ETV Bharat / state

মহালয়াৰ আধ্যাত্মিকতা হেৰাল ! ডি জেৰ কাণ তাল মৰা সংগীতত উদ্দাম নৃত্য যুৱক-যুৱতীৰ - Dibrugarh Mahalaya Controversy

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Mahalaya Celebration in Dibrugarh: আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎৱৰ আনন্দোৎসৱ । বুধবাৰে ধৰালৈ নামে দুৰ্গতনাশিনী দেৱী দুৰ্গা । মহালয়াৰ জৰিয়তে আৰম্ভ হয় দেৱী পূজাৰ বিভিন্ন ৰীতি-নীতি । কিন্তু এই মহালয়াৰ আধ্যাত্মিকতা যেন ক'ৰবতা হেৰাই গৈছে । এতিয়া তাৰ ঠাইত অপসংস্কৃতিয়ে গা কৰি উঠিছে । এই কথা যেন প্ৰতীয়মান হ'ল ডিব্ৰুগড়ত । মহালয়া উদযাপনৰ নামত শৰীৰৰ বস্ত্ৰ খুলি ডি জেৰ তালত এচাম যুৱক-যুৱতীৰ উদ্দাম নৃত্য । ইফালে ডিব্ৰুগড় প্ৰশাসনৰ চকুৰ সন্মুখতে অনুষ্ঠিত এই অপ-সংস্কৃতিক সচেতন ৰাইজৰ ধিক্কাৰ ।

Mahalaya Celebration in Dibrugarh
মহালয়াৰ আধ্যাত্মিকতা হেৰাল (ETV Bharat Assam)

ডিব্ৰুগড়, ৩ অক্টোবৰ : মহালয়াক লৈ প্ৰতিবছৰৰ দৰে বুধবাৰে পুৱাও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাজপথ লোকাৰণ্য হৈ পৰে । ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মহালয়াত প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ । হিন্দু পৌৰাণিক বিশ্বাস অনুসৰি, এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক দমনৰ বাবে দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল । আনহাতে, এই দিনটোতে দেৱী দুৰ্গাই পৃথিৱীলৈ আগমন কৰা বুলি লোকবিশ্বাস আছে ।

মহালয়াৰ দিনটোত দেশৰ বিভিন্ন স্থানত বিভিন্ন ৰীতি-নীতি পালন কৰা হয় । তাৰে অংশ হিচাপে বুধবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ত তথা ডিব্ৰুগড়তো উদযাপন কৰা হয় মহালয়া । দবা-শংখৰ ধ্বনিৰে মা-দুৰ্গাক আদৰিবলৈ ওলাই আহে ডিব্ৰুগড়বাসী ।

শৰীৰৰ বস্ত্ৰ খুলি ডি জেৰ তালত উদ্দাম নৃত্য যুৱক-যুৱতীৰ (ETV Bharat Assam)

মহালয়া উপলক্ষে প্ৰতিবাৰৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অগণন লোকৰ ভিৰ হোৱাৰ লগতে পৰম্পৰাগতভাৱে ভক্তিভাবেৰে তৰ্পণ কৰা পৰিলক্ষিত হয় । কিন্তু ইয়াৰ বিপৰীতে সময়তে ডিব্ৰুগড় চহৰত দেখা গ'ল অপ-সংস্কৃতি আৰু এক আজৱ দৃশ্য । শৰীৰৰ বস্ত্ৰ খুলি ডি জেৰ তালত নৃত্য যুৱক-যুৱতী তথা নৱপ্ৰজন্মৰ ।

কাহিলি পুৱাতে ডিব্ৰুগড়ৰ ৰাজপথত মহালয়া উদযাপনৰ নামত চলে এই অদ্ভূত নৃত্যৰ পৰিবেশ । ডি জেৰ কাণ তাল মৰা গীতৰ তালত উদ্দাম নৃত্য দেখি আচৰিত হৈ পৰে ডিব্ৰুগড়ৰ সচেতন ৰাইজ । লগতে ডিব্ৰুগড় প্ৰশাসনৰ চকুৰ সন্মুখত অনুষ্ঠিত এই অপ-সংস্কৃতিক লৈ সচেতন ৰাইজে ধিক্কাৰ জনাইছে ।

শৰীৰৰ বস্ত্ৰ খুলি ডি জেৰ তালত উদ্দাম নৃত্য কৰাক লৈ কিয় আপত্তি ডিব্ৰুগড়ৰ ৰাইজৰ

এগৰাকী সচেতন ব্যক্তিয়ে কয়, "ডিব্ৰুগড় সাংস্কৃতিক নগৰী বুলি পৰিচিত চহৰ । কোনো দিনে ডিব্ৰুগড়ত হোৱা নাছিল শৰীৰৰ বস্ত্ৰ খুলি ডি জেৰ তালত নৃত্য কৰা পৰিবেশ ।"

উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদ, বজৰং দল ডিব্ৰুগড় জিলা সমিতি আৰু সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিৰ যৌথ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় এই ডি জে অনুষ্ঠানৰ । আনহাতে, ডি জেৰ বিকট শব্দত সাধাৰণ ৰাইজ থাকিব নোৱৰা এক পৰিৱেশৰ সৃষ্টি হয় ।

যাৰ বাবে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত দুপৰীয়ালৈকে সৃষ্টি হয় তীব্ৰ চাঞ্চল্য । ধৰ্মীয় অনুষ্ঠানৰ নামত অপ-সংস্কৃতি আৰম্ভ হোৱাত ডিব্ৰুগড়ৰ সচেতন ৰাইজৰ লগতে দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে ।

অপ-সংস্কৃতিৰ বাবে সমালোচিত হৈছে ডিব্ৰুগড়ৰ প্ৰশাসন

উল্লেখ্য যে দুৰ্গাপূজাৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলা প্ৰশাসনেও পূজাক লৈ দিছিল এছ অ' পি । উচ্চ শব্দৰ সংগীত বজোৱা নিষিদ্ধ কৰিছিল । কিন্তু বুধবাৰে ডিব্ৰুগড় প্ৰশাসনৰ চকুৰ সন্মুখত অনুষ্ঠিত এই অনুষ্ঠানকলৈ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে ।

ইয়াৰ বিপৰীতে যেন ডিব্ৰুগড় জিলা প্ৰশাসনেও প্ৰথমবাৰৰ বাবে পোখা মেলা এই অপ-সংস্কৃতি অনুষ্ঠিত কৰাৰ বাবে সুবিধা কৰি দিয়াৰ লগতে আৰক্ষী-প্ৰশাসনে চাৰিওফালে ন'-এণ্ট্ৰী দি মহালয়াৰ তাণ্ডৱ নৃত্য কৰাৰ বাবে সুবিধা কৰি দিয়াৰো অভিযোগ উখাপিত হৈছে ।

লগতে পঢ়ক :চিত্ৰশিল্পীৰ ৰং-তুলিকাৰে অংকন মা দুর্গাৰ ভিন্ন দৃশ্য - Mahalaya 2024
লগতে পঢ়ক :দোলাৰে আহি ঘোঁৰাত উভতিব দেৱী দুৰ্গা; জানি লওক কি হ’ব দেৱীৰ আগমন আৰু গমনৰ ফল - Durga Puja 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.