ETV Bharat / sports

ICC World Cup 2023 : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 309 ৰাণত শোচনীয় পৰাজয় নেদাৰলেণ্ডৰ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 4:08 PM IST

Updated : Oct 25, 2023, 9:04 PM IST

বুধবাৰে অনুষ্ঠিত হোৱা চলিত ক্ৰিকেট বিশ্বকাপৰ লীগ পৰ্যায়ৰ অষ্ট্ৰেলিয়া-নেদাৰলেণ্ডৰ মাজৰ মেচখনত নেদাৰলেণ্ডক 309 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে কেংগেৰু বাহিনীয়ে ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ নেদাৰলেণ্ডৰ সন্মুখত 400 ৰাণৰ বিজয় লক্ষ্য বান্ধিছিল কেংগেৰু বাহিনীয়ে ৷

ICC World Cup 2023
অষ্ট্ৰেলিয়াৰ সন্মুখত নেদাৰলেণ্ড

স্পৰ্টছ ডেস্ক, 25 অক্টোবৰ : গ্লেন মেক্সৱেল আৰু ডেভিদ ৱাৰ্ণাৰৰ বিস্ফোৰক শতকৰে ডাচ্চ বাহিনীক 309 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই ৷ উল্লেখ্য যে, মেচখনত মাত্ৰ 40 টা বলত ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত শতৰাণ সম্পূৰ্ণ কৰি এক অনন্য ৰেকৰ্ড গঢ়িলে মেক্সৱেলে ৷

400 ৰাণৰ বিশাল বিজয় লক্ষ্য আগত লৈ নিজৰ ইনিংছ আৰম্ভ কৰি নেদাৰলেণ্ডে 21 অভাৰতে মাত্ৰ 90 ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱাই ৷ অষ্ট্ৰেলিয়াৰ তীক্ষ্ণ বলিঙৰ সন্মুখত তিষ্ঠিত নোৱাৰি মাত্ৰ 21 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ডাচ্চ বিহিনীয়ে ৷ দলৰ হৈ বিক্ৰমজিৎ সিঙে সাৰ্বাধিক 25 ৰাণ সংগ্ৰহ কৰে ৷

অষ্ট্ৰেলিয়াৰ হৈ আডাম জাম্পাই সাৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ মিটছেল মাৰ্শ্বে 2 টা উইকেট দখল কৰাৰ বিপৰীতে মিটছেল ষ্টাৰ্ক, জ’ছ হেজেলউড আৰু অধিনায়ক পেট কামিন্সে 1টাকৈ উইকেট দখল কৰে ৷ উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াৰ ৩০৯ ৰাণৰ এই বিজয় এদিনীয়াত দ্বিতীয় সৰ্ববৃহৎ আৰু বিশ্বকাপত এতিয়ালৈকে সৰ্বাধিক ৷ বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেল মেন অব দ্য মেচ বিবেচিত হয় ৷

দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হয় চলিত ক্ৰিকেট বিশ্বকাপৰ লীগ পৰ্যায়ৰ অষ্ট্ৰেলিয়া-নেদাৰলেণ্ডৰ মাজৰ মেচখন ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় কেংগেৰে বাহিনীয়ে ৷

প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ নিজৰ ইনিংছ আৰম্ভ কৰি অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেটৰ বিনিময়ত 399 ৰাণ সংগ্ৰহ কৰে ৷ 3.5 অভাৰতে মিটছেল মাৰ্শ্বৰ ৰূপত এটা উইকেটৰ পতনৰ পিছত কেংগেৰু দলটো শলঠেকত পৰিছিল যদিও ডেভিদ ৱাৰ্ণাৰ আৰু ষ্টিভেন স্মিথে ধৈৰ্য সহকাৰে খেলি দলক এক সুষ্ঠিৰ আৰম্ভণি দিয়ে ৷ ষ্টিভেন স্মিথে 68 টা বলত 71 ৰাণ আৰু ডেভিদ ৱাৰ্ণাৰে 93 বলত 104 ৰাণ সংগ্ৰহ কৰে ৷ মিটছেল মাৰ্শ্বে 15 টা বলত 9 ৰাণ কৰি ভান বীকৰ বলত পেভিলিয়নমুখী হয় ৷

ইয়াৰ পাছতেই কেংগেৰু দলৰ অলৰাইণ্ডাৰ গ্লেন মেক্সৱেলে বিস্ফোৰক বেটিঙেৰে মাত্ৰ 40 টা বলত শতৰাণ সংগ্ৰহ কৰি দলক এক বিশাল স্ক’ৰৰ দিশে লৈ যায় ৷ মেক্সৱেলে 44টা বলত 106 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ নেদাৰলেণ্ডৰ হৈ ভান বীকে সাৰ্বাধিক 4টা উইকেট দখল কৰে ৷ বাছ ডি লিডে 2টা আৰু আৰয়ান দত্তই 1টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ নিজৰ অভিযানৰ আৰম্ভণি হতাশাজনক আছিল যদিও পেট কামিন্সৰ নেতৃত্বত শ্ৰীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে দুটা কঠিন প্ৰদৰ্শনেৰে ইয়াক ঘূৰাই আনি শীৰ্ষ চাৰিটা স্থানত উপনীত হৈছে ৷ ইফালে বুধবাৰে নেদাৰলেণ্ডক বৃহৎ ব্যৱধানত পৰাস্ত কৰে দলটোৱে ৷

লগতে পঢ়ক : Virat Kohli on Google Search : এছিয়াৰ সৰ্বাধিক গুগল ছাৰ্চ কৰা খেলুৱৈ বিৰাট কোহলী; বিশ্বত পঞ্চম সৰ্বাধিক ছাৰ্চ

Last Updated : Oct 25, 2023, 9:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.