ETV Bharat / sports

বিশ্বকাপৰ ফাইনেল, পুৱাৰে পৰা ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ভিৰ

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 12:39 PM IST

আজি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেল । ২০১১ চনৰ পাছত পুনৰ এবাৰ ট্ৰফী তুলি লোৱাৰ সোণালী পাব সুযোগ ভাৰতে । এই মুহূৰ্তৰ সাক্ষী হ'বলৈ পুৱাৰে পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ বাহিৰত ক্ৰিকেট অনুৰাগীসকলে ভিৰ কৰিছে । ভিআইপি, ভিভিআইপিও আহিবলৈ আৰম্ভ কৰিছে ষ্টেডিয়ামলৈ ।

ICC World Cup 2023
পুৱাৰে পৰা ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ভিৰ

স্পৰ্টছ ডেস্ক, ১৯ নৱেম্বৰ : আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ ৰ ফাইনেল খেলখন । বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ'ব এই ৰোমাঞ্চকৰ খেলখন । কিন্তু পুৱাৰে পৰা ষ্টেডিয়ামৰ বাহিৰত ক্ৰিকেটপ্ৰেমীৰ যথেষ্ট ভিৰ দেখা গৈছে । কেৱল গুজৰাট বা আহমেদাবাদৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ক্ৰিকেট প্ৰেমীসকল । লক্ষণীয়ভাৱে আজিৰ খেলখনত ১০০ ৰো অধিক ভিভিআইপি অহাৰ কথা আছে । যাৰ বাবে ভিভিআইপি আৰু ভিআইপিসকলক পুৱাৰে পৰা আহমেদাবাদ বিমানবন্দৰত দেখা গৈছে ।

ফাইনেলখনত জয়ী হোৱাই নহয় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০০৩ৰ বিশ্বকাপৰ প্ৰতিশোধৰো সুযোগ পাব ভাৰতীয় দলটোৱে । সেয়েহে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এই খেলখন গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে । ষ্টেডিয়ামৰ বাহিৰত মুম্বাই, দিল্লী, গোৱা, কৰ্ণাটক, উত্তৰ প্ৰদেশৰ পৰাও বহুতো ক্ৰিকেট প্ৰেমী উপস্থিত হৈছে ।

ফাইনেল খেলখনত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ শতকৰো আশা কৰিছে অনুৰাগীসকলে । লগতে ভাৰতে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াক ৩০০ তকৈ অধিক ৰাণৰ লক্ষ্য দিব বুলিও আশা কৰিছে অনুৰাগীসকলে । ইটিভি ভাৰতৰ আগত একাংশ অনুৰাগীয়ে কোৱা মতে তেওঁলোকে নিশাই আহমেদাবাদত উপস্থিত হৈছে । কিন্তু আহমেদাবাদত হোটেলৰ কোঠা পাবলৈও সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । আনহাতে কিছুমান লোকে ৰে'ল ষ্টেচনৰ পৰাই পোনে পোনে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈছে ।

জানিব পৰা মতে ফাইনেল খেলখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও উপভোগ কৰিব । গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু ৰাজ্যৰ গৃহ মন্ত্ৰী হৰ্ষ সংঘৱীও ষ্টেডিয়ামত উপস্থিত থাকিব ।

লগতে পঢ়ক : কোনে আজুৰিব 2023 বৰ্ষৰ বিশ্ব চেম্পিয়নৰ খিতাপ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.