ETV Bharat / sports

Cricket World Cup 2023 : আফগানিস্তানৰ বিৰুদ্ধে 149 ৰাণত বৃহৎ জয় কিৱি বাহিনীৰ - Cricket World Cup 2023 AFG vs NZ Update

আফগানিস্তানক 149 ৰাণত পৰাস্ত কৰে নিউজীলেণ্ডে ৷ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল আফগানিস্তানে ৷

Cricket World Cup 2023
নিউজীলেণ্ডৰ মুখামুখি আফগানিস্তান
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:55 PM IST

Updated : Oct 18, 2023, 9:26 PM IST

স্পৰ্টছ ডেস্ক, 18 অক্টোবৰ : চেন্নাইৰ এম এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হোৱা চলিত বিশ্বকাপৰ ষষ্ঠদশ মেচখনত আফগানিস্তানক 149 ৰাণত পৰাস্ত কৰে নিউজীলেণ্ডে ৷ 289 ৰাণৰ বিজয় লক্ষ্য আগত লৈ আফগানিস্তানে 34.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 139 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ নিউজীলেণ্ডৰ তীক্ষ্ণ বলিঙ আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 34.4 অভাৰতে স্তব্ধ হয় আফগানিস্তান ৷

দলটোৰ হৈ ৰহমত শ্বাহে সাৰ্বাধিক 36 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ আজমতুল্লাহ ওমৰাজাই 27 সংগ্ৰহ কৰি ট্ৰেণ্ট বল্টৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ দলটোৰ বাকী সকল বেটছমেন কিৱি বাহিনীৰ বলিং আক্ৰণত তিষ্ঠিব নোৱাৰি এজন এজনকৈ পেভিলিয়নমুখী হয় ৷ ফলত 139 ৰাণতে গতি ৰূদ্ধ হয় আফগানিস্তানৰ ৷

নিউজীলেণ্ডৰ হৈ মিচেল ছেণ্টনাৰ আৰু লকি ফাৰ্গুচনে সাৰ্বাধিক 3 টাকৈ উইকেট দখল কৰে ৷ ট্ৰেণ্ট বল্টে 2টা আৰু মেট হেনৰীয়ে 1টা উইকেট দখল কৰে ৷ গ্লেন ফিলিপছ মেন অব দ্য মেচ হিচাবে বিবেচিত হয় ৷

আফগানিস্তানৰ অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীয়ে টছত জয়লাভ কৰি নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৷ নতুন দিল্লীত অনুষ্ঠিত হোৱা অন্তিমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰা আফগানিস্তানে একেটা প্লেয়িং একাদশ লৈ খেলপথাৰত নামিছিল ৷

প্ৰথমে বিটিঙৰ আমন্ত্ৰণ লাভ কৰি নিজৰ ইনিংছ আৰম্ভ কৰি নিউজীলেণ্ডে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 288 ৰাণ সংগ্ৰহ কৰে ৷ মুজীব উৰ ৰহমানৰ হাতত 20 ৰাণত ডেভন কনৱেৰ উইকেট পতন ঘটাৰ পাছত ৰাছীন ৰবীন্দ্ৰ আৰু উইল ইয়ঙে যুটী বান্ধি দলক আগবঢ়াই নিয়ে যদিও 54 ৰাণ কৰি উইল ইয়ং আউট হয় ৷ তাৰ পিচতে ৰাচিন ৰবীন্দ্ৰও 32 ৰাণ কৰি পেভেলিয়নমুখী হয় ৷ গ্লেন ফিলিপছে সাৰ্বাধিক 71 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে টম লাথামে 68 ৰাণ সংগ্ৰহ কৰি দলটোক সংকটৰ পৰা উদ্ধাৰ কৰে ৷ মাৰ্ক চেপমেনে 25 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷

আফগানিস্তানৰ হৈ নবীন-উল-হক আৰু আজমতুল্লাহ ওমৰাজাই 2টাকৈ উইকেট দখল কৰে ৷ ৰছিদ খান আৰু মুজীব উৰ ৰহমানে দখল কৰে 1টাকৈ উইকেট ৷

লগতে পঢ়ক : ICC cricket Wold Cup: আই চি চিৰ ওচৰত পাক ক্ৰিকেট ব’ৰ্ডে তৰিলে অভিযোগ

বুধবাৰৰ খেলৰ বাবে নিউজীলেণ্ডৰ মূল একাদশ-

ডেভন কনৱে, উইল ইয়ং, ৰাচিন ৰবীন্দ্ৰ, ডেৰেল মিচেল, টম লাথাম (অধিনায়ক/উইকেটকীপাৰ), গ্লেন ফিলিপছ, মাৰ্ক চেপমেন, মিচেল ছেণ্টনাৰ, মেট হেনৰী, লকি ফাৰ্গুচন, ট্ৰেণ্ট বল্ট ৷

আফগানিস্তানৰ মূল একাদশ-

ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদ্ৰান, ৰহমত শ্বাহ, হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), আজমতুল্লাহ ওমৰাজা, ইক্ৰাম আলিখিল (উইকেটকীপাৰ), মহম্মদ নবী, ৰছিদ খান, মুজীব উৰ ৰহমান, নবীন-উল-হক, ফজলহাক ফাৰুকী ৷

উল্লেখ্য যে, ইযাৰ পূৰ্বে অন্তিমখন খেলত আফগানিস্তানে অঘটন ঘটাই ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰিছিল ৷ ইফালে বৃহস্পতিবাৰে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছচিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু বাংলাদেশৰ মেচ ৷

লগতে পঢ়ক : ICC World Cup 2023: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 38 ৰাণত জয়ী নেদাৰলেণ্ড

Last Updated : Oct 18, 2023, 9:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.