স্পৰ্টছ ডেস্ক,4 ডিচেম্বৰঃ অষ্ট্ৰেলিয়াৰ কেনবেৰাৰ মনুকা অবেলত অনুষ্ঠিত প্ৰথমখন টি 20ত কাংগাৰু বাহিনীক অতিথি দল ভাৰত 11 ৰাণত পৰাজিত কৰে ৷ আৰু ইয়াৰ পিছতেই তিনিখনীয়া টি 20 শংখলাত 1-0ত অগ্ৰগতি লাভ কৰিছে ভাৰতে ৷

আয়োজক দলটোৱে টচত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কে.এল ৰাহুলৰ 51 ৰাণ আৰু শেষত ৰবীন্দ্ৰ জডেজাৰ 23 বলত 44 ৰাণ সংগ্ৰহেৰে ভাৰতে 20 অভাৰত 161 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 7 উইকেট হেৰুৱাই 150 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

প্ৰথম অৱস্থাত অষ্ট্ৰেলিয়া দলৰ অধিনায়ক এৰন ফিঞ্চ আৰু ডিআৰ্চী শ্বটে আশাপ্ৰদ আৰম্ভনি কৰে যদিও ৰবিন্দ্ৰ জডেজাৰ কানেকচন হিচাপে অহা যজৱেন্দ্ৰ ছহলে ফিঞ্চক 35 ৰাণ সংগ্ৰহ কৰাৰ পিছতেই পেভিলিয়নলৈ উভটাই পঠাবলৈ সক্ষম হয় ৷ আনহাতে, তৃতীয় নম্বৰত বেটিঙৰ বাবে অহা ষ্টীভ স্মীথৰো উইকেট দখল কৰিবলৈ সক্ষম হয় ছহলে ৷

ইয়াৰ পৰৱৰ্তী অভাৰতে গ্লেন মেক্সৱেলে নিজৰ উইকেট হেৰুৱায় ৷ নিজৰ কেৰিয়াৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা টি নটৰাজনে মেক্সৱেলক এল.বি.ডাব্লিউ কৰিবলৈ সক্ষম হয় ৷

ভাৰতৰ তৰফৰ পৰা ছহলে তিনিটা, নটৰাজনে তিনিটা আৰু দীপক চাহৰে এটা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বে বেটিঙৰ বাবে অহা ভাৰতীয় দলটোৱে উইকেট হেৰুৱাই থকাৰ মাজতে কে.এল ৰাহুলে আৰম্ভনিৰে পৰা স্কোৰব’ৰ্ড নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হয় ৷ তেখতৰ পিছত জডেজাই স্কোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হয় ৷
-
#TeamIndia win the first T20I by 11 runs.
— BCCI (@BCCI) December 4, 2020 " class="align-text-top noRightClick twitterSection" data="
Scorecard - https://t.co/NqBIFiANv3 #AUSvIND pic.twitter.com/UGMTR3QaP6
">#TeamIndia win the first T20I by 11 runs.
— BCCI (@BCCI) December 4, 2020
Scorecard - https://t.co/NqBIFiANv3 #AUSvIND pic.twitter.com/UGMTR3QaP6#TeamIndia win the first T20I by 11 runs.
— BCCI (@BCCI) December 4, 2020
Scorecard - https://t.co/NqBIFiANv3 #AUSvIND pic.twitter.com/UGMTR3QaP6
ভাৰতে শেষৰ পাঁচটা অভাৰত 64 ৰাণ সংগ্ৰহ কৰে আৰু ইয়াৰ বাবেই ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক-আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টি-20 মেচত ভাৰতীয় দল