ETV Bharat / sports

ICC World Cup 2023 : পাকিস্তানৰ বিৰুদ্ধে 1 উইকেটত জয়লাভ দক্ষিণ আফ্ৰিকাৰ

শুকুৰবাৰে অনুষ্ঠিত হোৱা চলিত বিশ্বকাপৰ দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ মাজৰ মেচখনত 1 উইকেটত জয়লাভ কৰিছে দক্ষিণ আফ্ৰিকাই ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ পাকিস্তানে দক্ষিণ আফ্ৰিকাক বিজয়ৰ বাবে 271 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:58 PM IST

Updated : Oct 27, 2023, 10:58 PM IST

দক্ষিণ আফ্ৰিকা আৰু পাকিস্তান
ICC World Cup 2023

স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ : চেন্নাইৰ এম এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হোৱা চলিত বিশ্বকাপৰ দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ মাজৰ মেচখনত পাকিস্তানৰ বিৰুদ্ধে 1 উইকেটত জয়লাভ কৰিছে দক্ষিণ আফ্ৰিকাই ৷ 47.2 অভাৰত 9 টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় দক্ষিণ আফ্ৰিকা ৷

271 ৰাণৰ বিজয় লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই এক শক্তিশালী আৰম্ভণি কৰিছিল যদিও কেইবাটাও গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই শলঠেকত পৰিছিল দলটো ৷ 45.3 অভাৰত 9টা উইকেট হেৰুৱাই শলঠেকত পৰে যদিও কেশৱ মহাৰাজ আৰু টাব্ৰিজ শ্বামচিয়ে দলক বিজয়ৰ সোৱাদ দিয়ে ৷

দক্ষিণ আফ্ৰিকাৰ হৈ এইডেন মাৰ্ক্ৰাম সাৰ্বাধিক 91 ৰাণ সংগ্ৰহ কৰে ৷ পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদিয়ে 3 টা উইকেট দখল কৰে ৷ মহম্মদ ৱাছিম জুনিয়ৰ, হৰিছ ৰাউফে 2টাকৈ উইকেট দখল কৰে ৷ দক্ষিণ আফ্ৰিকাৰ টাব্ৰিজ শ্বামচি মেন অব দ্য মেচ বিবেচিত হয় ৷

প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ পাকিস্তানে নিজৰ ইনিংছ আৰম্ভ কৰি 46.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 270 ৰাণ ৷ দলৰ হৈ সাউদ চাকিলে সাৰ্বাধিক 52 ৰাণৰ বৰঙণি আগবঢ়াই ৷ অধিনায়ক বাবৰ আজমে 65 টা বলত 50 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ শ্বাদাব খানে 43 ৰাণৰ বৰঙণি আগবঢ়াই ৷

দক্ষিণ আফ্ৰিকাৰ হৈ তবৰাইজ ছামছিয়ে সাৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ মাৰ্ক জেনছেনে 3টা উইকেট দখল কৰাৰ বিপৰীতে গেৰাল্ড কোটজিয়ে 2 টা উইকেট দখল কৰে ৷ ইফালে লুংগি নিঙিদিয়ে দখল কৰে 1টা উইকেট ৷

পাকিস্তানে আজিৰ মেটত মূল একাদশত দুটা পৰিৱৰ্তন কৰে আৰু অসুস্থ হাছান আলীৰ ঠাইত ৱাছিম জুনিয়ৰক অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে মহম্মদ নৱাজকো অ্তৰ্ভূক্ত কৰা হৈছে ৷ দক্ষিণ আফ্ৰিকাই তিনিটা পৰিৱৰ্তন আনিছে দলত ৷ দলটোৰ মূল একাদশত ৰিজা হেণ্ড্ৰিক্স, কাগিছ’ ৰাবাডা আৰু লিজাদ উইলিয়ামছৰ ঠাইত অধিনায়ক টেম্বা বাভুমা, টাব্ৰিজ শ্বামচি আৰু লুংগি নিগিডিয়ে খেলিছে ৷

দক্ষিণ আফ্ৰিকাৰ মূল একাদশ : কুইণ্টন ডি কক (উইকেট কীপাৰ), টেম্বা বাভুমা (অধিনায়ক), ৰাছি ভান ডেৰ ডাচেন, এইডেন মাৰ্ক্ৰাম, হেনৰিখ ক্লাচেন, ডেভিদ মিলাৰ, মাৰ্কো জান্সেন, জেৰাল্ড কোটজী, কেশৱ মহাৰাজ, টাব্ৰাইজ শ্বামচি, লুংগি নিগিডি ৷

পাকিস্তানৰ মূল একাদশ : আব্দুল্লা শ্বাফিক, ইমাম-উল-হক, বাবৰ আজম (অধিনায়ক), মহম্মদ ৰিজৱান (উইকেট কীপাৰ), চৌদ শ্বাকিল, ছাদাব খান, ইফতিখাৰ আহমেদ, মহম্মদ নৱাজ, শ্বাহীন আফ্ৰিদি, মহম্মদ ৱাছিম জুনিয়ৰ, হৰিছ ৰাউফ ৷

লগতে পঢ়ক : MS Dhoni on Retiredment : ২০১৯ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছতে অৱসৰৰ সিদ্ধান্ত লৈছিলোঁ: এম এছ ধোনী

Last Updated : Oct 27, 2023, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.