ETV Bharat / sports

বৰষুণৰ বাবে স্থগিত ইংলেণ্ড-শ্ৰীলংকাৰ তৃতীয় এদিনীয়া

author img

By

Published : Jul 5, 2021, 2:01 PM IST

দেওবাৰে আধাতে খেলপথাৰ এৰিবলগীয়া হ'ল ইংলেণ্ড আৰু শ্ৰীলংকাৰ ক্ৰিকেট তাৰকাই । বৰষুণৰ বাবে বাতিল হ'ল দুয়ো দলৰ এদিনীয়া শৃংখলাৰ চূড়ান্ত খেলখন । ইংলেণ্ড জয়ী হোৱাৰ পথ প্ৰশস্ত হোৱাৰ পিছতো থমকি ৰ’বলগীয়া হয় বৃষ্টিপাতৰ বাবে ।

বৰষুণৰ বাবে স্থগিত ইংলেণ্ড-শ্ৰীলংকাৰ তৃতীয় এদিনীয়া
বৰষুণৰ বাবে স্থগিত ইংলেণ্ড-শ্ৰীলংকাৰ তৃতীয় এদিনীয়া

স্প’ৰ্টছ ডেস্ক, ৫ জুলাই : ধাৰাসাৰ বৰষুণৰ বাবে বাতিল হ'ল ইংলেণ্ড আৰু শ্ৰীলংকাৰ চলিত এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল । ইংলেণ্ডে ইতিমধ্যে দুখন খেলত জয় লাভ কৰিছে । কিন্তু বৰষুণৰ বাবে তৃতীয় তথা চূড়ান্ত খেলখন বাতিল হোৱাৰ বাবে শৃংখলাৰ বিজয়ী খিতাপৰ বাবে অপেক্ষা কৰিবলগীয়া হয় ৷

আইচিচিয়ে টুইটযোগে খেল বাতিল হোৱাৰ কথা প্ৰকাশ কৰিছে । আৰম্ভণিতে টছত জয়ী হোৱাৰ পিছত ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । খেলৰ প্ৰথমাৱস্থাত শ্ৰীলংকাই হতাশাজনক প্ৰদৰ্শন আগবঢ়ায় ৷

৪২ অভাৰত মাত্ৰ ১৬৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় দলটো ।

ইংলেণ্ডৰ টম কুৰেণে ৩৫ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰে । ক্ৰিছ ৱাক্সে ২ টা উইকেট আৰু ডেভিড ৱিল্লীয়ে ২ টা উইকেট দখল কৰিবলৈ সক্ষম হয় । দাচুন শানকাৰ বাহিৰে শ্ৰীলংকাৰ কোনো বেটছমেনে ইংলেণ্ডৰ বলাৰসকলৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা নাছিল । ২৯ বছৰীয়া অলৰাউণ্ডাৰ দাচুন শনাকাৰে ৬৫টা বলত ৪৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ।

তৃতীয় অভাৰত অধিনায়ক কুশল পেৰেৰা আউট হয় । মাত্ৰ ৬৩ ৰাণত ১৫ অভাৰৰ ভিতৰত শ্ৰীলংকাৰ আধাখিনি বেটছমেন আউট হৈছিল । অৱশেষত ১৬৬ ৰাণতে সন্তুষ্ট হ'বলগীয়া হয় দলটো । উল্লেখ্য যে, টি-২০ ৰ প্ৰতিখন খেলতে ইংলেণ্ডে শ্ৰীলংকাক পৰাস্ত কৰিছিল আৰু এদিনীয়া শৃংখলাতো একে দশা হৈছে শ্ৰীলংকাৰ ।

লগতে পঢ়ক: ১৭ জুলাইত টকিঅ' অভিমুখে ৰাওনা হ'ব ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.