ETV Bharat / sports

Kohli-Haq banter : পুৰণি শত্ৰুতা পাহৰি বিশ্বকাপত ভাতৃত্ববোধৰ নিদৰ্শন কোহলী আৰু নবীন উল হকৰ - বিশ্বকাপত এক ইতিবাচক প্ৰভাৱ

আইপিএলৰ সময়ত বিৰোট কোহলী আৰু নবীন উল হকৰ মাজক হোৱা বিবাদে চৰ্চা লাভ কৰিছিল । যোৱা খেলখনত তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখি হতবাক দৰ্শক । দুয়োগৰাকী খেলুৱৈয়ে সকলো পাহৰি কথা পাতিছে, হাত মিলাইছে আৰু ইজনে সিজনক প্ৰশংসাও কৰিছে ।

Kohli Haq banter
বিশ্বকাপত ভাতৃত্ববোধৰ নিদৰ্শন কোহলী আৰু নবীন উল হকৰ
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:22 AM IST

স্পৰ্টছ ডেস্ক, ১৩ অক্টোবৰ : ভাৰতত অনুষ্ঠিত হৈছে আইচিচি বিশ্বকাপ ক্ৰিকেট । ইতিমধ্যে প্ৰায় প্ৰতিটো দলে প্ৰতিযোগিতাখনত দুখনকৈ খেল খেলিছে । পাকিস্তানৰ লগতে বাকী দেশৰ খেলুৱৈসকলেও কোনো অসুবিধা নোহোৱাকৈ খেলবোৰত অংশগ্ৰহণ কৰিছে । সচৰাচৰ খেলপথাৰত কিছুমান খেলুৱৈৰ মাজত দেখা পোৱা কথাৰ কটা-কটি বা বাক বিতণ্ডাও হোৱা নাই । মুঠতে শান্তিপূৰ্ণভাৱে চলি আছে বিশ্বকাপ ক্ৰিকেট ।

বিশেষকৈ যোৱা খেলখনত বিৰাট কোহলী আৰু আফগানিস্তানৰ ক্ৰিকেটাৰ নবীন উল হকৰ মাজৰ কথা বতৰা আৰু তেওঁলোকৰ বন্ধুত্ব সুলভ আচৰণবোৰে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । শেহতীয়া আইপিএলৰ সময়ত কিন্তু এই পৰিৱেশ সম্পূৰ্ণ বিপৰীত আছিল । আইপিএলৰ সময়ত পৃথক ফ্ৰেঞ্চাইজিৰ হৈ খেলা দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ হোৱা বাক বিতণ্ডাৰ কথা সকলোৱে জানে ।

আনকি খেলৰ পাচতো বহুবাৰ সামাজিক মাধ্যমতো দুয়োগৰাকী খেলুৱৈৰ মাজত মতানৈক্য দেখা গৈছিল । সেই বিষয়টোৱে বিশ্ব ক্ৰিকেটত ব্যাপক চৰ্চা হৈছিল । অৱশ্যে শেহতীয়াকৈ হৈ যোৱা আফগানিস্তান আৰু ভাৰতৰ খেলখনত তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে । খেলৰ মাজত কোহলী আৰু হকৰ ধেমালিবোৰ বন্দী হৈ ৰৈছে কেমেৰাত । ইজনে সিজনক প্ৰশংসা কৰাৰ ধৰণবোৰো চাবলগীয়া আছিল । এনে আচৰণে চলিত বিশ্বকাপত এক ইতিবাচক প্ৰভাৱ পেলাইছে ।

খেলৰ অন্তত নবীনে আনকি কৈছিল যে এইখন কোহলীৰ ঘৰুৱা খেলপথাৰ । তেওঁ লগতে কয়, ‘‘কোহলী এজন ভাল ল'ৰা, এজন ভাল খেলুৱৈ আৰু আমি হাত মিলাইছো’’ । আনহাতে, কোহলীয়েও কয়, ‘‘যি হৈছিল সদায় খেলপথাৰতে হৈছিল, খেলপথাৰৰ বাহিৰত একোৱে হোৱা নাছিল । মানুহে ইয়াক ডাঙৰ কৰে । সমালোচনা কৰাসকলে ফোলোৱাৰ্চৰ বাবে এনে কৰে । আমি হাত মিলাইছো আৰু আলিংগনো কৰিছো’’ ।

দুয়োগৰাকী খেলুৱৈয়ে নিজৰ ভাব ব্যক্ত কৰিলেও কিন্তু কোহলীৰ অনুৰাগীসকলে ইয়াক সহজভাৱে লোৱা নাই । কিছুমানে খেলপথাৰ আৰু সামাজিক মাধ্যমত আফগানিস্তান খেলুৱৈ নবীন উল হকৰ বিৰুদ্ধে মন্তব্য কৰি আছে । খেলপথাৰত বিৰাট আৰু নবীন উল হকৰ কাজিয়াৰ অন্যতম কাৰক গৌতম গম্ভীৰেও দুয়োগৰাকী খেলুৱৈৰ আচৰণক আদৰণি জনাইছে । লগতে সামাজিক মাধ্যমত বিদেশী খেলুৱৈগৰাকীক সমালোচনা কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ।

ইফালে ক্ৰিকেটক ভাতৃত্ববোধৰ অন্যতম নিৰ্দশন বুলিও কোৱা হয় । যাৰ বাবে বহুতে ক্ৰিকেটৰ বাবে বিশেষ কাম কৰি আহিছে । এইবাৰৰ বিশ্বকাপ এই ক্ষেত্ৰত কিছু পৃথক । প্ৰখ্যাত ভাৰতীয় চিত্ৰশিল্পী পদ্মশ্ৰী পৰেশ মেইটিয়ে বিশ্বকাপৰ বিভিন্ন মুহূৰ্ত তেওঁ কেনভাচত ধৰি ৰখাৰ চেষ্টা কৰিছে । দিল্লী, কলকাতা, মুম্বাই আৰু আহমেদাবাদকে ধৰি দেশৰ ১০ টা বিশেষ স্থানৰ সুকীয়া বৈশিষ্ট তুলি ধৰাৰ চেষ্টা কৰা হ'ব ।

মেইটিৰ লাইভ পেইণ্টিং চেছনে ক্ৰিকেট আৰু কলা দুয়োটাৰে মাজৰ সম্পৰ্কও স্পষ্ট কৰিব । খেলসমূহৰ উৎসাহৰ মাজত তেওঁ ক্ৰিকেটৰ উৎকৃষ্ট কৃতিবোৰ অংকন কৰিব, তেওঁৰ জীৱন্ত ৰং আৰু কল্পনাশীল অংকনে খেলক এক নতুন মাত্ৰা দিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :World Cup 2023 : পাকিস্তানৰ বিৰুদ্ধে মেচত দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে শুভমন গিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.