ETV Bharat / sports

ICC World Cup 2023 : চলিত বিশ্বকাপত কোন কোন খেলুৱৈ আছে চৰ্চাত ?

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 12:40 PM IST

চলিত বিশ্বকাপৰ প্ৰায় আধা খিনি খেল সম্পূৰ্ণ হৈছে । প্ৰতিযোগিতাত কেইবাখনো অতি ৰোমাঞ্চকৰ খেল দেখা গৈছে । পইণ্ট তালিকাত কোনটো দল আছে শীৰ্ষত ? সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটছমেনসকল কোন কোন ? কোন কেইগৰাকী বলাৰৰ দপদপনি অব্যাহত আছে ?

ICC World Cup 2023
চলিত বিশ্বকাপত কোন কোন খেলুৱৈ আছে চৰ্চাত

স্পৰ্টছ ডেস্ক,২৯ অক্টোবৰ : চলিত এদিনীয়া বিশ্বকাপত মুঠ ৪৫ খন খেলৰ ভিতৰত এতিয়ালৈ ২৮ খন খেল অনুষ্ঠিত হৈছে । শনিবাৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ মাজত এখন ৰোমাঞ্চকৰ খেল উপভোগ কৰিছে । খেলখনে অনুৰাগীসকলক শেষৰটো বললৈকে আকৰ্ষিত কৰি ৰাখিছিল ।

অৱশেষত অষ্ট্ৰেলিয়াই ৰোমাঞ্চকৰ খেলত নিউজীলেণ্ডক ৫ ৰাণত পৰাস্ত কৰে । এই বিশ্বকাপত ৪ খন খেলত জয়ৰ পাচত এইটো নিউজীলেণ্ডৰ দ্বিতীয় পৰাজয় আছিল । আনহাতে, নেডাৰলেণ্ডে বাংলাদেশক ৮৭ ৰাণত পৰাস্ত কৰে আৰু দলটোৱে দ্বিতীয়টো জয় সাব্যস্ত কৰে । এই বিজয়ৰ সৈতে নেডাৰলেণ্ড দশম স্থানৰ পৰা ৮ম স্থানলৈ উন্নীত হয় । একে সময়তে, বাংলাদেশ এতিয়া পইণ্ট তালিকাত নেডাৰলেণ্ডৰ তলত আছে ।

বিশ্বকাপৰ পইণ্ট তালিকা :

চলিত বিশ্বকাপত দক্ষিণ আফ্ৰিকা ৬ খন খেলৰ ভিতৰত ৫ খনত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে । একে সময়তে, ভাৰতো ৫ খন খেলৰ ভিতৰত আটাইকেইখনতে জয়ী হৈ তালিকাৰ দ্বিতীয় স্থানত আছে । যদিও ভাৰত আৰু নিউজীলেণ্ডে ৫ খনকৈ মেচত জয়ী হৈছে নেট ৰাণ ৰেটৰ আধাৰত দক্ষিণ আফ্ৰিকা ভাৰতৰ তলত আছে । যদি ভাৰতে আজি ইংলেণ্ডৰ বিৰুদ্ধে মেচখন জয়ী হয় তেন্তে ভাৰতীয় দলটো শীৰ্ষ স্থানলৈ উন্নীত হ'ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

শনিবাৰে পৰাজয়ৰ পাচতো নিউজীলেণ্ডে ৩ নম্বৰতে আছে আৰু অষ্ট্ৰেলিয়া ৪ নম্বৰত আছে । দুয়োটা দলে ৪ খনকৈ মেচত জয়ী হৈছে । কিন্তু নিউজীলেণ্ডৰ ৰাণ ৰেট অষ্ট্ৰেলিয়াতকৈ ভাল, সেয়েহে দলটো তৃতীয় স্থানত আছে । একে সময়তে, শ্ৰীলংকা পঞ্চম, পাকিস্তান ষষ্ঠ, আফগানিস্তান সপ্তম, নেডাৰলেণ্ড দুটা জয়ৰ সৈতে অষ্টম স্থানত আছে । বাংলাদেশ আৰু ইংলেণ্ড নৱম আৰু দশম স্থানত আছে ।

কোনে কৰিছে সৰ্বাধিক ৰাণ :

২০২৩ চনৰ বিশ্বকাপত এতিয়ালৈকে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হৈছে দক্ষিণ আফ্ৰিকাৰ বাওঁহাতৰ অপেনাৰ কুইণ্টন ডি কক । তেওঁ ৬ খন খেলত ৪৩১ ৰাণ সংগ্ৰহ কৰিছে । অষ্ট্ৰেলিয়াৰ বাওঁহাতৰ অপেনাৰ ডেভিদ ৱাৰ্ণাৰ দ্বিতীয় নম্বৰত আছে । ৱাৰ্ণাৰে ৪১৩ ৰাণ সংগ্ৰহ কৰিছে । নিউজীলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰ ৩ নম্বৰত আছে । ৰবীন্দ্ৰই ৪০৬ ৰাণ সংগ্ৰহ কৰিছে । দক্ষিণ আফ্ৰিকাৰ বেটছমেন এডেন মাৰ্ক্ৰাম ৩৫৬ ৰাণৰ সৈতে চতুৰ্থ আৰু বিৰাট কোহলী ৩৫৪ ৰাণৰ সৈতে পঞ্চম স্থানত আছে ।

কোনে লৈছে সৰ্বাধিক উইকেট :

এতিয়ালৈকে বিশ্বকাপ ২০২৩ত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ স্পিনাৰ এডাম জাম্পা । জাম্পাই ১৬ টা উইকেট লাভ কৰিছে । নিউজীলেণ্ডৰ মিচেল চেণ্টনাৰে ১৪ টা উইকেটৰ সৈতে দ্বিতীয় স্থানত আছে । দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জনছন আৰু পাকিস্তানৰ শ্বাহিন শ্বাহ আফ্ৰিদী ১৩ টা উইকেটৰ সৈতে তৃতীয় আৰু চতুৰ্থ স্থানত আছে । দক্ষিণ আফ্ৰিকাৰ গেৰাল্ড কোটজি ১২ টা উইকেটৰ সৈতে ৫ নম্বৰত আছে ।

সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন :

চলিত বিশ্বকাপত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেনসকলৰ ভিতৰত প্ৰথম স্থানত অষ্ট্ৰেলিয়াৰ অপেনাৰ বেটছমেন ডেভিদ ৱাৰ্ণাৰ আছে । এতিয়ালৈকে ৱাৰ্ণাৰে সৰ্বাধিক ১৯ টা ছিক্সাৰ কোবাইছে । ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা ১৭ টা ছিক্সাৰৰ সৈতে দ্বিতীয় স্থানত আছে । একে সময়তে, আফ্ৰিকাৰ বেটছমেন হেইনৰিখ ক্লাসেন ৩ নম্বৰত আছে ।

ক্লাসেনে চলিত বিশ্বকাপত ১৬ টা ছিক্সাৰ কোবাইছে । দক্ষিণ আফ্ৰিকাৰ উইকেটকিপাৰ বেটছমেন কুইন্টন ডি ককে ১৫ টা ছিক্সাৰৰ সৈতে চতুৰ্থ স্থানত আছে । শ্ৰীলংকাৰ কুশল মেণ্ডিছে ১৪ টা ছিক্সাৰৰ সৈতে ৫ নম্বৰত আছে ।

লগতে পঢ়ক :World Cup 2023 : আজি ভাৰত বনাম ইংলেণ্ড, অধিনায়ক হিচাপে ৰোহিতৰ ১০০ সংখ্যক মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.