ETV Bharat / sports

ICC World Cup 2023 : ৰোমাঞ্চকৰ খেলত কিৱিৰ বিৰুদ্ধে 5 ৰাণত জয়লাভ কেংগেৰু বাহিনীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 7:34 PM IST

নিউজীলেণ্ডৰ বিৰুদ্ধে 5 ৰাণত জয়লাভ অষ্ট্ৰেলিয়াৰ ৷ অষ্ট্ৰেলিয়া 389 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছিল নিউজীলেণ্ডক ৷

Etv Bharat
Etv Bharat

স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ : ধৰমশালাত হিমাচল প্ৰদেশ ক্ৰিকেট এছচিয়েশ্যন ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হোৱা চলিত ক্ৰিকেট বিশ্বকাপৰ 27 সংখ্যক খেলখনত নিউজীলেণ্ডৰ বিৰুদ্ধে 5 ৰাণত জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই ৷ 389 ৰাণৰ বিজয় লক্ষ্য আগত লৈ কিৱি দলে নিৰ্দ্ধাৰিত 50 অভাৰত 9 টা উইকেট হেৰুৱাই 383 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ ট্ৰেভিছ হেড মেন অব দ্য মেচ বিবেচিত হয় ৷

389 ৰাণৰ বিজয় লক্ষ্য আগত লৈ নিউজীলেণ্ডে এক শক্তিশালী আৰম্ভণি কৰিছিল ৷ ৰাচিন ৰবীন্দ্ৰৰ শতৰাণ, ডাৰেল মিছেল আৰু জেমছ নিচামৰ অৰ্ধশতৰাণৰ সহায়ত দলটো প্ৰায় বিজয় লক্ষ্যত উপনীত হৈছিল যদিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 5 ৰাণত পৰাজয় স্বীকাৰ কৰে দলটোৱে ৷ দলৰ হৈ ৰাচিন ৰবীন্দ্ৰই সাৰ্বাধিক 116 ৰাণ কৰাৰ বিপৰীতে জেমছ নিছামে 39 টা বলত 58 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ উইল ইউঙে 32 ৰাণ কৰাৰ বিপৰীতে ডেভন কনৱেই সংগ্ৰহ কৰে 28 ৰাণ ৷ ডাৰেল মিছেলে সংগ্ৰহ কৰে 54 ৰাণ ৷

অষ্ট্ৰেলিয়াৰ হৈ আডাম জাম্পাই সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ অধিনায়ক পেট কামিনছ আৰু জ’ছ হেজেলউডে 2 টাকৈ উইকেট দখল কৰে ৷ গ্লেন মেক্সৱেলে দখল কৰে 1টা উইকেট ৷

ইফালে প্ৰথমে টছত জিকি বলিঙৰ সিদ্ধান্ত লয় নিউজীলেণ্ডে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি অষ্ট্ৰেলিয়াই 49.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 388 ৰাণৰ বিশাল স্কৰ ৷ ডেভিদ ৱাৰ্ণাৰ আৰু ট্ৰেভিছ হেডৰ বিস্ফোৰক বেটিঙৰ সহায়ত অষ্ট্ৰেলিয়াই কিৱি দলক 389 ৰাণৰ বিশাল বিজয় লক্ষ্য বান্ধি দিয়ে ৷ ডেভিদ ৱাৰ্ণাৰে 81 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ট্ৰেভিছ হেডে সংগ্ৰহ কৰে 67 টা বলত 109 ৰাণ ৷ মেক্সৱেলে 24 টা বলত সংগ্ৰহ কৰে 41 ৰাণ ৷

নিউজীলেণ্ডৰ হৈ গ্লেন ফিলিপছ আৰু ট্ৰেন্ট ব’ল্টে সাৰ্বাধিক 3 টাকৈ উইকেট দখল কৰে ৷ মিছেল ছেন্টনাৰে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিমি নিছাম আৰু মেট হেনৰীয়ে 1টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : World Cup 2023 : নেডাৰলেণ্ড বনাম বাংলাদেশ, ইডেন গাৰ্ডেনত বিশ্বকাপ ২০২৩ৰ প্ৰথমখন খেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.