স্পৰ্টছ ডেস্ক,১৯ ফেব্ৰুৱাৰী : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী চলি আছে (Border Gavaskar trophy 2023)। ইতিমধ্যে ৪ দিনীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখনত জয়ী হৈ শৃংখলাৰ খিতাপ অৰ্জনৰ দিশে আগবাঢ়িছে (IND vs AUS test series 2023)। অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম দুখন টেষ্ট অধিক ৰোমাঞ্চকৰ হ'ব বুলি আশা কৰা হৈছে । ইয়াৰ মাজতে বাকী দুখন টেষ্ট আৰু আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (India team squad for next ODI series) ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক দুখন টেষ্টলৈ উভতি আহিছে দ্ৰুত বলাৰ জয়দেৱ উনাদকট (Jaydev Unadkat in test squad against Australia)। উনাদকট প্ৰথম দুখন টেষ্ট মেচত ভাৰতীয় দলৰ অংশ আছিল যদিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে তেওঁক ৰঞ্জী ট্ৰফীৰ ফাইনেল খেলিবলৈ সুবিধা দিছিল । একে সময়তে, পাৰিবাৰিক কাৰণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত অধিনায়ক ৰোহিত শৰ্মা দলত নাথাকিব, তেওঁৰ ঠাইত হাৰ্দিক পাণ্ডিয়াই দলটোক নেতৃত্ব দিব (Rohit Sharma not to play 1st ODI against AUS)।
-
India’s ODI squad vs Australia
— BCCI (@BCCI) February 19, 2023 " class="align-text-top noRightClick twitterSection" data="
Rohit Sharma (C), S Gill, Virat Kohli, Shreyas Iyer, Suryakumar Yadav, KL Rahul, Ishan Kishan (wk), Hardik Pandya (VC), R Jadeja, Kuldeep Yadav, W Sundar, Y Chahal, Mohd Shami, Mohd Siraj, Umran Malik, Shardul Thakur, Axar Patel, Jaydev Unadkat
">India’s ODI squad vs Australia
— BCCI (@BCCI) February 19, 2023
Rohit Sharma (C), S Gill, Virat Kohli, Shreyas Iyer, Suryakumar Yadav, KL Rahul, Ishan Kishan (wk), Hardik Pandya (VC), R Jadeja, Kuldeep Yadav, W Sundar, Y Chahal, Mohd Shami, Mohd Siraj, Umran Malik, Shardul Thakur, Axar Patel, Jaydev UnadkatIndia’s ODI squad vs Australia
— BCCI (@BCCI) February 19, 2023
Rohit Sharma (C), S Gill, Virat Kohli, Shreyas Iyer, Suryakumar Yadav, KL Rahul, Ishan Kishan (wk), Hardik Pandya (VC), R Jadeja, Kuldeep Yadav, W Sundar, Y Chahal, Mohd Shami, Mohd Siraj, Umran Malik, Shardul Thakur, Axar Patel, Jaydev Unadkat
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় আৰু চতুৰ্থ টেষ্টৰ বাবে ভাৰতৰ টেষ্ট দল (India team for next 2 test macth) : ৰোহিত শৰ্মা (অধিনায়ক), কে এছ ভৰত (উইকেটকিপাৰ), ঈশান কিষাণ (উইকেটকিপাৰ), বিৰাট কোহলী, ৰবিচন্দ্ৰন অশ্বিন, কে এল ৰাহুল, শুভমান গিল, চেতেশ্বৰ পূজাৰা, অক্সৰ পেটেল, কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, মহম্মদ চিৰাজ, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, উমেশ যাদৱ, জয়দেৱ উনাদকট ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দল (India team for ODI series against AUS): ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, কে এল ৰাহুল, ঈশান কিষাণ (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, যুজবেন্দ্ৰ চাহাল, মহম্মদ ছামী, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ, উমৰান মালিক, জয়দেৱ উনাদকট, অক্সৰ পেটেল ।
অষ্ট্ৰেলিয়া বনাম ভাৰত : অন্তিম দুখন টেষ্ট
১-৫ মাৰ্চ, তৃতীয় টেষ্ট, ইন্দোৰ
৯-১৩ মাৰ্চ, চতুৰ্থ টেষ্ট, আহমেদাবাদ
অষ্ট্ৰেলিয়া বনাম ভাৰত : এদিনীয়া শৃংখলাৰ সময়সূচী
প্ৰথম খেল: ১৭ মাৰ্চ ২০২৩, মুম্বাই
দ্বিতীয় মেচ: ১৯ মাৰ্চ ২০২৩, বিশাখাপত্তনম
তৃতীয় মেচ: ২২ মাৰ্চ ২০২৩, চেন্নাই
লগতে পঢ়ক : Border Gavaskar trophy 2023 : জাদেজাৰ যাদুৰ শৰত ধৰাশায়ী কেংগেৰু বাহিনী