স্পৰ্টছ ডেস্ক, ৪ অক্টোবৰ : মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী । ৰাতি পোহৰ হোৱাৰ লগে লগেই আৰম্ভ হ'ব ত্ৰয়োদশ আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ কাউণ্টডাউন । যাৰ বাবে ইতিমধ্যে দেশৰ লগতে বিশ্বৰ ক্ৰিকেট অনুৰাগীসকল ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈ পৰিছে । নিজৰ প্ৰিয় দল, প্ৰিয় খেলুৱৈগৰাকীৰ খেল উপভোগ কৰিবলৈ উদগ্ৰীৱ হৈ আছে বিশ্বৰ মিলিয়ন ক্ৰিকেটানুৰাগী । বৃহস্পতিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড আৰু বিগত সংস্কৰণৰ ৰানাৰ্ছ-আপ নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া হাই প্ৰফাইল মেচখনে এইবাৰৰ ক্ৰিকেট বিশ্বকাপৰ ৰাজকীয় উদ্বোধনী ঘটাব ।
আইচিচি বিশ্বকাপৰ প্ৰাকমুহূৰ্তত আমি ইয়াৰ কিছু নিয়ম-নীতিৰ বিষয়ে ভালদৰে অৱগত হোৱাটো প্ৰয়োজন । উল্লেখ্য যে এইবাৰৰ ৪২ দিনৰ এই ব্যস্ত কাৰ্যসূচীত ৪৮ খন মেচ অনুষ্ঠিত হ'ব আৰু সকলো মেচ এই নীতি-নিয়মে নিয়ন্ত্ৰণ কৰিব ।
এইবাৰ বিশ্বকাপত পৰিৱৰ্তন হোৱা নিয়মবোৰৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় এটা হৈছে টাই হোৱা মেচৰ সিদ্ধান্ত নিৰ্ণয় । যোৱা বছৰৰ তুলনাত এই বছৰ একাধিক ছুপাৰ অ'ভাৰ হ'ব । যোৱা বছৰ টাই হোৱা ফাইনেলৰ মহাৰণত এটা ছুপাৰ অ'ভাৰৰ পিছত এটা দলে কোবোৱা বাউণ্ডেৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বিজয়ী দলৰ সিদ্ধান্ত লোৱা হৈছিল । কিন্তু ২০২৩ সংস্কৰণত স্পষ্ট বিজয়ীৰ সিদ্ধান্ত নোলোৱালৈকে একাধিক ছুপাৰ অ'ভাৰ বল কৰাৰ পথ নিৰ্দেশনা দিয়াৰ উপৰি 'বাউণ্ডেৰী নিয়ম' বাতিল কৰা হৈছে ।
অৱশ্যে একাধিক ছুপাৰ অ'ভাৰ কেৱল তেতিয়াহে খেলত প্ৰৱৰ্তন হ'ব যদিহে ছেমি ফাইনেল বা ফাইনেল মেচ টাইত শেষ হয় । যদি গ্ৰুপ লীগ পৰ্যায়ত ৫০ অ'ভাৰৰ সম্পূৰ্ণ কোটাৰ পিছত দুটা দলৰ ৰাণ সমান হয়, তেন্তে মেচখন 'টাই' হোৱা বুলি ঘোষণা কৰা হ'ব ।
স্মৰ্তব্য যে ইংলেণ্ড আৰু নিউজীলেণ্ডৰ মাজত চূড়ান্ত খেলখন সমাপ্ত হোৱাৰ পিছত ফলাফলক লৈ সম্পূৰ্ণ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল আৰু ইংলেণ্ড দলটোৱে ইনিংছত কোবোৱা সৰ্বাধিক বাউণ্ডেৰীৰ ওপৰত ভিত্তি কৰি বিজয়ী হিচাপে বিবেচনা কৰা হৈছিল । কিন্তু এই সিদ্ধান্তত সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীসকল হতাশ হৈছিল আৰু আইচিচিৰ এই নিয়মক তীব্ৰ সমালোচনা কৰিছিল । আনকি বহুতেই এই মন্তব্য কৰিছিল যে আইচিচি ইংলেণ্ড দলটোৰ প্ৰতি সহানুভূতিশীল আছিল ।
আনহাতে, বৰষুণে খেলত বিধিপথালি দিলে বিজয়ীৰ সিদ্ধান্ত ল'বলৈ বহুচৰ্চিত ডিএলএছ (ডাকৱৰ্থ লুইছ ষ্টাৰ্ণ পদ্ধতি) পদ্ধতি খেললৈ আহিব । তেতিয়াও সম্ভৱ নহ'লে মেচখন সংৰক্ষিত দিনলৈ যাব ।
আমোদজনকভাৱে, কেৱল চিৰপ্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ বাবে এটা নিয়ম প্ৰৱৰ্তন কৰা হৈছে । গ্ৰুপ লীগৰ পিছত পাকিস্তানে কি স্থানত অভিযান শেষ কৰে তাৰ ওপৰত ভিত্তি কৰি যদি তেওঁলোকে অন্তিম চাৰিটা পৰ্যায়ত প্ৰৱেশ কৰে তেন্তে তেওঁলোকে কলকাতাৰ ইডেন গাৰ্ডেনত খেলিব । আনহাতে, ভাৰতৰ ক্ষেত্ৰত যদি 'মেন ইন ব্লু'ৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু তেওঁলোকে পাকিস্তানৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলগা নহয়, তেন্তে মুম্বাইত খেলাটো নিশ্চিত। কিন্তু যদি ছেমি ফাইনেলত চিৰপ্ৰতিদ্বন্দ্বী দল দুটা ইটোৱে সিটোৰ মুখামুখী হয়, তেন্তে উক্ত মেচখন ইডেনৰ সেউজীয়া ঘাঁহনিত অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক :Cricket World Cup 2023: ক্ৰিকেট বিশ্বকাপ ২০২৩ ত নাথাকিব চমকপ্ৰদ উদ্বোধনী অনুষ্ঠান