ETV Bharat / sports

World Cup 2023 : নেডাৰলেণ্ড বনাম বাংলাদেশ, ইডেন গাৰ্ডেনত বিশ্বকাপ ২০২৩ৰ প্ৰথমখন খেল

ক্ৰিকেট ইতিহাসত তৃতীয়বাৰৰ বাবে নেডাৰলেণ্ড আৰু বাংলাদেশ মুখামুখি হ'ব । ইডেন গাৰ্ডেনত চলিত বিশ্বকাপৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব । পইণ্ট তালিকাৰ তলত আছে দুয়োটা দল ।

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 1:10 PM IST

World Cup 2023
নেডাৰলেণ্ড বনাম বাংলাদেশ

স্পৰ্টছ ডেস্ক,২৮ অক্টোবৰ : আজি আইচিচি বিশ্বকাপ ক্ৰিকেটৰ দুখন গুৰুত্বপূৰ্ণ খেল । ইতিমধ্যে ধৰ্মশালাত অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ মাজত আৰম্ভ হৈছে দিনটোৰ প্ৰথমখন খেল । ইফালে আনখন খেল নেডাৰলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব । বিশ্বকাপৰ ২৮ নম্বৰ এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । দুয়োটা দলে পইণ্ট তালিকাৰ তলৰ শাৰীত আছে ।

বাংলাদেশৰ অন্তিমখন খেল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছিল । য'ত দলটোৱে দক্ষিণ আফ্ৰিকাৰ সন্মুখত ১৪৯ ৰাণত পৰাজিত হৈছিল । আনহাতে, নেডাৰলেণ্ডে অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল । দলটো বিশ্বকাপ ইতিহাসৰ আটাইতকৈ বৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল । অষ্ট্ৰেলিয়াই ৩০৯ ৰাণত পৰাস্ত কৰিছিল নেডাৰলেণ্ডক ।

নেডাৰলেণ্ড আৰু বাংলাদেশ দুয়োটা দলে এতিয়ালৈ ২ খন খেলত মুখামুখি হৈছে । য'ত দুয়োটা দলে এখনকৈ মেচত জয়ী হৈছে । দুয়োটা দলৰ মাজত প্ৰথমখন খেল ২০১০ চনৰ ২০ জুলাই খেলা হৈছিল । অন্তিমখন খেল ২০১১ চনৰ ১৪ মাৰ্চত খেলা হৈছিল ।

কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়াম হাই স্কোৰিং মেচৰ বাবে জনাজায় । এদিনীয়াত এই ষ্টেডিয়ামত প্ৰথম ইনিংছৰ গড় স্ক'ৰ হৈছে ২৪১ । দ্বিতীয় ইনিংছত গড় স্ক'ৰ সাধাৰণতে ২০৩ হয় । ভাৰতে এই ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক ৫ উইকেটত ৪০৪ ৰাণ কৰিছিল । নেডাৰলেণ্ড বনাম বাংলাদেশৰ খেলখন এই ষ্টেডিয়ামত বিশ্বকাপৰ প্ৰথমখন খেল হ'ব । ইডেন গাৰ্ডেনৰ পিটছ বেটছমেনসকলৰ বাবে সহায়ক । বিশেষকৈ খেলখন আগবাঢ়ি যোৱাৰ লগে লগে প্ৰায়ে স্পিনাৰসকলে পিটছখনত আধিপত্য বিস্তাৰ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

একুৱেদাৰৰ মতে শনিবাৰে আবেলি কলকাতাত কুঁৱলীৰ প্ৰভাৱ থাকিব । অৱশ্যে বৰষুণৰ কোনো সম্ভাৱনা নাই । গতিকে দৰ্শকে গোটেই খেলখন বাধাহীনভাৱে উপভোগ কৰিব পাৰিব । খেলখনৰ সময়ত ক্লাউডকভাৰ ১১ শতাংশ হ'ব আৰু আৰ্দ্ৰতা ৪৪ শতাংশ হ'ব । তাপমাত্ৰা ২২ ৰ পৰা ৩৩ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব বুলি কোৱা হৈছে ।

বাংলাদেশৰ দল : তানজিদ হাচান, লিটন দাস, নজমুল হুছেইন শান্তো, চাকিব আল হাচান (অধিনায়ক), মুশফিকুৰ ৰহিম (উইকেটকিপাৰ), মাহমুদুল্লাহ, মেহেদী হাছান মিৰাজ, নচুম আহমেদ, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, শৌৰফুল ইছলাম ।

নেডাৰলেণ্ডৰ দল : বিক্ৰমজিৎ সিং, মেক্স ওডুড, কলিন একাৰমেন, বাস ডি লীড, তেজা নিদামানুৰু, স্কট এডৱাৰ্ডছ (অধিনায়ক/উইকেটকিপাৰ) সাইব্ৰাণ্ড এংগেলব্ৰেক্ত, লোগান ভান বীক, ৰুলফ ভান ডাৰ মৰ্ৱে, আৰ্যন দত্ত, পল ভান মিক্ৰেন ।

লগতে পঢ়ক :ICC World Cup 2023 : পাকিস্তানৰ বিৰুদ্ধে 1 উইকেটত জয়লাভ দক্ষিণ আফ্ৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.