ETV Bharat / sports

ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া; 8 উইকেটত সহজ জয় ভাৰতৰ - IND Vs SA 1st ODI Update

IND Vs SA 1st ODI: জোহান্সবাৰ্গৰত অনুষ্ঠিত হৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন এদিনীয়া ৷ ভাৰতে দক্ষিণ আফ্ৰিকাক 8 উইকেটত পৰাস্ত কৰে ৷

India Vs South Africa 1st ODI Update
ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 4:49 PM IST

Updated : Dec 17, 2023, 6:21 PM IST

স্পৰ্টছ ডেস্ক, 17 ডিচেম্বৰ : দেওবাৰে জোহান্সবাৰ্গৰ নিউ ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত হয় ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন এদিনীয়া ৷ মেচখনত ভাৰতে 8 উইকেটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰে ৷

117 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতে 2 টা উইকেট হেৰুৱাই 16.4 অভাৰতে উপনীত হয় ৷ 16.4 অভাৰত ভাৰতে 2 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 117 ৰাণ ৷ ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত অভিষেক ঘটোৱা সাই সুদৰ্শনে উজ্বল প্ৰদৰ্শনেৰে সাৰ্বাধিক 55 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ 43 টা বলত 55 ৰাণ কৰে সুদৰ্শনে ৷ শ্ৰেয়াছ আয়াৰে সংগ্ৰহ কৰে 52 ৰাণ ৷ দক্ষিণ আফ্ৰিকাৰ হৈ উইয়ান মুল্ডাৰ আৰু এণ্ডিল ফেহলুকৱায়ো 1টাকৈ উইকেট দখল কৰে ৷ ভাৰতৰ অৰ্শদীপ সিঙে প্লেয়াৰ অব দ্য মেচৰ সন্মান লাভ কৰে ৷

তিনিখনীয়া শৃংখলাৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ অধিনায়কএইডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি ভাৰতৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 116 ৰাণ ৷

উল্লেখ্য যে, ভাৰতে বেটছমেন সাই সুদৰ্শনক এদিনীয়াত অভিষেক ঘটোৱাৰ সুযোগ দিয়াৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথমখন মেচ খেলিছে নন্দ্ৰে বাৰ্জাৰে ৷ T-২০ শৃংখলাত উজ্জ্বল প্ৰদৰ্শন কৰা ৰিংকু সিঙৰ সলনি মিডল অৰ্ডাৰত সঞ্জু চেমছনক অন্তৰ্ভুক্ত কৰিছে ভাৰতে ৷

প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ নিজৰ ইনিংছ আৰম্ভ কৰি শলঠেকত পৰে ঘৰুৱা দল দক্ষিণ আফ্ৰিকা ৷ ভাৰতৰ বলিং আক্ৰমণত প্ৰথমেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় দক্ষিণ আফ্ৰিকা ৷ নি ডি জৰ্জি আৰু এণ্ডিল ফেহলুকৱায়োৰ বাহিৰে দলটোৰ আটাইকেইজন বেটছমেনেই ৰাণ সংগ্ৰহত চূড়ান্ত ব্যৰ্থ হয় ৷

ভাৰতীয় বলিঙৰ আৰম্ভণি আছিল উৎকৃষ্ট ৷ প্ৰথম দুটা অভাৰতে ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ দুজন খেলুৱৈক পেভিলিয়নলৈ ঘূৰাই পঠাই ৷ দুয়োটা সফলতা লাভ কৰে ভাৰতীয় বেগী বলাৰ অৰ্শদীপ সিঙে ৷ অৰ্শদীপ সিঙে 5 টা উইকেট দখল কৰাৰ বিপৰীতে আৱেশ খানে দখল কৰে 4 টা উইকেট ৷ কুলদীপ যাদৱে দখল কৰে 1টা উইকেট ৷

কে এল ৰাহুলৰ নেতৃত্বত নতুন প্ৰতিভাৰ অন্তৰ্ভুক্তিৰে ভাৰতীয় ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল জোহান্সবাৰ্গৰ নিউ ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৷ এয়া ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ এক অংশ ৷ ইয়াৰ পূৰ্বে ভাৰতে তৃতীয়খন T-২০ত দক্ষিণ আফ্ৰিকাক 106 ৰানত পৰাস্ত কৰি T-২০ শৃংখলাত ১-১ৰ সমতা স্থাপন কৰাত সফল হৈছিল ৷ T-২০ ছিৰিজৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত প্ৰ’টিয়াৰ্ছে জয়লাভ কৰিছিল ৷

এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল : ঋতুৰাজ গাইকোৱাদ, সাই সুদৰ্শন, তিলক বাৰ্মা, ৰজত পাটিদাৰ, ৰিংকু সিং, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুল (অধিনায়ক/উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, মুকেশ কুমাৰ, আৱেশ খান, অৰ্শদীপ সিং আৰু দীপক চহৰ ৷

এদিনীয়া শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দল : এইডেন মাৰ্ক্ৰাম (অধিনায়ক), অটনিয়েল বাৰ্টমেন, নন্দ্ৰে বাৰ্গাৰ, টনি ডি জৰ্জি, ৰিজা হেণ্ড্ৰিক্স, হেনৰিখ ক্লাচেন, কেশৱ মহাৰাজ, মিহালালি ম্পংৱানা, ডেভিদ মিলাৰ, উইয়ান মুল্ডাৰ, এণ্ডিল ফেহলুকৱায়ো, টাব্ৰাইজ ছামচি, ৰাছি ভান ডেৰ ডুচেন, কাইল ভেৰেইন আৰু লিজাদ উইলিয়ামছ ৷

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট দলৰ পৰা বাদ মহম্মদ শ্বামী; এদিনীয়াত নাথাকে দীপক চাহাৰ

Last Updated : Dec 17, 2023, 6:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.