ETV Bharat / sports

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণঃকাৰ্তিক ত্যাগীক বলিং টিপছ প্ৰদান বুমৰাহৰ

author img

By

Published : Nov 25, 2020, 8:41 PM IST

ভাৰতীয় দলত নেট বলাৰ হিচাপে যোগদান কৰা কাৰ্তিক ত্যাগীক জছপ্ৰিত বুমৰাহে কিছুমান গুৰুত্বপূৰ্ণ টিপছ প্ৰদান কৰি থকা এখন ছবি টুইটযোগে শ্বেয়াৰ কৰিছে বি চি চি আইয়ে ৷

India tour of Australia: Bumrah shares bowling tricks with youngster Kartik Tyagi
ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণঃকাৰ্তিক ত্যাগীক বলিং টিপছ প্ৰদান বুমৰাহৰ

স্পৰ্টছ ডেস্ক,25 নৱেম্বৰঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলগীয়া শৃংখলাৰ পূৰ্বে দলৰ নতুন পেছাৰ কাৰ্তিক ত্যাগীক পৰামৰ্শ প্ৰদান কৰিছে জছপ্ৰিত বুমৰাহে ৷ ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াত উপস্থিত হোৱা ইতিমধ্যে 10 দিন সম্পূৰ্ণ হৈছে ৷ খেলুৱৈ সকল কোৱাৰেন্টাইনত থকাৰ মাজতে নিৰৱিচ্ছিন্ন ভাৱে ৰঙা আৰু বগা বলেৰে প্ৰশিক্ষণ অব্যাহত ৰাখিছে ৷ খেলপথাৰত উন্নত প্ৰদৰ্শন দেখুওৱাৰ ক্ষেত্ৰত ভাৰতীয় দলটোৱে কোনো ধৰণৰ ত্ৰুটি কৰা নাই ৷ বুধবাৰে বি চি চি আইয়ে প্ৰশিক্ষণৰ কিছু ছবিও শ্বেয়াৰ কৰে ৷

ছবিখনত বুমৰাহে ভাৰতীয় দলত নেট বলাৰ হিচাপে যোগদান কৰা কাৰ্তিক ত্যাগীক কিছুমান গুৰুত্বপূৰ্ণ টিপছ প্ৰদান কৰি থকা পৰিলক্ষিত হৈছে ৷ ছবিখন শ্বেয়াৰ কৰি বি চি চি আইয়ে লিখে, "যেতিয়া আপোনাক এই যাত্ৰাত গাইড কৰাৰ বাবে এগৰাকী বিজ্ঞ উপস্থিত থাকে ৷ @Jaspritbumrah93 @tyagiktk #TeamIndia"

উল্লেখ্য যে, ভাৰত আৰু অষ্ট্ৰলিয়াই তিনিখন এদিনীয়া, তিনিখন টি20 আৰু তিনিখন টেষ্ট মেছত প্ৰতিদ্বন্দিতা কৰিব ৷ আনহাতে, এই ভ্ৰমণত দলটোৰ অধিনায়ক বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৱল এখন টেষ্ট মেছতহে অংশগ্ৰহণ কৰিব ৷ ভাৰত আৰু অষ্ট্ৰলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেছ অহা 17 ডিচেম্বৰত এডেলাইডি অ’ভেলত অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক-আইএচএল 7: সমুখ সমৰত মুম্বাই চিটি এফচি আৰু এফচি গোৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.