স্পৰ্টছ ডেস্ক,২৭ মাৰ্চ: ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা অব্যাহত আছে । ইতিমধ্যে দুয়োটা দল এখনকৈ খেলত বিজয় সাব্যস্ত কৰিছে । ইয়াৰ মাজতে চৰ্চালৈ আহিছে ভাৰতীয় দলৰ নতুন মুখ প্ৰসিদ্ধ কৃষ্ণ । ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত আত্মপ্ৰকাশ হোৱা কৰ্ণাটকৰ খেলুৱৈ গৰাকীয়ে ৪ টাকৈ উইকেট দখল কৰাৰ লগে লগে বিভিন্নজনৰ প্ৰশংসাৰ পাত্ৰ হৈছে ।
ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰেও প্ৰশংসা কৰিলে প্ৰসিদ্ধ কৃষ্ণক । ২০১৮ চনত জচপ্ৰিত বুমৰাহৰ দৰে প্ৰসিদ্ধ কৃষ্ণইও নিজৰ বলিঙৰ গতি আৰু চিমৰ জৰিয়তে টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে প্ৰাক্তন অধিনায়কজনে ।
বলিঙৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়াৰ উপৰিও ৰঙা বলৰ টেষ্ট ক্ৰিকেটৰ বাবেও ভাৰতীয় বাছনি সমিতিয়ে প্ৰসিদ্ধ কৃষ্ণক গুৰুত্ব সহকাৰে ল’ব লাগে বুলি শুকুৰবাৰে এক মন্তব্য দিয়ে গাভাস্কাৰে ।
উল্লেখ্য যে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ ৯ খন খেলত বৰ্তমানলৈ প্ৰসিদ্ধ কৃষ্ণই ৩৪ টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে 'এ' তালিকাৰ ৫০ খন খেলত মুঠ ৮৭ টা নিজৰ দখললৈ আনিছে বলাৰ জনে ।
লগতে পঢ়ক: প্ৰথম এদিনীয়া : ইংলেণ্ডৰ বিৰুদ্ধে 66 ৰাণত জয়ী ভাৰত