ETV Bharat / sports

ICC World cup 2023 : বিশ্বকাপত বিপৰ্যয় অব্যাহত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ, বেংগালুৰুত শ্ৰীলংকাৰ হাতত 8 উইকেটত পৰাস্ত - Sri Lanka vs England

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে 8 উইকেটত পৰাস্ত হৈছে ইংলেণ্ড ৷ শ্ৰীলংকাক 157 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে ৷

ICC World cup 2023
বেংগালুৰুত ইংলেণ্ড-শ্ৰীলংকাৰ যুঁজ
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:02 PM IST

Updated : Oct 26, 2023, 7:40 PM IST

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ : চলিত বিশ্বকাপ ক্ৰিকেটত বিপৰ্যয় অব্যাহত আছে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ ৷ বৃহস্পতিবাৰে বেংগালুৰুত অনুষ্ঠিত হোৱা বিশ্বকাপৰ 25 সংখ্যক মেচখনত শ্ৰীলংকাৰ হাতত 8 উইকেটত পৰাস্ত হয় ইংলেণ্ড ৷ শ্ৰীলংকাৰ লাহিৰু কুমাৰ মেন অব দ্য মেচ বিবেচিত হয় ৷

157 ৰাণৰ বিজয় লক্ষ্য আগত লৈ শ্ৰীলংকাই নিজৰ ইনিংছ আৰম্ভ কৰি 25.4 অভাৰতে 2টা উইকেট হেৰুৱাই 160 ৰাণ সংগ্ৰহ কৰি মেচখনত বিজয় সাব্যস্ত কৰে ৷ পাথুম নিশাংকই সাৰ্বাধিক 83 টা বলত 77 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ সাদিৰা সমৰবিক্ৰমাই 54 টা বলত 65 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ ইংলেণ্ডৰ হৈ ডেভিদ উইলিয়ে 2 টা উইকেট দখল কৰে ৷

ইংলেণ্ডৰ অধিনায়ক জ’ছ বাটলাৰে টছত জয়লাভ কৰি বৃহস্পতিবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় ৷ শ্ৰীলংকাৰ শক্তিশালী বলিং আক্ৰমণত বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড ৷

প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ইংলেণ্ডে মাত্ৰ 33.2 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 156 ৰাণ ৷ নিজৰ ইনিংছ আৰম্ভ কৰি ইংলেণ্ডে এক শক্তিশালী আৰম্ভণি কৰিছিল যদিও শ্ৰীলংকাৰ বলিং আক্ৰমণত মাত্ৰ 33.2 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ৷

জনী বেয়াৰষ্টোই 31 টা বলত 30 ৰাণ কৰি বেভিলিয়নমুখী হোৱাৰ বিপৰীতে ডেভিদ মালানে 25 টা বলত 28 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷ ইয়াৰ পাছতেই কম সময়তে ইংলেণ্ডৰ তিনিটা উইকেটৰ পতন হয় ৷ জ’ ৰুট, অধিনায়ক জ’ছ বাটলাৰ আৰু লিয়াম লিভিংষ্টোনে ৰাণৰ সংখ্যা দহকৰ ঘৰ স্পৰ্শ নকৰাকৈয়ে পেভিলিয়নমুখী হয় ৷ বেন ষ্টকছে 73 টা বলত 43 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মইন আলিয়ে 15 টা বলত 15 ৰাণ কৰি পেভিলিয়নমুখী হয় ৷

শ্ৰীলংকাৰ হৈ লাহিৰু কুমাৰে 3টা উইকেট দখল কৰে ৷ কাছুন ৰাজিথা আৰু এঞ্জেল’ মেথিউজে 2 টাকৈ উইকেট দখল কৰে ৷ মহেশ তীক্ষ্ণাই 1 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, চলিত বিশ্বকাপত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে এতিয়ালৈকে খেলা 5 খন মেচৰ ভিতৰত 4 খন মেচত পৰাস্ত হৈ ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে, য’ত এখন মেচত আফগানিস্তানে তেওঁলোকক পৰাস্ত কৰিছিল ৷ বৰ্তমান ইংলেণ্ডে 5 খন মেচৰ পৰা মাত্ৰ দুটা পইণ্ট লাভ কৰি টেবুলৰ নৱম স্থানত আছে ৷ ইফালে আজিৰ খেলখনত জয়লাভ কৰি 4 পইন্টৰে তালিকাৰ পঞ্চম স্থানত অৱস্থান কৰিছে শ্ৰীলংকাই ৷

লগতে পঢ়ক : WORLD CUP 2023: ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ যুঁজত ভাৰতে স্পিনাৰক অধিক গুৰুত্ব প্ৰদানৰ সম্ভাৱনা

Last Updated : Oct 26, 2023, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.