ETV Bharat / sports

ইশান কিষাণ-ঋষভ পণ্টক প্ৰশংসা চাবা কৰিমৰ

author img

By

Published : Mar 16, 2021, 3:43 PM IST

প্ৰাক্তন ক্ৰিকেটাৰ চাবা কৰিমে ঋষভ পণ্ট আৰু ইশান কিষাণক প্ৰশংসা কৰা দেখা যায় । তেওঁৰ মতে দুগৰাকীকৈ প্ৰতিভাৱান খেলুৱৈয়ে ভাৰতৰ হৈ টি-২০, এদিনীয়া আৰু টেষ্ট অৰ্থাৎ সকলো ফৰ্মেটতে স্থান লাভ কৰিবলৈ সক্ষম হ'ব ।

ইশান কিষাণ-ঋষভ পন্টক প্ৰশংসা প্ৰাক্তন ক্ৰিকেটাৰ চাবা কৰিমৰ

স্পৰ্টছ ডেস্ক,১৬ মাৰ্চ: শেহতীয়াকৈ ভাৰতীয় দলৰ কেইবাগৰাকী যুৱ ক্ৰিকেটাৰে সুন্দৰ প্ৰদৰ্শনেৰে দলটোক শক্তিশালী কৰাত সহায় কৰিছে । যুৱ ক্ৰিকেটাৰ সকলৰ উন্নত প্ৰদৰ্শনে দৃষ্টি কাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰসকলৰো । প্ৰাক্তন ক্ৰিকেটাৰ চাবা কৰিমে দুজন যুৱ ক্ৰিকেটাৰ ক্ৰমে ঋষভ পণ্ট আৰু ইশান কিষাণক প্ৰশংসা কৰা দেখা গ'ল ।

তেওঁৰ মতে প্ৰতিভাৱান খেলুৱৈ দুগৰাকীয়ে ভাৰতৰ হৈ টি-২০, এদিনীয়া আৰু টেষ্ট অৰ্থাৎ সকলো ফৰ্মেটতে স্থান লাভ কৰিবলৈ সক্ষম হ'ব । শেহতীয়াকৈ হৈ যোৱা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত ঋষভৰ সুন্দৰ প্ৰদৰ্শন লগতে সীমিত অভাৰৰো তেওঁৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে চাবা কৰিমে । লগতে ইংলেণ্ডৰ বিৰুদ্ধে ইশান কিষাণে তেওঁৰ প্ৰথমখন টি-২০ত দেওবাৰে শ্বাসৰুদ্ধকৰ অৰ্ধ শতক কৰাৰ কথাও স্মৰণ কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ।

পণ্ট আৰু কিষাণৰ দৰে খেল জয় কৰিব পৰা ক্ষমতা থকা খেলুৱৈৰ সংযোজন ভাৰতীয় দলটোৰ বাবে গৌৰৱৰ কথা বুলিও উল্লেখ কৰে ক্ৰিকেটাৰ গৰাকীয়ে । দুয়োগৰাকীয়ে ১৯ বছৰ অনুৰ্ধৰ ভাৰতীয় দলটোৰ হৈ খেলি তেওঁলোকৰ স্থিতি মজবুত কৰি ৰাখিছে । সেয়ে দুয়োগৰাকী খেলুৱৈ ভাৰতীয় দলটোৰ হৈ সকলো ফৰ্মেটত খেলাৰ যোগ্য বুলি দাবী কৰে প্ৰাক্তন ক্ৰিকেটাৰ চাবা কৰিমে ।

লগতে পঢ়ক: বুমৰাহ-সঞ্জনাক শুভেচ্ছাৰে উপচালে ভাৰতীয় ক্ৰিকেটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.