স্পৰ্টছ ডেস্ক, ১৩ অক্টোবৰ : দুয়োখন দেশতে ক্ৰিকেটক ধৰ্ম হিচাপে গ্ৰহণ কৰা হয় । আনহাতে, দুয়োখন দেশ পৰপ্ৰৰ মুখামুখী হ'লেই সমগ্ৰ দেশতে বিয়পি পৰে ক্ৰিকেট উন্মাদনা । সেই দুটা দল আন কোনো নহয়, ক্ৰিকেট মহাৰণৰ দুই চিৰবৈৰী ভাৰত আৰু পাকিস্তান । চলিত ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত শনিবাৰে আহমেদাবাদৰ মটেৰাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ক্ৰিকেট মহাৰণৰ দিশে এতিয়াৰে পৰা সকলোৰে দৃষ্টি নিবদ্ধ হৈছে । ২২ গজৰ এই মহাৰণ এতিয়া সমগ্ৰ ভাৰত আৰু পাকিস্তানৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বিশ্বকাপৰ সাতবাৰৰ প্ৰতিদ্বন্দ্বিতাত চিৰপ্ৰতিদ্বন্দীৰ ভাৰতে বিৰুদ্ধে ৭-০ জয়ৰ এক অভূতপূৰ্ব বিশ্বকাপ ৰেকৰ্ড স্থাপন কৰি ৰাখিছে ।
১৯৯২ চনৰ পৰা আইচিচি বিশ্বকাপত দুই চিৰপ্ৰতিদ্বন্দ্বীয়ে কেনে পৰিস্থিতিৰ মাজেৰে গৈছে তাৰ এক অৱলোকন :
২৯ বছৰ পূৰ্বে এই প্ৰতিদ্বন্দ্বিতাত দুয়োপক্ষৰ দুগৰাকী কিংবদন্তি জাভেদ মিয়াঁদাদ আৰু কিৰণ মোৰেৰ দ্বাৰা এই যাত্ৰা আৰম্ভ হৈছিল । অষ্ট্ৰেলিয়াৰ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত ভাৰতে ৪৩ ৰাণত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল ।
তাৰ চাৰি বছৰ পিছত দুয়ো চুবুৰীয়া পুনৰ মুখামুখী হয় । এইবাৰ বেংগালুৰু আছিল সেই স্থান । কিন্তু তাতো সেই একেই প্ৰদৰ্শন । ভাৰতে এম চিন্নাস্বামী ষ্টেডিয়ামত পাকিস্তানক ৩৯ ৰাণত পৰাস্ত কৰে ।
১৯৯৯ চনত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপৰ সময়তো ফলাফল ভাৰতৰ পক্ষতে আহিছিল । সেই সময়ত কাৰ্গিল যুদ্ধই নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) দুয়োফালে শিৰোনাম দখল কৰি আছিল । দুয়োটা দলে মানচেষ্টাৰত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । মহম্মদ আজহাৰুদ্দিনৰ নেতৃত্বত ভাৰতে পুনৰ এবাৰ চিৰ প্ৰতিদ্বন্দ্বীক ৪৭ ৰাণত পৰাস্ত কৰে ।
অৱশ্যে এগৰাকী যুৱ অধিনায়ক সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতে ২০০৩ চনত এটা সম্পূৰ্ণ নতুন দল লৈ বিশ্বকাপত অৱতীৰ্ণ হৈছিল । এই সংস্কৰণতো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম নহ'ল । উক্ত বিশ্বকাপত পাকিস্তান ভাৰতৰ বিৰুদ্ধে ৪৭ ৰাণত পৰাস্ত হয় ।
ইয়াৰ পিছত আহে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ঐতিহাসিক বিশ্বকাপ । ভাৰতে পুনৰ ২০১১ চনত পাকিস্তানক পদানত কৰিছিল । উক্ত বিশ্বকাপত ভাৰতে অৱশেষত তেওঁলোকৰ দ্বিতীয় বিশ্বকাপ জয় কৰিছিল । সেইবাৰো ইতিহাস ভাৰতৰ পক্ষতে আছিল । ধোনী বাহিনীয়ে মোহালিৰ ছেমিফাইনেলত পাক দলক ২৯ ৰাণত পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয় ।
আনহাতে, ১৯৯২ চনৰ পৰা ২৩ বছৰ পিছত যদি অষ্ট্ৰেলিয়ালৈ উভতি যোৱা যায়, তেন্তে ২০১৫ চনৰ বিশ্বকাপত ভাৰত-পাকৰ সংঘৰ্ষই এডিলেড অভালতো পাকিস্তানৰ ভাগ্যৰবি উদয় কৰিব নোৱাৰিলে । সেইবাৰৰ বিশ্বকাপ সংস্কৰণৰ উদ্বোধনী মেচত ভাৰতে ৭৬ ৰাণৰ সহজ বিজয় সাব্যস্ত কৰে । নিৰ্ধাৰিত ৫০ অভাৰত সাত উইকেটত ৩০০ ৰাণ সংগ্ৰহ কৰাৰ পিছত ভাৰতে পাকিস্তানীসকলৰ আশাত পুনৰবাৰ চেঁচাপানী ঢালে ।
২০১৯ চনত ভাৰতে পাঁচ উইকেটত ৩৩৬ ৰাণ কৰাৰ পিছত ডাকৱৰ্থ-লুইছ (ডিএলএছ) পদ্ধতি প্ৰয়োগ কৰি মেচখনৰ ফলাফল নিৰ্ণয় কৰাটো পাকিস্তানৰ দুৰ্ভাগ্য আছিল । ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে ছয় উইকেটত মাত্ৰ ২১২ ৰাণ সংগ্ৰহ কৰিব পাৰিছিল আৰু ফলত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতৰ হাতত ৮৯ ৰাণত পৰাজিত হৈছিল ।
এতিয়া যদি শনিবাৰৰ মেচলৈ চাওঁ, এইটো হৈছে ভাৰতৰ বাবে বিজয়ৰ ব্যৱধান ৮-০ কৰাৰ সুযোগ । আনহাতে, বাবৰ বাহিনীয়ে পূৰ্বৰ সকলো ৰেকৰ্ড পাহৰি জয়ৰ মাজলৈ উভতি অহাৰ আশা কৰিব ।
লগতে পঢ়ক :World Cup 2023: দুটা দল; এখন খেল; লক্ষ লক্ষ দৰ্শকৰ উৎকণ্ঠা...বিশ্বকাপৰ বিগ মেচৰ বাবে মটেৰা সাজু