ETV Bharat / sports

ভাৰতৰ প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ে যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰিব: গাংগুলী

বিগত কেইমাহমান পূৰ্বে ভাৰতৰ ক্ৰিকেটজগতৰ অন্যতম তাৰকা ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব অৰ্পন কৰা হৈছিল । ইয়াৰ পাছতেই ভিন্ন জনে প্ৰকাশ কৰিছিল ভিন্ন প্ৰতিক্ৰিয়া । শেহতীয়াকৈ BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া (Sourav Ganguly on Rahul Dravid) ।

dravid will do remarkable job as india coach says ganguly
ভাৰতৰ প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ে যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰিব: গাংগুলী
author img

By

Published : Apr 3, 2022, 7:33 PM IST

স্পৰ্টছ ডেস্ক,০৩ এপ্ৰিল: বিগত কেইমাহমান পূৰ্বে ভাৰতৰ ক্ৰিকেটজগতৰ অন্যতম তাৰকা ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব অৰ্পন কৰা হৈছিল । ইয়াৰ পাছতেই ভিন্ন জনে প্ৰকাশ কৰিছিল ভিন্ন প্ৰতিক্ৰিয়া । শেহতীয়াকৈ BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া (Sourav Ganguly on Rahul Dravid) ।

দ্ৰাবিড়ৰ সন্দৰ্ভত গাংগুলীয়ে কয় যে ভাৰতৰ প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ে যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰিব । দ্ৰাবিড়ৰ সতৰ্কতা আৰু পেছাদাৰী মনোভাৱে প্ৰশিক্ষক হিচাপে তেওঁক সফল হোৱাত সহায় কৰিব বুলি অনুভৱ কৰে BCCIৰ সভাপতিগৰাকীয়ে (BCCI president Sourav Ganguly) । লগতে গাংগুলীয়ে প্ৰকাশ কৰে যে তেওঁৰ প্ৰাক্তন সতীৰ্থ ৰাহল দ্ৰাবিড়ৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ ভূমিকাত সফল হোৱাৰ সকলো গুণ আছে ।

শনিবাৰে এক প্ৰচাৰমূলক অনুষ্ঠাত অংশ লৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তণ অধিনায়কজনে কয় যে ৰাহুল দ্ৰাবিড় খেলা দিনবোৰতেই যথেষ্ট সতৰ্ক আৰু পেছাদাৰী আছিল । লগতে উল্লেখ কৰে যে পাৰ্থক্য মাথো ইমানেই যে দ্ৰাবিড়ে এতিয়া ভাৰতৰ হৈ ৩ নম্বৰত বেটিং কৰিব নালাগে । ৰাহুল দ্ৰাবিৰ বিশ্বৰ শ্ৰেষ্ঠ বলাৰৰ মুখামুখী হোৱাৰ কথাও উল্লেখ কৰে BCCIৰ সভাপতিগৰাকীয়ে । সৌৰভ গাংগুলীয়ে উল্লেখ কৰে যে বৰ্তমান সময়তো দ্ৰাবিড়ে তেওঁৰ প্ৰতিভাৰে সৎ প্ৰশিক্ষক হিচাপে বহু উল্লেকযোগ্য কাম কৰি যাব ।

BCCIৰ মুৰব্বী হোৱাৰ বাবে বিগত বৰ্ষৰ T-20 বিশ্বকাপত ৰবি শাস্ত্ৰীৰ স্থানত দ্ৰাবিড়ক ভাৰতৰ প্ৰশিক্ষক হিচাপে পদৰ্শন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । গাংগুলীয়ে উল্লেখ কৰে যে তেঁও সকলোৰে দৰে সচৰাচৰ সকলোৰে দৰে ভুল কৰিব পাৰে, কিন্তু যদি সঠিক ভাৱে কাম কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আনতকৈ বেছি সফলতা অৰ্জন কৰিব ।

BCCIৰ শীৰ্ষ বিষয়াজনে দ্ৰাবিড়ক তেওঁৰ পূৰ্বসূৰী শাস্ত্ৰীৰ সৈতে তুলনা কৰিবলৈ অস্বীকাৰ কৰে । কিয়নো তেওঁলোক ভিন্ন ব্যক্তিত্বৰ মানুহ । তেওঁ উদাহৰণ দি কয় যে এজন মানুহ আপোনাৰ শক্তি হৈ সদায় থাকিব আনহাতে আনজনে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হৈয়ো নিশব্দে কাম কৰি যাব । দুজন মানুহ কেতিয়াও একেধৰণে সফল হ'ব নোৱাৰে ।

লগতে পঢ়ক: কংগ্ৰেছ জাতি আৰু কুল বিহীন দল : দিগন্ত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.