স্পৰ্টছ ডেস্ক,২০ নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলটোৱে শক্তিশালী প্ৰদৰ্শনৰ পাছতো আইচিচি বিশ্বকাপ ২০২৩ৰ ফাইনেলত নিৰাশ হ'বলগীয়া হ'ল । দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলত অষ্ট্ৰেলিয়াই ৬ উইকেটত পৰাস্ত কৰে ভাৰতীয় দলটোক । যাৰ বাবে ভাৰতীয় দলটোৱে খিতাপ জয়ৰ পৰা বঞ্চিত হয় । এই পৰাজয়ৰ পাছত ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে সংবাদমেলত হতাশা ব্যক্ত কৰে । ভগ্ন হৃদয়েৰে সংবাদমেলত বহিলেও দ্ৰাবিড়ে আত্মবিশ্বাসেৰে সাংবাদিকৰ উত্তৰবোৰ দি গ'ল ।
সংবাদমেলত ৰাহুল দ্ৰাবিড়ে কয়, 'মোৰ কাৰ্যকালত এইদিনটো অতি কঠিন আছিল । আমি গোটেই প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰিছো । মই দলৰ খেলুৱৈবোৰৰ বাবে গৌৰৱান্বিত । এই প্ৰতিযোগিতাৰ সময়ত আমি খেলা ক্ৰিকেটৰ মানদণ্ড ব্যতিক্ৰমী আছিল । আমি এই প্ৰতিযোগিতাখনত সকলো উজাৰি দিছিলো । মই সকলো খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ বাবে বহুত গৌৰৱান্বিত । আমি এই ফাইনেলত আমাৰ সৰ্বশ্ৰেষ্ঠ খেল খেলা নাছিলো যাৰ বাবে কৃতিত্ব অষ্ট্ৰেলিয়ালৈ গৈছে । মোৰ ফালৰ পৰা তেওঁলোকক অভিনন্দন । তেওঁলোক আমাতকৈ ভাল আছিল ।"
যেতিয়া দ্ৰাবিড়ক প্ৰশ্ন কৰা হৈছিল যে একেৰাহে ১০ খন খেলত জয়ৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱাৰ পাছত দলটোৰ মাজত কেনে পৰিৱেশ বিৰাজ কৰিছে ? দ্ৰাবিড়ে উত্তৰ দিছে, "এই পৰাজয় নিশ্চিতভাৱে হতাশাজনক হ'ব । ড্ৰেছিং ৰুমত হতাশা আছে, খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলৰ মাজতো হতাশা দেখা গৈছে । কিন্তু কিছু সময়ৰ পাছত, আমি বিবেচনা কৰিব পাৰিছো যে এই অভিযান প্ৰকৃততে কিমান ভাল আছিল ।"
অধিনায়ক ৰোহিতৰ আক্ৰমণাত্মক আৰু উজ্জ্বল প্ৰদৰ্শন কথা উল্লেখ কৰি দ্ৰাবিড়ে কয়, "ভাল আৰম্ভণি কৰাটো গুৰুত্বপূৰ্ণ আছিল কিয়নো পাছত পিটচখন মন্থৰ হৈ পৰিছিল । এইটো দুৰ্ভাগ্যজনক আছিল যে ৰোহিত এটা সুন্দৰ কেচত আউট হৈছিল । কিন্তু আমি ভাল আৰম্ভণি কৰিছিলো । ৰোহিত সম্পূৰ্ণৰূপে হতাশ হৈছে । তাৰ বাহিৰেও, ড্ৰেছিং ৰুমৰ সকলো খেলুৱৈ হতাশ হৈছে । ড্ৰেছিং ৰুমত বহুতো আৱেগ আছিল । প্ৰশিক্ষক হিচাপে মোৰ বাবে এই সকলোবোৰ দেখা কঠিন আছিল কাৰণ মই জানো যে এইসকলে কিমান কঠোৰ পৰিশ্ৰম কৰিছে । তেওঁলোকে কি কৰিছে, তেওঁলোকে কিমান ত্যাগ কৰিছে মই জানো কিন্তু এইখন এখন খেল । খেলত এয়া ঘটিবই ।"
দ্ৰাবিড়ে কয়, "আমাৰ দলটো প্ৰায় ৩০-৪০ ৰাণ পিছ পৰি আছিল । দুপৰীয়াতকৈ সন্ধিয়া বলটো অলপ মন্থৰ হৈ গৈছিল । এনেকুৱা নহয় যে যথেষ্ট কুঁৱলী আছিল, কিন্তু এনে অনুভৱ হৈছিল যেন বলটো সন্ধিয়া বেটলৈ বহুত ভালকৈয়ে আহিবলৈ আৰম্ভ কৰিছিল । আমি ষ্ট্ৰাইক সলনি কৰিবলৈ বা বাউণ্ডেৰী মাৰিবলৈ সক্ষম হোৱা নাছিলো । আমি খেলখন অন্তিম অভাৰলৈ লৈ যোৱাৰ কথা ভাবিছিলো কিন্তু আমি সেই সময়ত বিৰাট, জাড্ডু আৰু কেএলৰ উইকেট হেৰুৱাইছিলো, যাৰ বাবে আমি পিছ পৰি আছিলো ।"
ৰোহিতৰ অধিনায়কত্ব সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত দ্ৰাবিড়ে কয়, 'তেওঁ এজন মহান অধিনায়ক । তেওঁ দলটোক সুন্দৰভাৱে নেতৃত্ব দিছিল । তেওঁ ড্ৰেছিং ৰুমক নিজৰ যথেষ্ট সময় আৰু খেলুৱৈসকলক উৎসাহ দি আহিছে । তেওঁ দলৰ প্ৰতিখন সভাতে উপস্থিত আছিল, তেওঁৰ বেটিং অসামান্য আছিল । তেওঁ দলটোৰ বাবে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছিল । আমি জানিছিলো যে আমি এটা নিৰ্দিষ্ট ধৰণে খেলিব বিচাৰিছিলো । আমি ইতিবাচক আৰু বিস্ফোৰক ধৰণে ক্ৰিকেট খেলিছিলো । এজন ব্যক্তি আৰু এজন অধিনায়ক হিচাপে মই তেওঁৰ বাবে আৰু একো ক'ব নোৱাৰো ।"
লগতে পঢ়ক :বিশ্বকাপ ২০২৩ : বিৰাট কোহলীলৈ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ খিতাপ