ'ব । ক'ভিড পৰিস্থিতিৰ বাবে অতি কম সংখ্যক দৰ্শকেহে হেম্পশ্বায়াৰ বোলত ফাইনেল খেল উপভোগ কৰিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে আইচিচি ক্ৰিকেট ব’ৰ্ডে ।

সীমিত দৰ্শকৰ উপস্থিতিত হ'ব বিশ্বকাপ টেষ্ট ক্ৰিকেট

author img

By

Published : Mar 10, 2021, 7:22 PM IST

স্পৰ্টছ ডেস্ক,১০ মাৰ্চ: ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আইচিচি বিশ্ব টেষ্ট চেম্পিয়ন শ্বিপৰ ফাইনেল চাউথ এম্পটনৰ হেম্পশ্বায়াৰ বোলত স্বাস্থ্যবিধি পালন কৰি খেলা হ'ব । ফাইনেলখন ১৮-২২ জুনলৈ অনুষ্ঠিত হ'ব আৰু ২৩ জুনক অতিৰিক্তভাৱে সংৰক্ষিত দিন হিচাপে ৰখা হ'ব । ক'ভিড মহামাৰীৰ পৰিস্থিতিৰ বাবে সুৰক্ষিতভাৱে খেল অনুষ্ঠিত কৰাৰ বাবে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ লগত আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে আইচিচি ব'ৰ্ডে । উল্লেখ্য যে হেম্পশ্বায়াৰ বোল বিশ্বমানৰ খেল আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷ লগতে দুয়োটা দলকে স্বাস্থ্য বিধি পালন কৰি চলাত সহায় কৰিব । বৃটেইন চৰকাৰে ক'ভিড পৰিস্থিতিৰ বাবে লক ডাউনৰ কথা চিন্তা কৰি পাৰে সেয়ে অতি কম সংখ্যক দৰ্শকেহে হেম্পশ্বায়াৰ বোলত ফাইনেল খেল উপভোগ কৰিব পাৰিব বুলি কোৱা হৈছে ।

উল্লেখ্য যে, আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলত নিউজিলেণ্ডে প্ৰথমে প্ৰৱেশ কৰিছিল আৰু শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয়ৰ পিছত ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰে ।

আইচিচিৰ জেনেৰেল মেনেজাৰ জেইফ এলাৰ্ডিচে এক আনুষ্ঠানিক বিবৃতিযোগে কয় যে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল হৈছে টেষ্ট কেলেণ্ডাৰৰ শীৰ্ষ অনুষ্ঠান আৰু খেলখন পুৰণি ধৰণেৰে এক সপ্তাহ ধৰি উদযাপন কৰাৰ পৰিকল্পনা কৰা হৈছে । লগতে নিউজিলেণ্ডে আৰু ভাৰতীয় দলক প্ৰথমবাৰলৈ টেষ্ট বিশ্ব কাপ ফাইনেলত অৱতীৰ্ণ হোৱা বাবে শুভেচ্ছা প্ৰদান কৰে ।

ইংলেণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া টম হেৰিচন আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডে জনোৱা মতে আইচিচিয়ে হেম্পশ্বায়াৰ বোলক টেষ্ট বিশ্ব কাপৰ ফাইনেল খেলৰ বাবে বাচনি কৰাত তেওঁলোক যথেষ্ট আনন্দিত ।

হেম্পশ্বায়াৰ ক্ৰিকেটৰ অধ্যক্ষ ৰড ব্ৰাংচগ্ৰোভে উল্লেখ কৰা মতে এই ঐতিহাসিক খেলখন হেম্পশ্বায়াৰ বোলত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁলোক যথেষ্ট আনন্দিত । আইচিচিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ কয় যে খেলৰ বাবে সামৰ্থ অনুযায়ী তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।

লগতে পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ খেলিব নোৱাৰিব টি নটৰাজনে..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.