ETV Bharat / sports

আজি অলৰাউণ্ডাৰ ইৰফান পাঠানৰ জন্মদিন - পাকিস্তানৰ বিৰুদ্ধে টেষ্ট মেচ

বুধবাৰে ৩৮ বছৰত ভৰি থ'লে ভাৰতীয় ক্ৰিকেটাৰ ইৰফান পাঠানে । টি-২০ বিশ্বকাপৰ ফাইনেলত প্লেয়াৰ অৱ দ্য মেচ লাভ কৰা ভাৰতীয় খেলুৱৈ হৈছে ইৰফান পাঠান । ওপজা দিনটোত খেলুৱৈগৰাকীলৈ শুভেচ্ছা জনাইছে গুণমুগ্ধই ।

Irfan Pathan
অলৰাউণ্ডাৰ ইৰফান পাঠানৰ জন্মদিন
author img

By

Published : Oct 27, 2021, 11:13 AM IST

স্পৰ্টছ ডেস্ক, ২৭ অক্টোবৰ: দক্ষতাৰে ভাৰতীয় ক্ৰিকেট দলত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সক্ষম হোৱা ইৰফান পাঠানৰ আজি জন্মদিন । ক্ৰীড়া জগতৰ তাৰকাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ গুণমুগ্ধই ওপজা দিনৰ শুভেচ্ছা জনাইছে খেলুৱৈগৰাকীক ।

ভাৰতীয় ক্ৰিকেটত মাত্ৰ কেইজনমান খেলুৱৈয়েহে কেতবোৰ বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এইসকল খেলুৱৈৰ মাজত আছে ইৰফান পাঠানো । বৰোদাত জন্মগ্ৰহণ কৰা ইৰফানে বুধবাৰে ৩৮ বছৰত ভৰি থৈছে । টি-২০ বিশ্বকাপৰ ফাইনেলত প্লেয়াৰ অৱ দ্য মেচ লাভ কৰা ভাৰতীয় খেলুৱৈ হৈছে ইৰফান পাঠান ।

টেষ্ট মেচত খেলুৱৈগৰাকীৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি তেওঁক কপিল দেৱৰ পিছতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ বুলি গণ্য কৰা হয় । যেতিয়া ইৰফান পাঠানে পাকিস্তানৰ বিৰুদ্ধে ১৯ বছৰৰ অনুৰ্ধ্বৰ ক্ৰিকেট খেলিছিল তেতিয়াই তেওঁ সৌৰভ গাংগুলীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।

গাংগুলী সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল । তেওঁ দলৰ নিৰ্বাচকসকলৰ সৈতে ইৰফানৰ বিষয়ে কথা পাতিছিল আৰু কেইদিনমানৰ ভিতৰতে পাঠান পাকিস্তানৰ পৰা অষ্ট্ৰেলিয়াত উপস্থিত হৈছিল আৰু ভাৰতীয় ক্ৰিকেট দলৰ সদস্য হোৱাৰ সুযোগ লাভ কৰে । কোৱা বাহুল্য নহ'ব যে, কপিল দেৱে অৱসৰ গ্ৰহণ কৰাৰ পিছত ভাৰতীয় দলত যি অভাৱ হৈছিল, ইৰফান পাঠানৰ প্ৰৱেশে সেই অভাৱ পূৰণ কৰিছিল ।

ইৰফান এনে এজন বলাৰ যিয়ে চুইং আৰু চিম বল কৰিছিল আৰু প্ৰথম অভাৰৰ বলিং কৰাৰ বাবেও যোগ্য আছিল । লগতে তেওঁক যিকোনো ক্ৰমতে বেটিং কৰিবলৈ দিয়াত অসুবিধা হোৱা নাছিল । অৱশ্যে, কেইবাটাও কাৰণত ইৰফানে তেওঁৰ প্ৰতিভা অনুসৰি কেৰিয়াৰ দীঘলীয়া কৰিব নোৱাৰিলে । কিন্তু কপিল দেৱৰ পিছত যে তেওঁ ভাৰতৰ শ্ৰেষ্ঠ পেচ অলৰাউণ্ডাৰ তাত কোনো সন্দেহ নাই ।

উল্লেখ্য যে, ২০০৫ চনত ইৰফানে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট মেচত প্ৰথম অভাৰতে হেট্ৰিক লৈছিল । টি-২০ বিশ্বকাপত ইৰফান পাঠানে মাত্ৰ ১৬ ৰাণত তিনিটা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল আৰু প্লেয়াৰ অৱ দ্য মেচ লাভ কৰিছিল । সুদক্ষ খেলুৱৈ হোৱাৰ স্বত্বেও ইৰফানে তেওঁৰ কেৰিয়াৰ দীঘলীয়া কৰিব নোৱাৰিলে । ইয়াৰ এটা কাৰণ হৈছে তেওঁ পোৱা আঘাত । আৰোগ্য হোৱাৰ পিছত যেতিয়া তেওঁ ভাৰতীয় দললৈ উভতি আহিছিল, তেতিয়া তেওঁৰ খেলৰ গতি পূৰ্বৰ দৰে নাছিল ।

তেওঁৰ চুইং বলৰ গতি মন্থৰ হৈছিল । দ্বিতীয় কাৰণটো হ'ল বেটিং ক্ৰমৰ সৈতে খেলিমেলি কৰা । ইৰফান পাঠানে ১২০ খন এদিনীয়া, ২৯ খন টেষ্ট আৰু ২৪ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে । মুঠ ৩০১ টা উইকেট লাভ কৰিছে ইৰফানে আৰু ২,৮২১ ৰাণ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক:বৰ্ণবাদৰ সন্মুখীন মহম্মদ ছামী : খেলুৱৈগৰাকীৰ সমৰ্থনত নামিল ভাৰতীয় ক্ৰিকেটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.