ETV Bharat / sports

Cricket world cup 2023: ৱাংখেড়েত বাংলাদেশৰ বিৰুদ্ধে 149 ৰাণৰ ব্যৱধানত জয়ী দঃ আফ্ৰিকা - Icc world cup

ভাৰতত অনুষ্ঠিত হৈ থকা বিশ্বকাপ 2023 ৰ 23 সংখ্যক লীগ মেচত বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় দক্ষিণ আফ্ৰিকাৰ ৷ কুইন্টন ডি ককক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা ৷ 383 ৰাণৰ বিশাল লক্ষ্য লৈ 233 ৰাণতে অল আউট বাংলাদেশ ৷

Icc world cup 2023
Cricket world cup 2023
author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:40 PM IST

Updated : Oct 24, 2023, 10:28 PM IST

স্প’ৰ্টছ ডেস্ক, 24 অক্টোবৰ: মঙলবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হয় বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 ৰ 23 সংখ্যক খেলখন ৷ বাংলাদেশৰ বিৰুদ্ধে 149 ৰাণৰ বিশাল ব্যৱধানত জয়লাভ দক্ষিণ আফ্ৰিকাৰ ৷ প্ৰথমে বেটিং কৰি প্ৰ’টিয়াৰ্ছ বাহিনীয়ে 383 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে বাংলাদেশক ৷ প্ৰত্যুত্তৰত 46.4 অভাৰত 233 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই বাংলাদেশে ৷

মহম্মদুল্লাহৰ বাহিৰে কোনো এজন বাংলাদেশৰ খেলুৱৈয়েই ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে খেলখনত ৷ আনকি অধিনায়ক চাকিব আল হাছানো ব্যৰ্থ হয় ৰাণ কৰাত ৷ মহম্মদুল্লাহে ষষ্ঠ স্থানত বেটিং কৰিবলৈ আহি 111 টা বলত 111 ৰাণ কৰি যুঁজ দিয়ে ৷ কিন্তু বাকী সকল খেলুৱৈৰ নিস্প্ৰভ প্ৰদৰ্শনৰ বাবে পৰাজয়ৰ সন্মুখীন হয় বাংলাদেশ ৷ দাঃ আফ্ৰিকাৰ হৈ কোৱেঝীয়ে 3 টা, জনছেন, লিঝাৰ্ড, ৰাবাডাই 2 টা আৰু কেশৱ মহাৰাজে 1 টা উইকেট দখল কৰে ৷ কুইন্টন ডি কক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা ৷

দঃ আফ্ৰিকাৰ হৈ অপেনাৰ কুইন্টন ডি ককে সুন্দৰ আৰম্ভণি কৰে যদিও আনজন অপেনাৰ হেণ্ড্ৰিকছে মাত্ৰ 12 ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে ৷ মাত্ৰ 1 ৰাণ কৰি এল বি ডব্লিউ হয় ডাছেন ৷ অধিনায়ক মাৰ্ক্ৰামে 60 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ কুইন্টন ডি ককে বিস্ফোৰক বেটিঙেৰে 140 টা বলত 174 ৰাণ কৰি 45.1 অভাৰত কেচ আউট হয় ৷ ইনিংছটোত ডি ককে মুঠ 15 টা চাৰি আৰু 7 টা ছিক্সাৰ কোবায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

হেনৰিচ ক্লাছেনে 49 টা বলত 90 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷ অন্তিম অভাৰৰ দ্বিতীয়টো বলত বাউণ্ডেৰী কোবাবলৈ গৈ আউট হয় ক্লাছেন ৷ লগে লগে তেওঁ শতক অৰ্জনৰ পৰা ব্যৰ্থ হয় ৷ ক্লাছেনে মুঠ 2 টা চাৰি আৰু 8 টা ছিক্সাৰ কোবায় ৷ ডেভিড মিলাৰে 15 টা বলত 4 টা ছিক্সাৰ আৰু 1 টা চাৰি কোবাই মুঠ 34 ৰাণ কৰি অপৰাজিত হৈ ৰয় ৷ নিৰ্ধাৰিত 50 অভাৰত 5 উইকেট হেৰুৱাই 382 ৰাণ কৰে দঃ আফ্ৰিকাই ৷

লগতে পঢ়ক: World Cup 2023 : চলিত বিশ্বকাপত ধৰাশায়ী ইংলেণ্ড, দলটোৰ এই দুৰৱস্থাৰ কাৰণ কি ?

Last Updated : Oct 24, 2023, 10:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.