স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ: আফগানিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাই অৰুণ জেটলী ষ্টেডিয়ামত বিস্ফোৰক বেটিঙেৰে শতক অৰ্জন কৰি এই সন্মানীয় টুৰ্ণামেন্টত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক শতকৰ অভিলেখ ভংগ কৰে ৷ এই খেলখনৰ পূৰ্বলৈকে ৰোহিত শৰ্মাই বিশ্বকাপৰ 18 টা ইনিংছত 6 টা শতক অৰ্জন কৰিছিল ৷ 44 টা ইনিংছত 6 টা শতক অৰ্জনৰ অভিলেখ আছিল শচীত তেণ্ডুলকাৰৰো ৷
কিন্তু আফগানিস্তানৰ বিৰুদ্ধে খেলখনত ৰোহিতে আৰম্ভণিৰে পৰাই সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল । ফলত শতক অৰ্জনেৰে নিজৰ নামত 7 টা শতকৰ অভিলেখ ৰচিবলৈ সক্ষম হয় হিট্ মেন ৰোহিত ৷
২০১৯ চনৰ এদিনীয়া বিশ্বকাপত বৰ্তমানৰ ভাৰতীয় অধিনায়কগৰাকীয়ে ৫ টা শতকৰ অভিলেখ ভংগ কৰিছিল । লগতে ২০১৫ চনৰ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত শতক অৰ্জন কৰিছিল । ভাৰতীয় অ’পেনাৰগৰাকীয়ে বিশ্বকাপত ১০০০ এদিনীয়া ৰান সম্পূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰৰ সৈতে যৌথভাৱে দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় ।
তাৰকা বেটছমেনগৰাকীক আজি আৰম্ভণিৰে পৰাই ফৰ্মত দেখা গৈছিল, কাৰণ তেওঁ ঐতিহাসিক শতকৰ দিশে যোৱাৰ পথত আফগান পেচাৰসকলৰ সৈতে খেলিছিল । উল্লেখযোগ্য যে এদিনীয়া মেচত ৰোহিতৰ নামত ১০ হাজাৰতকৈ অধিক ৰান থকাৰ বিপৰীতে গড় ৰাণ প্ৰায় ৫০ । আফগানিস্তানৰ বিৰুদ্ধে জয়ৰ কাষ চাপি অহাৰ লগে লগে ৰোহিত শৰ্মাই ১৩১ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ ৰাওনা হয় ।
বুধবাৰে অৰুণ জেটলী ষ্টেডিয়ামত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ছয় সংগ্ৰহ কৰা খেলুৱৈ হিচাপেও ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ক্ৰীড়াৰ ইতিহাসত নিজৰ নাম খোদিত কৰে ।
ভাৰতীয় ক্ৰিকেট মেষ্ট্ৰ’গৰাকীয়ে এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰে ভাৰতৰ বিশ্বকাপ ২০২৩ৰ লীগ মেচত আফগানিস্তানৰ বিৰুদ্ধে ৷ পশ্চিম ভাৰতীয় ক্ৰীছ গেইলৰ ৫৫৩ টা ছয়ৰ অভিলেখ অতিক্ৰম কৰিলে ৰোহিতে ।
ভাৰতীয় ইনিংছৰ অষ্টম অভাৰত ৰোহিত শৰ্মাই আফগান বলাৰ নবীন উল হকৰ বলত মেচখনৰ তৃতীয়টো ছয় কোবাই । এই শ্বটৰ জৰিয়তে তেওঁ ক্ৰীছ গেইলৰ দীৰ্ঘদিনীয়া অভিলেখ অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্যতম প্ৰভাৱশালী আৰু উৎকৃষ্ট বেটছমেন হিচাপে নিজৰ সুনাম সুদৃঢ় কৰি তুলিলে ।
ৰোহিত শৰ্মাই এই কৃতিত্ব অৰ্জন কৰি ৪৭৩ টা ইনিংছত ৫৫৪ টা ছয় কোবাইছে । ইয়াৰ উপৰিও তেওঁ আটাইতকৈ দ্ৰুতভাৱে ২০০, ৪০০ আৰু ৫০০ টা ছয় কোবোৱা প্ৰথমগৰাকী বেটছমেন হৈ পৰে ৷
লগতে পঢ়ক: Cricket World Cup IND vs AFG : ৰোহিত শৰ্মাৰ শতকেৰে আফগানিস্তানৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ ভাৰতৰ