ETV Bharat / sports

ৰিভিউ নিয়মত পৰিৱৰ্তন আইচিচিৰ; ষ্টাম্পিং ডিআৰএছত পৰীক্ষা কৰা নহ'ব কেছ - ICC DRS rules

New DRS Rules : ২০২৪ চনৰ আৰম্ভণিতে এক নতুন নিয়ম আনিছে আইচিচিয়ে । এই নতুন নিয়মৰ অধীনত ফিল্ডিং কৰা দলটো হতাশ হোৱাৰ বিপৰীতে বেটিং কৰা দলটোৱে সুবিধা লাভ কৰিব । আইচিচিৰ এই নতুন নিয়মৰ সবিশেষ ইয়াত পঢ়ক ।

ষ্টাম্পিং ডিআৰএছত পৰীক্ষা কৰা নহ'ব কেছ
ষ্টাম্পিং ডিআৰএছত পৰীক্ষা কৰা নহ'ব কেছ
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 3:52 PM IST

স্পৰ্টছ ডেস্ক, ৪ জানুৱাৰী : ক্ৰিকেট খেলপথাৰত বেটছমেনসকল বিভিন্ন ধৰণে আউট হয় । এই পদ্ধতিবোৰৰ ভিতৰত এটা হৈছে ষ্টাম্পিং । ইয়াৰ অধীনত বেটছমেনক আউট ঘোষণা কৰা হয় । কিন্তু এতিয়া আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) ষ্টাম্পিং আউটৰ নিয়মত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে । এই পৰিৱৰ্তনৰ পিছত এফালে বেটিং দলটো লাভান্বিত হ'ব, আনহাতে ফিল্ডিং দলটো এক ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে ।

উল্লেখ্য যে ষ্টাম্পিঙৰ বাবে ২০২৪ চনত এক নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে । এই নিয়মৰ অধীনত যেতিয়া ফিল্ডিং দলে ষ্টাম্পিঙৰ ৰিভিউ ল'ব, তেতিয়া ডিআৰএছত কেৱল ষ্টাম্পিংহে পৰীক্ষা কৰা হ'ব ।

ইয়াৰ পূৰ্বে যেতিয়া ফিল্ডিং দলে ষ্টাম্পিঙৰ বাবে ডিআৰএছ লৈছিল, তেতিয়া প্ৰথমে কেছটো পৰীক্ষা কৰা হৈছিল । সেই সময়ত যদি বলটোৱে বেট স্পৰ্শ কৰে, তেন্তে বেটছমেনক তাতেই আউট দিয়া হৈছিল । আম্পায়াৰে আৰু ষ্টাম্পিঙলৈ যোৱা নাছিল । এতিয়া নতুন নিয়মৰ অধীনত ষ্টাম্পিঙৰ ডিআৰএছ লোৱাৰ পিছত আম্পায়াৰে পোনপটীয়াকৈ ষ্টাম্পিং ৰিভিউ কৰিব, কেছ পৰীক্ষা কৰা নহ'ব ।

পূৰ্বতে বহু দলে যেতিয়া ষ্টাম্পিং ৰিভিউ কৰিছিল, তেতিয়া বহু ক্ষেত্ৰত ডিআৰএছ পৰীক্ষাৰ সময়ত ষ্টাম্পিং নহয়, কেছ আউটৰ ৰূপত উইকেট লাভ কৰিছিল । কিয়নো তৃতীয় আম্পায়াৰে ষ্টাম্পিং নহয়, প্ৰথমে কেছটো পৰীক্ষা কৰিছিল । তাৰ পিছতহে তৃতীয় আম্পায়াৰে ষ্টাম্পিং পৰীক্ষালৈ গৈছিল ।

কিন্তু এতিয়া আৰু তেনেকুৱা নহ'ব । নতুন নিয়ম অনুসৰি, ষ্টাম্পিঙৰ ডিআৰএছ ল'লে কেছ আউটত উইকেট লাভ কৰাটো সমাপ্ত হ'ব । এতিয়া ফিল্ডিং দলে ষ্টাম্পিঙৰ বাবে পৃথকে আৰু কেছৰ বাবেও পৃথকে আপীল কৰিব লাগিব ।

লগতে পঢ়ক : ভাৰত বনাম দক্ষিণ আফ্ৰিকা, অভিলেখৰ এটা দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.