স্পৰ্টছ ডেস্ক,১৯ মাৰ্চ: ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ শৃংখলা চলি থকাৰ লগতে সন্মুখত টি-২০ বিশ্বকাপ তাৰ মাজতে ভাৰতীয় দলটোৰ বাবে এক ভাল খবৰ । দললৈ উভতি আহিল য়ৰ্কাৰ ষ্পেচিয়েলিষ্ট থাংগাৰাছু নটৰাজন । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত আঘাতপ্ৰাপ্ত হৈছিল পেছ বলাৰজন যাৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা বাহিৰত আছিল খেলুৱৈ গৰাকী ।
অৱশেষত স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে আহমেদাবাদলৈ ঘূৰি আহে খেলুৱৈগৰাকী । অৱশ্যে ক'ভিড প্ৰট'ক'লৰ বাবে কোৱাৰেন্টাইনত আছিল খেলুৱৈগৰাকী আৰু চতুৰ্থ টি-২০ ৰ সময়ত দলটোত যোগদান কৰে বলাৰজনে ।
উল্লেখ্য যে ২৯ বছৰীয়া নটৰাজনে সকলো ফৰমেটত আত্মপ্ৰকাশ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিজৰ প্ৰদৰ্শনেৰে সকলোকে প্ৰভাৱিত কৰিছিল । নটৰাজনে য়োয়ো আৰু ২ কি:মি: ৰাণকে ধৰি সকলো বাধ্যতামূলক স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কথা স্পষ্ট কৰে বিচিচিআইৰ এগৰাকী শীৰ্ষ বিষয়াই ।
ইফালে তেওঁৰ পুনৰ আগমনৰ পিছতে পৰৱৰ্তী খেল আৰু ৫০ অ'ভাৰৰ শৃংখলাৰ বাবে ভাৰতীয় দলৰ খেলুৱৈৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভূক্ত হ'ব বুলি আশা কৰা হৈছে ।