ETV Bharat / sports

ভাৰতক পৰাস্ত কৰা দলে বিশ্বকাপ জয় কৰিব পাৰিব !

বিশ্বকাপ চলি থকাৰ মাজতেই ইংলেণ্ডৰ এজন প্ৰাক্তন অধিনায়কৰ প্ৰতিক্ৰিয়া ৷ ক’লে ভাৰতক যিটো দলে পৰাস্ত কৰিব পাৰিব সেই দলেই জয় লাভ কৰিব পাৰিব বিশ্বকাপ ৷

author img

By

Published : Jun 28, 2019, 7:13 PM IST

ভাৰতক পৰাস্ত কৰা দলে বিশ্বকাপ জয় কৰিব !

স্পৰ্টছ ডেস্ক, 28 জুনঃ ইংলেণ্ড এণ্ড ৱেলছত চলি থকা 2019 ক্ৰিকেট বিশ্বকাপত বৰ্তমানলৈকে অপ্ৰতিৰোধ্য হৈ আছে বিৰাট নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটো ৷ এই সন্দৰ্ভতে বৃহস্পতিবাৰে টুইটাৰ যোগে টুইট কৰিলে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ৷

ETV
মাইকেল ভন টুইট
ভনে ক’লে,‘‘এইটো কথাত ৰৈ আছে..যিটো দলে ভাৰতক পৰাস্ত কৰিব পাৰিব সেই দলেই বিশ্বকাপৰ খিতাপ জয় কৰিব ৷’’ ভাৰতে বৰ্তমানলৈকে লীগ মেচৰ 6 খন মেচৰ 5 খনত জয় লাভ কৰি মুঠ 11 পইণ্টেৰে পইণ্টছ টেবুলৰ দ্বিতীয় স্থানত উপনীত হৈছে ৷
etv
শিখৰ ধাৱন টুইট

ইয়াৰ পাচতেই শিখৰ ধাৱনে ভাৰতীয় দলটোক প্ৰদৰ্শনৰ স্তৰ এনেদৰে উচ্চ কৰি যাবলৈ কয় শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে ৰাইনায়েও টুইট কৰি কয়, এটা সফল দল হ’বলৈ এটাই আনটোক সহায় কৰাৰ প্ৰয়োজন ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে 30 ৰান কমকৈ কৰিবলৈ সক্ষম হৈছে বুলি অনুমান হৈছিল যদিও ভাৰতীয় বলাৰে দায়িত্ব সহকাৰে সুন্দৰ প্ৰদৰ্শন কৰি জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে বুলি উল্লেখ কৰি যুজৱেন্দ্ৰ চাহাল,জছপ্ৰীত বুমৰাহ আৰু মহম্মদ শ্বামীক প্ৰশংসা কৰে ৷

etv
সুৰেশ ৰাইনা টুইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.