ETV Bharat / sports

ভাৰতীয় দলৰ বিশ্বকাপৰ এক ক'লা অধ্যায় - বিশ্বকাপ

দুবাৰকৈ বিশ্বকাপৰ চেম্পিয়ন হোৱা ভাৰতীয় ক্ৰিকেটৰ দলৰ বিশ্বকাপত আছে এক ক'লা অধ্যায় ৷ য’ত শোচনীয় পৰাজয়ৰে কটু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় ক্ৰিকেট দলটো ৷

ভাৰতীয় দলৰ বিশ্বকাপৰ এক কলা অধ্যায়
author img

By

Published : May 31, 2019, 5:24 PM IST

স্পৰ্টছ ডেস্ক, 31মে’ : অপেক্ষাৰ অন্ত পেলাই ইংলেণ্ডত আৰম্ভ হৈছে আই চি চিৰ দ্বাদশ সংখ্যক এদিনীয়া বিশ্বকাপ ৷ বিশ্বৰ আগশাৰীৰ 10 টা প্ৰতিদ্বন্দিতা দলে আগবঢ়াইছে এইবাৰৰ বিশ্বকাপত ৷ ইতিমধ্যে হট ফেভাৰিট দলৰ মাজত আছে বিৰাট নেতৃত্বাধীন ব্লু বাহিনী ৷

etvbharat
ভাৰতীয় দলৰ বিশ্বকাপৰ এক কলা অধ্যায়

উল্লেখ্য যে, দুবাৰকৈ বিশ্বকাপ চেম্পিয়ন ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি 1983 চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতে কপিল দেৱৰ নেতৃত্বত বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে 2011 চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে ভাৰতে জয় কৰিছিল বিশ্বকাপৰ খিতাপ ৷ কিন্তু এই দুই মধুৰ স্মৃতিৰ মাজতে এটা সময় আছে যিটো কোনো ক্ৰিকেটপ্ৰেমীয়ে অৱলোকন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে ৷

etv bharat
ভাৰতীয় দলৰ বিশ্বকাপৰ এক কলা অধ্যায়

2007 বিশ্বকাপঃ 2007 বিশ্বকাপ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এক ক'লা অধ্যায় ৷ ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতীয় দলটোৱে গ্ৰুপ ষ্টেজতেই পৰাজয়বৰণ কৰি টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈছিল ৷ ভাৰতীয় দলটোৱে বাংলাদেশ আৰু শ্ৰী লংকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল ৷ বাংলাদেশৰ হাতত 5 উইকেটত পৰাস্ত হোৱাৰ বিপৰীতে 69 ৰানত পৰাস্ত হৈছিল শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰত ৷

ইয়াৰ পাচতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বহু ঠাইত এই পৰাজয়ৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে খেলুৱৈ সকলৰ জীৱনলৈ আহিছিল ভাবুকি ৷ বহু ঠাইত খেলুৱৈৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ক্ৰিকেট অনুৰাগীয়ে ৷ পৰিস্থিতি ইমানে গম্ভীৰ হৈ পৰিছিল যে, খেলুৱৈৰ সুৰক্ষা বৃদ্ধি কৰা হৈছিল ৷ ধোনীয়ে এই ক্ষেত্ৰত অনুভৱ ব্যক্ত কৰি কৈছিল যে,সেই সময়ত তেওঁ নিজকে এজন সন্ত্ৰাসবাদীৰ দৰে অনুভৱ হৈছিল বুলি মন্তব্য কৰিছিল ৷ কাৰণ বিমানবন্দৰত পুলিচৰ এখন গাড়ীত ধোনীক লৈ অনা হৈছিল স্ব-গৃহলৈ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.